কি আছে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ শেষৰটো ভিডিঅ’ত ? অমৃতপ্ৰভাৰ মোবাইলৰ পৰা ডিলিট হোৱা ভিডিঅ’ উদ্ধাৰ !
চিআইডিৰ হাতত পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ৰেকৰ্ডিং কৰা শেষৰটো ভিডিঅ’ ।

Published : October 13, 2025 at 8:20 PM IST
গুৱাহাটী : ইতিমধ্যে সকলোৱে দেখিছে যে ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটা সময়ৰ পূৰ্বৰ টুকুৰা টুকুৰ ভিডিঅ’, যি সামাজিক মাধ্যমযোগে অজ্ঞাত লোকে আপলোড কৰিছিল । কিন্তু আপলোড নহ’ল জুবিন গাৰ্গৰ অন্তিম সময়ৰ ভিডিঅ’ । সেয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ২৫ দিনৰ পিছতো, এতিয়াও জনসাধাৰণ বিভ্ৰান্ত - আচলতে কি পৰিস্থিতিত মৃত্যু ঘটিছিল জুবিন গাৰ্গৰ ?
সেই কথা জানিব বিচাৰে অসমবাসীয়ে । ঘটনাৰ প্ৰকৃত কাৰণ জানিব বিচাৰে জুবিন গাৰ্গৰ অগণন গুণমুগ্ধই । তাৰ বাবে অসমবাসী আৰু আৰক্ষীৰ হাতত পৰিব লাগিব জুবিন গাৰ্গৰ অন্তিম সময়ৰ ভিডিঅ’টো ।
কিন্তু সেয়া এতিয়া ৰহস্যৰ আৱৰ্ত ৷ কি হ’ল অন্তিম সময়ৰ ভিডিঅ’ ? ক’ত আছে জুবিনৰ মৃত্যুৰ সময়ৰ ভিডিঅ’ ? এই কথাই নাটকীয় মোৰ গ্ৰহণ কৰিছে । অৱশ্যে দিল্লীৰ পৰীক্ষাগাৰৰ পৰা ভিছেৰা প্ৰতিবেদন অহাৰ পিছতে আত্মবিশ্বাসী হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
অমৃতপ্ৰভাৰ মোবাইলতে আছিল শেষ ভিডিঅ’ :
জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ যোৱা, জুবিনৰ মৃত্যুৰ সময়ত য়টখনত থকা অমৃতপ্ৰভাৰ ফোনৰ পৰা 'ডিলিট’ কৰা হৈছিল জুবিন গাৰ্গৰ অন্তিম সময়ৰ সেই ভিডিঅ’টো ৷
জুবিন গাৰ্গৰ অন্তিম সময়ৰ ভিডিঅ’ উদ্ধাৰ কৰিছে অসম আৰক্ষীৰ চিআইডিৰ আই টি বিশেষজ্ঞই । বিশেষ তদন্তকাৰী দলে (এছ আই টি) অমৃতপ্ৰভা মহন্তৰ মোবাইল ফোনৰ পৰা ডিলিট কৰা কেতবোৰ ভিডিঅ’ পুনৰুদ্ধাৰ কৰিছে বুলি অসম আৰক্ষীৰ এক নিৰ্ভৰযোগ্য সূত্ৰই সদৰী কৰিছে ।
এই ভিডিঅ’তেই জুবিন গাৰ্গৰ অকাল মৃত্যুৰ অন্তিম মুহূৰ্তৰ সম্পূৰ্ণ ফুটেজ আছে বুলি উল্লেখ কৰিছে অসম আৰক্ষীৰ এক নিৰ্ভৰযোগ্য সূত্ৰই । অৱশ্যে তদন্তৰ খাতিৰত এই বিষয়ত আৰক্ষীয়ে ৰাজহুৱাকৈ কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই ।
পূৰ্বতে ছ’চিয়েল মিডিয়াত সৰু সৰু ক্লিপৰ জৰিয়তে আংশিকভাৱেহে ছিংগাপুৰৰ সাগৰত কি হৈছিল সেই ভিডিঅ’ প্ৰচাৰ হৈছিল । জুবিন গাৰ্গৰ মৃত্যুৰ শেষ সময়ৰ ভিডিঅ’বোৰ ৰাজহুৱা নোহোৱা ঘটনাৰ পিছতে ৰাজ্যজুৰি বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷
সেই সময়ত সাগৰৰ পানীত ননমা জুবিনৰ সহগায়িকা অমৃতপ্ৰভা নাইবা সেই সময়ত য়টত থকা সুষ্মিতা গোস্বামীৰ মোবাইলতে এই ভিডিঅ’সমূহ ৰেকৰ্ড হৈছিল বুলি সন্দেহ কৰা হৈছিল । ধাৰণা কৰা হৈছিল যে মোবাইলৰ পৰা ভিডিঅ’সমূহ ডিলিট কৰি পেলোৱা বুলি । এই ভিডিঅ’ ওলালেই যে তদন্তই আন এক গতি ল’ব, সেয়া আশা কৰা হৈছিল ৷
এনে সময়তে আৰক্ষীৰ অনানুষ্ঠানিক সূত্ৰই সদৰী কৰিছে যে অমৃতপ্ৰভা মহন্তই জুবিন গাৰ্গৰ মেনেজাৰ সম্প্ৰতি আৰক্ষীৰ লকআপত থকা সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশ অনুসৰি মূল ফুটেজ মোবাইলৰ পৰা ডিলিট কৰাৰ কথা অমৃতপ্ৰভাই জেৰাত স্বীকাৰ কৰিছে । কিন্তু এছ আই টিৰ আই টি বিশেষজ্ঞই এতিয়া উন্নত ডিজিটেল ফ’ৰেনছিকৰ সহায়ত এই সম্পূৰ্ণভাৱে মছি পেলোৱা ভিডিঅ’ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
আৰক্ষীয়ে অমৃতপ্ৰভাৰ মোবাইলৰ পৰা ডিলিট কৰা ভিডিঅ’ উদ্ধাৰ হোৱা ঘটনাই সত্য উন্মোচিত হোৱাত সহায় কৰিব বুলি সকলোৱে আশা কৰিছে । কোটি কোটি মানুহৰ হৃদয়ত এতিয়া জুবিন গাৰ্গে ন্যায় পাব বুলি আশাৰ সঞ্চাৰ ঘটিছে ।
ছিংগাপুৰৰ পৰা বাকী কেইজন আহিবই লাগিব; আত্মবিশ্বাসী মুখ্যমন্ত্ৰী
জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট অহাৰ পিছতেই তেওঁৰ মৃত্যুৰ ঘটনাৰ সকলো তথ্য অতি কম সময়ৰ ভিতৰতে আদালতত অসম আৰক্ষীয়ে সবিশেষ দিব পাৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে কয়, ''আমাৰ সকলোৰে হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ তদন্ত প্রক্রিয়া বিশেষ তদন্তকাৰী গোটে পূর্ণগতিৰে চলাই আছে । আজিও ছিংগাপুৰৰ বহুকেইজন প্রবাসী অসমীয়াই তদন্ত প্রক্রিয়াৰ বাবে অসমলৈ আহিছে । যিসকল এতিয়াও অহা নাই, তেওঁলোকে বুজা উচিত যে এই তদন্তত সহযোগ কৰাতো তেওঁলোকৰ এক আইনগত তথা নৈতিক কর্তব্য । ৰাইজক ক’ব বিচাৰো ভিচেৰা ৰিপ’র্ট অহাৰ পাছত আমি তদন্ত প্রক্রিয়া কাংক্ষিতভাৱেই আগুৱাই নিব পাৰিম বুলি আমাৰ আত্মবিশ্বাস অধিক প্রবল হৈছে ।''
মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, “ছিংগাপুৰৰ অসমীয়াসকল নহা বাবে আমি মনোকষ্ট পাইছিলো । আগতে এজন আৰু এতিয়া চাৰিজন । মুঠ পাঁচগৰাকী অসমীয়া ছিংগাপুৰৰ পৰা আহিল । বাকী থাকিল ৬ গৰাকী অসমীয়া । সেই ৬ গৰাকী অসমীয়াক আহ্বান জনাও যে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায় কৰা আপোনালোকৰ আইনগত দায়িত্ব । আপোনালোক নৈতিক দায়িত্ব আৰু আপোনালোকে অসমলৈ আহিবই লাগিব । যিসকলে অসমলৈ নিজে নাহে তেওঁলোকক আনিবলৈ আইনী ব্যৱস্থা ল’বলৈয়ো আমি কুণ্ঠাবোধ নকৰো । আপোনালোক সোনকালে আহক । আপোনালোকৰ ষ্টেটমেণ্টখিনি লোৱাৰ লগে লগে আমি আদালতত গোটেই ঘটনা জনাবলৈ সক্ষম হ’ম ।”

