জুবিন যুগৰ যৱনিকা ! শ্যামকানু-সিদ্ধাৰ্থৰ তদন্তৰ ভাৰ চি আই ডিলৈ; তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা
জুবিনৰ মৃত্যুৰ তদন্ত কৰিব চি আই ডিয়ে ৷ শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হ’ব অসম আৰক্ষীৰ চি আই ডি তদন্ত ।

Published : September 20, 2025 at 2:40 PM IST
গুৱাহাটী : যৱনিকা পৰিল জুবিন যুগৰ । অকালতে আঁতৰি গ'ল এটা আপোচবিহীন সত্তা । যাৰ বাবে আজি জুবিন গাৰ্গৰ বাবে উচুপিছে, হিয়া ঢাকুৰি কান্দিছে সমগ্ৰ জাতিয়ে । সেই জুবিন গাৰ্গ এতিয়া ছিংগাপুৰৰ পৰা অকাল মৃত্যুক সাবটি কফিনত উভতিব দেওবাৰৰ পুৱা ।
কিন্তু কাৰোবাৰ অৱহেলাৰ বাবে সাগৰৰ বুকুত মৃত্যুক সাবটিবলগীয়া হ’ল নেকি জুবিন গাৰ্গে ? কাৰ অমনোযোগিতাৰ বাবে ঘটিল এই ঘটনা ? জুবিন গাৰ্গৰ মৃত্যুৰ বাবে অনুৰাগীসকলে জগৰীয়া কৰিছে ছিংগাপুৰলৈ লৈ যোৱা নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তক । লগতে সমালোচনাৰ সন্মুখীন হৈছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাও ।
জুবিনৰ গুণমুগ্ধসকলে মানি ল’ব পৰা নাই এই মৃত্যু । বহুতেই ৰহস্যৰো গোন্ধ পাইছে এই অকাল মৃত্যুত ৷ দাবী কৰিছে উচ্চ পৰ্যায়ৰ উচিত তদন্তৰ ।
Multiple FIRs have been filed against Shri Syamkanu Mahanta and Shri Sidharth Sarma in connection with the unfortunate and untimely demise of our beloved Zubeen Garg. I have directed the @DGPAssamPolice to transfer all the FIRs to the CID and to register a consolidated case for a…
— Himanta Biswa Sarma (@himantabiswa) September 20, 2025
শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হ’ব অসম আৰক্ষীৰ চি আই ডি তদন্ত । দুয়োৰে বিৰুদ্ধে চি আই ডি তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সামাজিক মাধ্যম X-ত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে, “আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু অকাল মৃত্যুক লৈ শ্ৰীশ্যামকানু মহন্ত আৰু শ্ৰীসিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এফ আই আৰ দাখিল কৰা হৈছে । মই অসম আৰক্ষীৰ ডি জি পিক নিৰ্দেশ দিছোঁ যে সকলো এফ আই আৰ চি আই ডিলৈ হস্তান্তৰ কৰি এটা সমন্বিত গোচৰ পঞ্জীয়ন কৰি পুংখানুপুংখ তদন্ত কৰিব লাগে ।”
মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰিছে যে নৰ্থ-ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে চি আই ডি তদন্ত হ'ব । এওঁলোক দুজনক জেৰা কৰিলে কি পৰিস্থিতিত জুবিন ছিংগাপুৰ যাব লগা হ'ল সেয়া জনা যাব । শুকুৰবাৰে ছিংগাপুৰ ষ্ট্ৰেটত যিখন য়াটৰ পৰা স্থানীয় সময় এক-ডেৰ বজাত ঘটনাটো ঘটিছিল তাত জুবিন আৰু তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থৰ বাহিৰেও এইকেইজন প্ৰবাসী অসমীয়া আছিল । তেওঁলোক হৈছে দেৱজিত হাজৰিকা, সিদ্ধাৰ্থ বৰা, অভিমন্যু তালুকদাৰ, ৰিপকমল শইকীয়া, ৱাজিদ আহমেদ, পৰীক্ষিত শৰ্মা আৰু কেইজনমান ছাত্ৰ । এওঁলোকৰ নিমন্ত্ৰণক্ৰমে জুবিনে মেনেজাৰক লৈ য়াট পাৰ্টীটোলৈ গৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এওঁলোকক জেৰা কৰিলে কি পৰিস্থিতিত কিয় ঘটনাটো ঘটিবলৈ পালে তাক জানিব পৰা যাব ।
ছিংগাপুৰত অসমৰ এগৰাকী ব্যৱসায়ী শ্যামকানু মহন্তই নৰ্থ-ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিল ৷ তালৈকে আয়োজকে জুবিন গাৰ্গক আমন্ত্ৰণ কৰি নিছিল । কিন্তু মাতি নিয়াৰ পিছত আয়োজক শ্যামকানু মহন্তই খবৰ নৰখাৰ অভিযোগ উঠিছে ৷ লগতে মহন্তই কেৱল ব্যৱসায়িক মুনাফাৰ বাবে জুবিন গাৰ্গক ব্যৱহাৰ কৰাৰ অভিযোগ ৰাজ্যজুৰি উত্থাপিত হৈছে ।
আনকি অসমৰ মৰিগাঁও, গোলাঘাট আদিত শ্যামকানু মহন্তৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি গোচৰ ৰুজু কৰা হৈছে । লগতে, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও কেইবা ঠাইতো গোচৰ ৰুজু হৈছে ৷ এককথাত দুয়োজনৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ উদ্গীৰণ ঘটিছে ৷ যাৰ পৰিপেক্ষিতত অসম পুলিচে দুয়োজনৰ বিৰুদ্ধে চি আই ডি তদন্ত ঘোষণা কৰিছে ।
The Government of Assam expresses deep shock and sorrow at the passing of Shri Zubeen Garg, eminent singer, filmmaker and cultural icon.
— Chief Secretary, Assam (@CSAssam_) September 20, 2025
State mourning has been declared from 20th to 22nd September. During this period, there will be no official entertainment, dinners, or…
তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা
ইফালে জুবিন গাৰ্গৰ অকাল বিয়োগত ৰাজ্য চৰকাৰে ঘোষণা কৰিছে তিনিদিনীয়া ৰাজ্যিক শোক । ২০, ২১ আৰু ২২ ছেপ্টেম্বৰত অসম চৰকাৰে ঘোষণা কৰিছে ৰাজ্যিক শোক । অসম চৰকাৰৰ মুখ্য সচিবে অফিচিয়েল X হেণ্ডেলৰ জৰিয়তে এই ঘোষণা কৰিছে । এই তিনিদিনত স্থগিত থাকিব সকলো চৰকাৰী কাৰ্যসূচী । কোনো মনোৰঞ্জনমূলক অনুষ্ঠান তথা ৰাজহুৱা সভাও অনুষ্ঠিত নহয় । অৱশ্যে চিকিৎসা সম্পৰ্কীয় কাম-কাজবোৰ নিয়মীয়াভাৱে চলি থাকিব ।

