জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ অসম বিধানসভাৰ সৰ্বদলীয় তদন্ত সমিতি বিচাৰিলে বিৰোধীয়ে
অসমৰ সাংস্কৃতিক যুগনায়ক জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ বিধানসভাত সর্বদলীয় তদন্ত সমিতি গঠনৰ দাবী বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ ।

Published : October 13, 2025 at 11:05 PM IST
গুৱাহাটী : জুবিন গাৰ্গৰ অকাল মৃ্ত্যুৰ ঘটনাই অসমবাসীৰ মনত বহুতো প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ এই প্ৰশ্নৰ উত্তৰ আৰু সমাধানৰ বাবে বিধানসভাৰ তাৎক্ষণিক হস্তক্ষেপ আৰু আইনগত পদক্ষেপৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই ৷
পত্ৰখনত দেৱব্ৰত শইকীয়াই উল্লেখ কৰিছে, “জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যু সম্পৰ্কে চৰকাৰৰ পৰা প্ৰকৃত সত্য বিচাৰি সমগ্র অসমবাসীয়ে #Justice_For_Zubeen ধ্বনিৰে আকাশ বতাহ উত্তাল কৰি তুলিছে । তেখেতৰ সমাধিস্থলীতো প্রতিদিনে হাজাৰ হাজাৰ মানুহ সমৱেত হৈ জুবিনৰ মৃত্যুৰ ন্যায় প্ৰদানৰ ব্যৱস্থা ক্ষিপ্ৰতৰ কৰি তুলিবলৈ আহ্বান জনাই আছে তথা আমাৰ বিধানসভাৰ দায়বদ্ধতাকো সোঁৱৰাই আছে ।”
পত্ৰখনত কোৱা হৈছে যে - জুবিন গাৰ্গক শ্যামকানু মহন্তৰ উদ্যোগত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰলৈ লৈ যোৱা হৈছিল । এই অনুষ্ঠানৰ আয়োজক আছিল ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰ । যাৰ মূল উদ্দেশ্য আছিল ভাৰত আৰু ছিংগাপুৰৰ মাজত ৬০ বছৰীয়া দ্বিপাক্ষিক মিত্রতা আৰু বন্ধুত্ব উদযাপন কৰা ।

“এই অনুষ্ঠানৰ বাবে ভাৰতৰ বৈদেশিক মন্ত্রণালয়ে ছিংগাপুৰস্থিত উচ্চ আযুক্ত কার্যালয়ৰ জৰিয়তে নিজকে অনুষ্ঠানৰ মুখ্য উদ্যোক্তা হিচাপে উপস্থাপন কৰিছিল আৰু ছিংগাপুৰৰ চৰকাৰে অনুষ্ঠানত সক্রিয় সহযোগিতা আগবঢ়াইছিল । লগতে অসমৰ পৰা নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ শ্রী পবিত্র মাৰ্ঘেৰিটা ডাঙৰীয়াই এই অনুষ্ঠানত বৈদেশিক বিভাগৰ মন্ত্রী হিচাপে সম্বোধন কৰাৰ কথা আছিল । এই তথ্য নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ অনুষ্ঠানৰ উদ্যোক্তা শ্যামকানু মহন্ত ডাঙৰীয়াই সংবাদ মেলৰ জৰিয়তে অসমবাসীক অৱগত কৰিছিল ।” দেৱব্ৰত শইকীয়াই বিধানসভাৰ অধ্যক্ষগৰাকীক কয় ৷

জুবিন গাৰ্গৰ বহিঃৰাষ্ট্ৰত ৰহস্যজনক পৰিস্থিতিত ঘটা মৃত্যুক কোনো অসমীয়াই সাধাৰণভাৱে ল'ব পৰা নাই বুলি উল্লেখ কৰি বিৰোধীৰ দলপতিগৰাকীয়ে কয় অসমবাসীৰ মন ভাৰাক্ৰান্ত কৰি ৰখা কেইবাটিও বিষয় :
- মৃত্যুৰ চৰকাৰী বিৱৰণত বিসংগতি
- অসমৰ স্বাৰ্থৰক্ষাৰ্থে বিভিন্ন সংবেদনশীল বিষয়ত জুবিন গাৰ্গৰ স্পষ্টবাদী ভূমিকাক লক্ষ্য ৰাখি এক ষড়যন্ত্ৰৰ সম্ভাৱ্যতা
- বহিঃৰাষ্ট্ৰত জুবিন গাৰ্গক প্রয়োজনীয় নিৰাপত্তাৰক্ষী প্রদানত অনীহা
- জুবিন গাৰ্গৰ ভগ্ন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজনীয় ব্যক্তিগত চিকিৎসা দল প্রদানত অনীহা
- পৰিয়াল আৰু ৰাইজৰ সৈতে তথ্য প্ৰচাৰত স্বচ্ছতাৰ অভাৱ
- ছিংগাপুৰ চৰকাৰৰ তদন্ত প্ৰক্ৰিয়া
উল্লেখযোগ্য যে, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৯৪ অনুসৰি অসম বিধানসভাৰ জনস্বার্থৰ গুৰুত্বপূর্ণ বিষয়ত হাউচ কমিটী গঠনৰ ক্ষমতা আছে । এজন জনপ্রিয় সাংস্কৃতিক ব্যক্তিৰ সন্দেহজনক আকস্মিক মৃত্যু আৰু ষড়যন্ত্ৰৰ সন্দেহে এই বিষয়টো বিধানসভাৰ তদন্তৰ বাবে উপযুক্ত হিচাপে তুলি ধৰিছে । ইয়াৰ আগতেও ৰাজ্যিক বিধানসভাই জনস্বাৰ্থৰ বিষয়ত বিশেষ হাউচ কমিটী গঠনৰ দৃষ্টান্ত আছে ।
তাৰ ভিত্তিতে অসম বিধানসভাৰ সকলো ৰাজনৈতিক দলৰ সদস্য অন্তর্ভুক্ত কৰি এখন হাউচ কমিটী গঠন কৰিবলৈ শইকীয়াই বিধানসভাৰ অধ্যক্ষক অনুৰোধ জনাইছে ।
- গঠন
হাউচ কমিটীত বিধানসভাত স্বীকৃতিপ্রাপ্ত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি অন্তৰ্গত, যাতে তদন্ত যিকোনো দলীয় প্ৰভাৱৰ পৰা মুক্ত থাকে ।
- ক্ষমতা
সাক্ষীক চমন জাৰি কৰা, নথি-পত্ৰ পৰীক্ষা কৰা, ছিংগাপুৰ চৰকাৰৰ সৈতে সমন্বয় স্থাপন কৰা আৰু ঘটনা সম্পর্কীয় সকলো তথ্য প্ৰাপ্তিৰ অধিকাৰ ।
- কাৰ্যক্ষেত্ৰ
মৃত্যুৰ পৰিস্থিতি, চৰকাৰী তদন্তৰ পৰীক্ষা আৰু ন্যায় প্ৰদানৰ বাবে পৰামৰ্শ দিয়া ।
- সময়সীমা
নির্দিষ্ট সময়ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ বাধ্যবাধকতা, যাতে সঠিক আৰু সোনকালে তদন্তৰ নিষ্পত্তিকৰণ সম্ভৱপৰ হ য়।
হাউচ কমিটীখন অনতিপলমে গঠন কৰা প্ৰসংগত দেৱব্ৰত শইকীয়াই উল্লেখ কৰিছে এইদৰে, “জনসাধাৰণৰ গভীৰ উদ্বেগ আৰু জুবিন গাৰ্গৰ সামগ্রিক গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, মই অনুৰোধ জনাইছো যে অসম বিধানসভাৰ সকলো ৰাজনৈতিক দলৰ সদস্যক লৈ এই হাউচ কমিটীখন অনতিপলমে গঠন কৰা হওক । অসমবাসীয়ে আৰু জুবিন গাৰ্গৰ পৰিয়ালে আজি উত্তৰ আৰু ন্যায় বিচাৰিছে । আজি এনে এক সন্ধিক্ষণত অসম বিধানসভাই ৰাইজৰ এই আহ্বানক স্বীকাৰ কৰি জুবিন গাৰ্গক ন্যায় দিবলৈ সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব । সেয়েহে, এই বিষয়টো অগ্ৰাধিকাৰৰ ভিত্তিত বিবেচনা কৰি অসম বিধানসভাৰ সকলো ৰাজনৈতিক দলৰ সদস্যৰে সৈতে প্ৰস্তাৱিত হাউচ কমিটি গঠন কৰা হওক ।”

