মুখ্য়মন্ত্ৰীক তদন্তৰ আওতালৈ আনিবলৈ কেন্দ্ৰীয় সংস্থাক দাবী লুৰীণজ্যোতি গগৈৰ
মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক হত্যা বুলি কিহৰ ভিত্তিত কৈছিল ? প্ৰশ্ন অজাপৰ সভাপতিৰ ।

Published : October 13, 2025 at 8:35 PM IST
গুৱাহাটী : মহানায়কৰ মহাপ্ৰয়ানৰ আজি ২৫ দিন অতিক্ৰম কৰিলে । এতিয়াও মৰমৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত লাখ লাখ অনুৰাগী । ইতিমধ্য়ে আৰম্ভ হৈছে জুবিন গাৰ্গৰ ৰহস্য়জনক মৃত্য়ুৰ ঘটনাৰ তদন্ত । এই সন্দৰ্ভত কেইবাজনকো গ্ৰেপ্তাৰ কৰাৰ লগতে বহতে প্ৰদান কৰিছে ভাষ্য় ।
এই সমগ্ৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কৰিলে কেতবোৰ বিস্ফোৰক মন্তব্য় ।
সোমবাৰে মহানগৰীত আয়োজিত এক সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী সজোৰে উত্থাপন কৰি কয়, "আমি বিচাৰি থকা ন্য়ায় প্ৰাপ্তিৰ যুঁজত সকলোৱে অৱতীৰ্ণ হৈছো । ইয়াৰ বিভিন্ন ঘটনা-পৰিঘটনাই আমাক ব্য়াপকভাৱে ব্যাথিত কৰিছে । লগতে কিছুমান শংকা আমাৰ মনলৈ আহিছে । এই যুঁজত লাগি থকা হৈছে ন্যায়ৰ বাবে । অসমৰ অসমৰ জনগণে এটা কথায়ে বিচাৰিছে ইয়াৰ বিচাৰ লাগে, ন্যায় লাগে । জুবিন দাৰ মৃত্য়ু যাক মুখ্য়মন্ত্ৰীয়ে হত্য়া বুলি কৈছে তাৰ বিচাৰ হ'ব লাগে আৰু ন্য়ায় পাব লাগে ।"
তেওঁ পুনৰ কয়, "অসমৰ প্ৰতিগৰাকী জনগণে, সমগ্ৰ পৃথিৱীত থকা মহানায়কৰ অনুৰাগীসকলৰো এটাই আহ্বান আমি ন্য়ায় পাব লাগে; কিন্তু আমি প্ৰক্ৰিয়াটোত দেখিছো যে এই গোটেই বিষয়ত যিসকলৰ নাম আহিছে তেওঁলোকৰ মুখ্য়মন্ত্ৰীৰ লগত যিধৰণৰ সম্পৰ্ক আছে সেই কথাবোৰ ওলাই আহিছে । শ্য়ামকানু মহন্ত সম্পৰ্কে মই আপোনালোকক আগতে অৱগত কৰিছিলো মুখ্য়মন্ত্ৰীৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক আছে । যদিও মুখ্য়মন্ত্ৰীয়ে কোনো ধৰণৰ সম্পৰ্ক বা চিনাকী নাই বুলি কৈছে জলজল পটপট পৰিয়ালৰ লগত কেনে সম্পৰ্ক ।"

"মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল যে যিসকল ব্য়ক্তিৰ নাম আছে তাত শ্য়ামকানু মহন্তৰ নাম নাই । তাৰ পিচত ক'লে জুবিন গাৰ্গ পেৰা গ্লাইডিং কৰি থাকোতে ঢুকাইছে । য়টৰ পৰা পৰিছে । স্কুৱা ডাইভিং কৰিছে । তাৰ পৰা এটা ৰিপ'ৰ্ট আহিছে যে জুবিন গাৰ্গ পানীত ডুবিছে । তাৰ পিচত আহি আহি মুখ্য়মন্ত্ৰীয়ে এদিন হঠাতে এটা লাইভলৈ আহি ক'লে যে জুবিন গাৰ্গক হত্য়া কৰা হৈছে ।" এইদৰে কয় লুৰীণজ্যোতি গগৈয়ে ।
অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে পুনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ কয়, "মুখ্যমন্ত্ৰীয়ে প্ৰথমে হত্যা বুলি ক'লে আৰু লাহে লাহে কথাবোৰ সলনি হৈ আছে । তাৰ পিচত দেখিলো শেখৰ গোস্বামী নামৰ এগৰাকী ব্য়ক্তি যিগৰাকী গোটেই ঘটনাটোৰ প্ৰত্য়ক্ষদৰ্শী তেওঁ অসমলৈ আহি বিভিন্ন ধৰণৰ কথা ক'লে । যেতিয়া তেওঁৰ সাক্ষ্য় ল'লে তেতিয়া জুবিন গাৰ্গক বিহ খুৱাই হত্য়া কৰা বুলি ক'লে । আজি সংবাদ মাধ্য়মে বাতৰি সম্প্ৰচাৰ কৰি আছে যে পোষ্টমৰ্টেম ৰিপ'ৰ্ট অহা বুলি কৈছে । তাত মগজুত দুখ পোৱাৰ কথা কৈছে আৰু এইটো এটা দুৰ্ঘটনা । এনেধৰণৰ ঘটনা বা দুৰ্ঘটনা হৈ মৃত্য়ু হোৱা বুলি ক'ব বিচাৰিছে । তাৰ পিচত আমাৰ সকলোৰে মন দুৰু দুৰু হৈছে যে আমি ন্য়ায় পাম নে নাপাম । এই যে ভাষ্য় সলনি হৈ আছে, মুখ্য়মন্ত্ৰীয়ে কি উৎসৰ পৰা এই তথ্য় লাভ কৰিছে । মুখ্য়মন্ত্ৰীয়ে প্ৰথমে হত্য়া বুলি কৈ আজি আকৌ দুৰ্ঘটনালৈ ঠেলি দিব খুজিছে । যদি মুখ্য়মন্ত্ৰীয়ে উৎসৰ বিষয়ে ক'ব নোৱাৰে তেন্তে মুখ্য়মন্ত্ৰীকো কেন্দ্ৰীয় সংস্থাই তদন্তৰ আওতালৈ আনিব লাগে ।"

