ETV Bharat / state

জুবিন গাৰ্গৰ মৃত্যু: উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চি বি আই তদন্তৰ দাবীত প্ৰধানমন্ত্ৰী মোদীলৈ অজাপৰ পত্ৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চি বি আই তদন্তৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ক তদন্তৰ নিৰীক্ষণ কৰিবলৈ আহ্বান অসম জাতীয় পৰিষদৰ ৷

ZUBEEN GARG DEATH
জনতাৰ শিল্পী, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 25, 2025 at 3:06 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: অসমীয়াৰ হিয়াৰ আমঠু, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চি বি আইৰ দ্বাৰা কৰোৱাৰ দাবী জনাই অসম জাতীয় পৰিষদে প্ৰধানমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ অসম জাতীয় পৰিষদক সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ স্বাক্ষৰ সম্বলিত এই পত্ৰখনত পৰিষদে জনতাৰ শিল্পীগৰাকীৰ হঠাৎ, অকাল আৰু ৰহস্যজনক মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৷ ৰাজনৈতিক প্ৰভাৱত তদন্ত স্থানীয় সংস্থাৰ হাতত গতাই দিলে ন্যায়ৰ পৰা বঞ্চিত হ’ব পাৰে বুলি আশংকা কৰি পৰিষদে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চি বি আই তদন্তৰ বাবে প্ৰধানমন্ত্ৰীক তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰাৰ বাবে আহ্বান জনায় ৷

পৰিষদে বিবৃতিত কয়, "জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ গুৰুতৰ অপৰাধমূলক গাফিলতি বা পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ বুলি তীব্ৰ সন্দেহ কৰাৰ বাবে মানুহে আন্দোলন কৰিছে, মাত মাতিছে, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ৷ এই ঘটনাৰ লগত বাৰে বাৰে নাম জড়িত হৈ থকা মূল অভিযুক্তজনৰ অসমৰ মাননীয় মুখ্যমন্ত্রী, অন্যান্য ৰাজ্যিক মন্ত্রী, ভাৰত চৰকাৰৰ মন্ত্রীকে ধৰি শীর্ষ ৰাজনৈতিক নেতৃত্বৰ সৈতে ঘনিষ্ঠ সম্পর্ক আছে ৷ উচ্চতম পদবীত থকাসকলকে ধৰি শীৰ্ষ আমোলা আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতেও তেওঁ ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখে ৷ মুখ্যমন্ত্ৰী, বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰী আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে মূল অভিযুক্তৰ ফটো ৰাজহুৱা ডমেইনত ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷ এই শক্তিশালী সংযোগৰ বাবেই আৰক্ষীয়ে ইচ্ছাকৃতভাৱে তেওঁক গ্ৰেপ্তাৰ কৰাত পলম কৰা বুলি বহুল সন্দেহ প্ৰকাশ পাইছে ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সৈতে তেওঁৰ ব্যৱসায়িক সম্পৰ্ক থাকিব পাৰে বুলিও চৰ্চা চলিছে, যাৰ ফলত চলি থকা তদন্তৰ নিৰপেক্ষতাক লৈ অধিক উদ্বেগ প্ৰকাশ পাইছে ৷"

ZUBEEN GARG DEATH
প্ৰধানমন্ত্ৰী মোদীলৈ অজাপৰ পত্ৰ (Etv Bharat Assam)

বিবৃতিত লগতে উল্লেখ কৰা হয়, "সমগ্ৰ অসমৰ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে কিয় এই আইনখন আখৰে আখৰে পালন কৰা হোৱা নাই ৷ সন্দেহজনক বা অস্বাভাৱিক মৃত্যুৰ যিকোনো ক্ষেত্ৰতে আইনী প্ৰক্ৰিয়াটো স্পষ্ট: প্ৰমাণ নষ্ট কৰাৰ লগতে সাক্ষীক প্ৰভাৱিত কৰাটো ৰোধ কৰিবলৈ অভিযুক্তক তৎক্ষণাত গ্ৰেপ্তাৰ কৰিব লাগিব ৷ তথাপিও এই কাণ্ডৰ কেইবাদিনো পিছতো কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু অভিযুক্তক আগতীয়াকৈ জামিন লাভ কৰিবলৈ সময় দিয়া যেন লাগে ৷ এই বিলম্বতাৰ ফলত জনসাধাৰণৰ সন্দেহ গভীৰ হৈ পৰিছে যে দোষীসকলক ৰক্ষা কৰাৰ প্ৰয়াস কৰা হৈছে ৷"

ZUBEEN GARG DEATH
প্ৰধানমন্ত্ৰী মোদীলৈ অজাপৰ পত্ৰ (Etv Bharat Assam)

"আন এক জটিলতা হ’ল ছিংগাপুৰত এই ঘটনা সংঘটিত হৈছে ৷ অসম আৰক্ষী বা ইয়াৰ চি আই ডি শাখাৰ তাত তদন্তৰ প্ৰত্যক্ষ অধিকাৰ নাই ৷ বিদেশৰ মাটিৰ যিকোনো তদন্তৰ বাবে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বহিঃৰাষ্ট্ৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব ৷ ইয়াৰ ফলত চলি থকা চি আই ডি তদন্তক অকাৰ্যকৰী কৰি তোলাই নহয়, অপ্ৰয়োজনীয়ভাৱে দীঘলীয়া আৰু জটিল হৈ পৰে ৷ ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থিত আৰু আন্তঃৰাষ্ট্ৰীয় সমন্বয়ৰে চলোৱা চি বি আইৰ তদন্ত এনে ক্ষেত্ৰত অধিক কাৰ্যক্ষম আৰু ব্যৱহাৰিক হ’ব ৷" বিবৃতিত লগতে কোৱা হয় ৷

ZUBEEN GARG DEATH
প্ৰধানমন্ত্ৰী মোদীলৈ অজাপৰ পত্ৰ (Etv Bharat Assam)

বিবৃতিত লগতে কোৱা হয়, "সেয়ে অসমৰ ৰাইজ আৰু বিশ্বজুৰি জুবিন গাৰ্গৰ প্ৰশংসকসকলে সমগ্ৰ বিষয়টোৰ ওপৰত চি বি আইৰ তদন্তৰ তীব্ৰ দাবী জনাইছে ৷ অৱশ্যে আমিও গুৰুত্বসহকাৰে ক’ব বিচাৰো যে কেৱল চি বি আইৰ নিৰপেক্ষতাৰ ওপৰত ৰাইজৰ সম্পূৰ্ণ বিশ্বাস নাই, কিয়নো মাননীয় উচ্চতম ন্যায়ালয়েও বিগত সময়ত উল্লেখ কৰিছে যে চি বি আই চৰকাৰৰ ‘পিঞ্জৰাবদ্ধ কপৌ’ৰ দৰে কাম কৰে ৷ এই কাৰণেই এই দাবী কেৱল চি বি আইৰ তদন্তৰ বাবে নহয়, বৰঞ্চ ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণ আৰু তত্বাৱধানত কৰা তদন্তৰ বাবে, যাতে স্বচ্ছ আৰু নিৰপেক্ষভাৱে ন্যায় নিশ্চিত হয় ।"

ইফালে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বুধবাৰে জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ তদন্ত কৰিবলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত চি বি আইৰ তদন্তৰ দাবী জনাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে আই পি এছ মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত SIT গঠন

জুবিনৰ মৃত্যু ৰহস্যক লৈ মুখ খুলিলে ড০ সঞ্জীৱ নাৰায়ণে

চিতাৰ জুই জ্বলি থাকোতেই জুবিনৰ মৃত্যুৰ তদন্ত আৰম্ভ চি আই ডিৰ; গ্ৰহণ কৰিলে বিভিন্নজনৰ ভাষ্য়