ETV Bharat / state

শ্যামকানু মহন্তক কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা বহিষ্কাৰ

ভৱিষ্যতে কাজিৰঙা বিশ্ববিদ্যালয়ত শ্যামকানু মহন্তক দেখিলেই ব্যৱস্থা ল'ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

Shyamkanu Mahanta member of Assam Kaziranga University
শ্যামকানু মহন্তক কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা বহিষ্কাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 9, 2025 at 7:53 AM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত হৈছে শ্যামকানু মহন্ত । যাক ইতিমধ্যে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছে । জুবিন গাৰ্গৰ মৃত্যুৰে শ্যামকানু মহন্তৰ নাম সাঙোৰ খোৱাৰ পিছতে চৰকাৰে তেওঁৰ সৈতে জড়িত সকলো উৎসৱ বা অনুষ্ঠানক নিষিদ্ধ ঘোষণা কৰিছে । কিন্তু তাৰ মাজতে চৰ্চালৈ আহিছে যোৰহাট মহবন্ধাস্থিত অসমৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান কাজিৰঙা বিশ্ববিদ্যালয় । কাৰণ ২০১২ চনৰ পৰাই কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য হৈ আছিল বিতৰ্কিত শ্যামকানু মহন্ত ।

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অন্যতম অভিযুক্ত এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰে জড়িত হৈ থকা বিষয়টো পোহৰলৈ অহাৰ লগে লগে সৰ্বত্ৰে সমালোচনাৰ পাত্ৰ হৈ পৰিছে বিশ্ববিদ্যালয়খন । এনে পৰিস্থিতিত সমগ্ৰ বিষয়টো জানিবলৈ বিশ্ববিদ্যালয়খনত বুধবাৰে উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সজাতি দল । তাৰ পিছতে কাজিৰঙা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰিচালনা সমিতিৰ পৰা শ্যামকানু মহন্তক ৰাজহুৱাভাৱে বহিষ্কাৰ কৰাৰ কথা স্পষ্ট কৰে ।

শ্যামকানু মহন্তক কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা বহিষ্কাৰ (ETV Bharat)

এই সন্দৰ্ভত কাজিৰঙা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই কয় যে কাজিৰঙা বিশ্ববিদ্যালয়ৰ আৰম্ভণিৰ পৰাই শ্যামকানু মহন্ত আই টি বিশেষজ্ঞ হিচাপে পৰিচালনা সমিতিত আছিল । কিন্তু সম্পূৰ্ণৰূপে তেওঁ সক্ৰিয় নাছিল । তেওঁ দুবাৰহে বিশ্ববিদ্যালয়লখনলৈ আহিছিল ।

সেয়েহে কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিয়ে এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এক সিদ্ধান্ত গ্ৰহণ কৰে যে শ্যামকানু মহন্তক পৰিচালনা সমিতিৰ পৰা আঁতৰাব লাগে । সেয়েহে তেওঁক সমিতিৰ পৰা আঁতৰোৱা হয় । উপাচাৰ্যই উল্লেখ কৰা মতে বিশ্ববিদ্যালয়ৰ লগত এতিয়াৰে পৰা শ্যামকানু মহন্তৰ কোনো সম্পৰ্ক নাই ।

Shyamkanu Mahanta expelled from Governing Body of Assam Kaziranga University
কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা বহিষ্কাৰ শ্যামকানু মহন্তক (ETV Bharat)

ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা শিৱ কলিতাই সংবাদ মাধ্যমক কয়, "শ্যামকানু মহন্ত বৰ্তমান ফেষ্টিভেল মহন্ত হিচাপে স্বীকৃতি লাভ কৰিছে, অসমৰ জাতীয় সম্পদৰ মৃত্যুৰ ঘটনাৰ অভিযুক্ত এইগৰাকী । এই সম্ভ্ৰান্ত পৰিয়ালটো কাঠফুলাৰ দৰে ৰাজ্যৰ বিভিন্ন প্ৰতিষ্ঠানত খোপনি পুতিছিল । ইয়াৰ ব্যতিক্ৰম নহয় কাজিৰঙা বিশ্ববিদ্যালয়ো । কাৰণ আমাক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে জনাইছে বিশ্ববিদ্যালয়খনত তেওঁ সক্ৰিয় নথকাৰ বাবে এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে পৰিচালনা সমিতিৰ পৰা আঁতৰ কৰা হয় । এজন আইটি বিশেষজ্ঞ হিচাপে সতীৰ্থৰ পৰামৰ্শ মতে তেওঁক পৰিচালনা সমিতিত নিযুক্তি দিয়া হৈছিল । ২০১২ চন পৰাই পৰিচালনা সমিতিৰ সদস্য আছিল । ২০১৯ চনৰ পৰাই তেওঁ বিশ্ববিদ্যালয় পৰিচালনা সমিতিত সক্ৰিয় নাছিল ।"

Shyamkanu Mahanta expelled from Governing Body of Assam Kaziranga University
কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা বহিষ্কাৰ শ্যামকানু মহন্তক (ETV Bharat)

শিৱ কলিতাই লগতে কয়, "বহু শিক্ষিত আৰু গুণী জ্ঞানী লোক থকাৰ পিছতো শ্যামকানু মহন্তৰ দৰে লোকক বিশ্ববিদ্যালয় এখনৰ পৰিচালনা সমিতিত লোৱা বিষয়টো আশ্চৰ্যজনক । আমি পুনৰবাৰ শ্যামকানু মহন্তক পৰিচালনা সমিতি বা ইয়ালৈ অহা গম পাও তেনেহ'লে কাজিৰঙা বিশ্ববিদ্যালয়ৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম ।"

লগতে পঢ়ক :গোসাঁই সমাজৰ পৰা শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তৰ সৈতে পৰিয়ালক বৰ্জন