ETV Bharat / state

জুবিনৰ মৃত্যুৰ তদন্তত যাতে ৰাজনৈতিক গোন্ধ নালাগে, মম লৈ সমদল

ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যু হোৱা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সাংসদ, বিধায়কৰ নেতৃত্বত বৰপেটাত কংগ্ৰেছৰ মম লৈ সমদল ।

zubeen garg death congress mla mp lead a candle march in barpeta
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সমদল (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 6, 2025 at 11:26 AM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ আৰু বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ নেতৃত্বত বৰপেটা জিলা কংগ্ৰেছে হাতে হাতে মম লৈ বৰপেটা চহৰত এক সমদল উলিয়াই জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰে । কেবাশ কংগ্ৰেছ কৰ্মীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বৰপেটা চহৰৰ ৰাজপথসমূহ পৰিভ্ৰমণ কৰে ।

কংগ্ৰেছৰ এই সমদলত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ মন্তব্য, “জুবিন গাৰ্গৰ দৰে আমাৰো চিধা কথা- জুবিন গাৰ্গৰ হত্যাৰ সৈতে কোন কোন জড়িত আৰু কাৰ পৰিকল্পনা আছিল তেওঁলোকক অতি কম সময়ৰ ভিতৰতে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে ।’’

সাংসদ, বিধায়কৰ ভাষ্য (ETV Bharat Assam)

শিকদাৰে কয়, ‘‘জুবিন হত্যাকাৰীক এনে শাস্তি প্ৰদান কৰক যি শাস্তি পূৰ্বে কাকোৱেই প্ৰদান কৰা হোৱা নাই । চি আই ডিৰ কাৰ্যালয়ত ৭/৮ ঘণ্টা জেলা চলালেই আমি ক্ষান্ত নহও, আমাক সিদ্ধান্ত লাগে । দোষী কোন এই কথা লাগে । কোনে মাৰিলে, কোনে কোনে ষড়যন্ত্র ৰচিলে সেই কথা এটা এটাকৈ অসমবাসীক জনাব লাগে । হিমন্ত বিশ্ব শৰ্মাই এই কথাবোৰ বুজিব লাগে ।’’

zubeen garg death congress mla mp lead a candle march in barpeta
ন্যায় বিচাৰি সমদল (Photo : ETV Bharat Assam)

তেওঁ আৰু কয়, ‘‘জুবিন গাৰ্গৰ হত্যাকাৰীবোৰক বিচাৰি উলিয়াব লাগে । তাৰবাবে দিনে নিশাই ২৪ ঘন্টা কাম কৰক । এই ক্ষেত্ৰত যাতে কোন খেলিমেলি নহয় । কিবা খেলিমেলি হলে অসমৰ ৰাইজৰ পৰা এই ৰাজ্য চৰকাৰখন বাচি থাকিব নোৱাৰে ।”

zubeen garg death congress mla mp lead a candle march in barpeta
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সমদল (Photo : ETV Bharat Assam)

ইপিনে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ মুখ্যমন্ত্ৰী লৈ আহ্বান, “জুবিন গাৰ্গৰ ইচ্ছা যে জাতি-ধৰ্ম-বৰ্ণ সকলোৱে একগোট হৈ থাকিব লাগে ৷ জুবিনৰ হত্যাত কেৱল দুজন ব্যক্তিৰ হাত নাই, কোন কোন জড়িত আছে উলিয়াব লাগে ৷ এই ঘটনাই যাতে ৰাজনৈতিক গোন্ধ যাতে নাপায় ৷ মুখ্যমন্ত্ৰীৰ অসংলগ্ন কথা, আমি কথা ক’লে তেওঁ আনফালে লৈ যায়, আমি মুখ বন্ধ কৰি সূক্ষ্মভাৱে চাই আছো ৷’’

zubeen garg death congress mla mp lead a candle march in barpeta
বৰপেটাত কংগ্ৰেছৰ মম লৈ সমদল (Photo : ETV Bharat Assam)

ৰকিবুল হুছেইন আৰু কয়, ‘‘তেওঁৰ বহুত কথাত মানুহ সন্দিহান হৈছে ৷ মোৰ ব্যক্তিগত কথা-এই মুখ্যমন্ত্ৰী থকালৈকে যে উচিত বিচাৰ হ’ব সেই কথা মোৰ মনে নধৰে ৷ বহুতেই সামাজিক মাধ্যমত কৈছে ৷ মুখ্যমন্ত্ৰীৰ আজিৰ কথাৰ লগত কালিৰ মিল নাই, কালিৰ কথাৰ লগত পৰহিৰ মিল নাই ৷”

লগতে পঢ়ক : বিহ দিয়া বুলি শেখৰে যদি জানিছিলেই ইমানদিন কিয় লুকুৱাই ৰাখিছিল ? প্ৰশ্ন গৰিমাৰ