ETV Bharat / state

জুবিন গাৰ্গ: নিজৰ সংগীত ক্ষেত্ৰৰে ব্যাপ্ত এক বিশাল ব্যক্তিত্ব

এতিয়াও সুৰ কৰিবলৈ, গাবলৈ বাকী থাকিল বহু গান । আধৰুৱা হৈ থাকিল ছবিৰ সপোন । ‘ইউকেলিপ্টাছ’ লিখাৰ কথাও আছিল । তেনেদৰেই যৱনিকা পৰিল জুবিন যুগৰ...

Zubeen Garg no more
জুবিন গাৰ্গ: নিজৰ সংগীত ক্ষেত্ৰৰে ব্যাপ্ত এক বিশাল ব্যক্তিত্ব (ETV Bharat Assam)
author img

By PTI

Published : September 23, 2025 at 2:02 PM IST

|

Updated : September 23, 2025 at 2:16 PM IST

8 Min Read
Choose ETV Bharat

গুৱাহাটী: নিঃসন্দেহে তেওঁৰ সংগীতে লাখ লাখ লোকৰ হৃদয় আৰু কল্পনা জগতত বিচৰণ কৰি আছে । যদিও ‘য়া আলী’য়ে তেওঁক ৰাষ্ট্ৰীয় খ্যাতি প্ৰদান কৰিছিল, কিন্তু গায়ক জুবিন গাৰ্গৰ জীৱনতকৈ তেওঁৰ বিশাল ব্যক্তিত্বত এনে বহু কথা আছিল, যিবোৰে শুকুৰবাৰে ছিংগাপুৰত মৃত্যুৰ পিছৰে পৰা লাখ লাখ লোকক তেওঁৰ বাবে শোক প্ৰকাশ কৰিবলৈ বাধ্য কৰাইছে ।

৪০টা ভাষা আৰু উপভাষাত তেওঁৰ ৩৮,০০০ গীত, তেওঁ অভিনয় কৰা আৰু পৰিচালনা কৰা অসংখ্য ছবি আৰু মঞ্চৰ অনুষ্ঠানে যদিও প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মানুহক মন্ত্ৰমুগ্ধ কৰিছে, কিন্তু প্ৰায়ে তেওঁৰ মুখত ওলোৱা অতি সাধাৰণ ভাষাৰে প্ৰকাশ কৰা অন্তৰৰ উষ্মা আৰু অন্যায়ৰ বিৰুদ্ধে গৰ্জনে মানুহৰ মাজত অধিক অনুৰণন ঘটাইছিল আৰু ভাষা, ধৰ্ম, সম্প্ৰদায়, জাতি বা ধৰ্ম নিৰ্বিশেষে তেওঁক প্ৰজন্মৰ মাজত এক আদৰ্শত পৰিণত কৰি তুলিছিল ।

জুবিনে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ ভণ্ডামিৰ বিৰুদ্ধে মুকলিকৈ গৰ্জন কৰিছিল, নিজৰ মতক বেপৰোৱাভাৱে উপস্থাপন কৰিছিল, যিয়ে প্ৰায়ে বিতৰ্কৰ সৃষ্টি কৰিছিল, সমসাময়িক বিষয়বোৰত ৰাজনৈতিকভাৱে হয়তো ভুল কিন্তু সত্য বক্তব্য দিছিল, দুখীয়া আৰু সমস্যাজৰ্জৰ লোকসকললৈ সহায়ৰ হাত আগবঢ়াইছিল, প্ৰকৃতি আৰু জীৱ-জন্তুবোৰক আবেগিকভাৱে ভাল পাইছিল— এই সকলোবোৰ আৰু তেওঁৰ ব্যক্তিত্বৰ আন বহুতো বৈশিষ্ট্যই তেওঁৰ কোমল হৃদয়ৰ ফ্ৰেমত আবদ্ধ হৈ থকা লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছিল আৰু তেওঁলোকক তেওঁৰ একান্ত অনুৰাগী কৰি তুলিছিল ।

বহুক্ষেত্ৰত মঞ্চত কৰা আচৰণৰ বাবে জুবিন সমালোচনাৰ সন্মুখীন হৈছিল । কিন্তু জুবিনে নিজৰ সমালোচকসকলক উচিত প্ৰত্যুত্তৰ দি বাধাহীনভাৱে আগবাঢ়ি গৈছিল আৰু এনে গীত সৃষ্টিৰে সংগীত জগতক উপহাৰ দিছিল য'ত আছিল আবেগ, ৰোমাঞ্চ, সৌন্দৰ্য, বিৰহ, বিষাদ, আশা আৰু বহু কিবাকিবি । ইয়াৰ দ্বাৰা তেওঁ সমালোচকসকলক প্ৰশংসকলৈ ৰূপান্তৰিত কৰিছিল ।

তেওঁ নিষিদ্ধ সংগঠন আলফাৰো সতৰ্কবাণীৰ মুখামুখি হ'বলগা হৈছিল, যেতিয়া তেওঁ বিহু অনুষ্ঠানৰ সময়ত হিন্দী গীত নোগোৱাৰ বাবে আলফাই দিয়া নিৰ্দেশক অৱজ্ঞা কৰিছিল আৰু আলফাক মুকলি প্ৰত্যাহ্বান জনাইছিল । অদ্ভূত সাজ-পোছাকেৰে বিতৰ্কৰ সৃষ্টি কৰিছিল । আনকি সত্ৰৰ সত্ৰাধিকাৰক সন্মান কৰিবলৈ কৈছিল, কিন্তু ‘প্ৰভু ঈশ্বৰ’ বুলি ক’ব নালাগে বুলি কৈ সত্ৰৰ পৰম্পৰাত আক্ৰমণ কৰি আন এক বিতৰ্কৰ সৃষ্টি কৰিছিল । জুবিনৰ মতে সত্ৰৰ সত্ৰাধিকাৰসকলো মানুহ, সেয়ে তেওঁলোকক ঈশ্বৰ বুলি কোৱাৰ যুক্তিযুক্ততা ক'ত বুলি যুক্তি দিছিল । আনহাতে, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁৰ নৃত্যশৈলীক নকল কৰা বুলি কৈ তাৰবাবে জুবিনক কপিৰাইট শুল্ক দিবলৈ কৈছিল । ইয়াৰ উপৰি নাগৰিকত্ব সংশোধনী আইনৰ (CAA) বিৰুদ্ধে প্ৰতিবাদৰ সময়ত তেওঁ আগৰণুৱা আছিল । জুবিনৰ প্ৰদৰ্শনৰ সূচীত এনে আন বহুতো বিষয় আছিল, যিয়ে তেওঁক জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তুলিছিল ।

বিগত নিৰ্বাচনৰ সময়ত বিজেপিৰ হৈ তেওঁ গান গোৱাক লৈ এটা শ্ৰেণীয়ে ৰাজনৈতিক ৰহণ সানিবলৈ চেষ্টা কৰিছিল । কিন্তু তেওঁ এইটো কৈ সকলোৰে মুখ বন্ধ কৰিছিল যে তেওঁ বহুবাৰ কংগ্ৰেছৰ হৈও গান গাইছিল । লগতে তেওঁ কৈছিল, "মই অৰাজনৈতিক ব্যক্তি । মই এজন গায়ক, যিয়ে মোক ধন দিব তেওঁৰ বাবে গান গাম ।" এই মন্তব্যৰে তেওঁ সকলোৰে মুখ বন্ধ কৰি দিছিল ।

তেওঁৰ শুভাকাংক্ষীসকলে বহুবাৰ তেওঁক বিতৰ্কিত বক্তব্য নিদিবলৈ অনুৰোধ কৰিছিল যদিও তেওঁ কৈছিল যে তেওঁ অনুভৱ কৰা কথাখিনি ক’বলৈ তেওঁ নিজকে বাধা দি ৰাখিব নোৱাৰে । আৰু তেওঁ অতি সহজভাৱে কৈছিল, ‘ঘেণ্টা, কাকো খাতিৰ নকৰো’ । এইবোৰ কাৰণতে এগৰাকী আদৰ্শৰ সন্ধানত থকা নৱপ্ৰজন্মৰ মাজত তেওঁৰ এক নিবিড় বান্ধোন গঢ় লৈ উঠিছিল ।

জুবিনৰ কোমল আবেগিক মনৰ উমান পোৱা যায় তেতিয়া, যেতিয়া তেওঁ প্ৰয়াত মাতৃ আৰু বিহু অনুষ্ঠানৰ পৰা উভতি আহোঁতে পথ দুৰ্ঘটনাত মৃত্যু হোৱা কনিষ্ঠ ভগ্নী জংকী বৰঠাকুৰ, জনপ্ৰিয় কবি প্ৰয়াত হীৰেন ভট্টাচাৰ্যৰ প্ৰসংগ উল্লেখ কৰে । লগতে তেওঁৰ পোহনীয়া কুকুৰ আৰু উদ্ধাৰ কৰা বহুতো জীৱ-জন্তু, চৰাইৰ বিষয়ে উল্লেখ কৰোঁতেও জুবিনৰ কোমল আৰু আৱেগিক দিশটো চৰ্চালৈ আহে । এই জীৱ-জন্তু, চৰাইবোৰক প্ৰত্যেককে তেওঁ নিজৰ উপাধি সংলগ্ন কৰি একোটা নাম দিছিল ।

তেওঁৰ অন্তৰত থকা এই বৈপৰীত্যবোৰৰ কাৰণেই তেওঁ এনেকুৱা সংগীত ৰচনা কৰিছে, গান গাইছে যিয়ে সামাজিক, অৰ্থনৈতিক, ধৰ্মীয় আৰু ৰাজনৈতিক পৰিধিৰ ঊৰ্ধ্বত সকলোৰে হৃদয় স্পৰ্শ কৰিছিল । যাৰবাবে তেওঁক অন্তিম বিদায় দিবলৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত লাখ লাখ লোকে ভিৰ কৰে ।

৫২ বছৰীয়া এইগৰাকী কণ্ঠশিল্পী, সংগীত সুৰকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতাৰ পৰিয়ালে সৰুতে তেওঁৰ নাম ৰাখিছিল জুবিন বৰঠাকুৰ । কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ মাতৃয়ে বিখ্যাত জুবিন মেহতাৰ সংগীতৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ নাম জুবিন গাৰ্গ ৰাখে । যদিও তেওঁক সেই নামেৰে মতা হৈছিল, কিন্তু ব্ৰাহ্মণ উপাধিটো এইগৰাকী যুগনায়কে নাকচ কৰিছিল । কাৰণ তেওঁ নিজকে নাস্তিক বুলি দাবী কৰিছিল আৰু 'মানৱতাৰ ধৰ্ম'ত বিশ্বাস কৰিছিল ।

তিনি বছৰ বয়সৰ পৰাই তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল । যদিও তেওঁ অসমীয়া গায়ক হিচাপে জনপ্ৰিয়, কিন্তু তেওঁ পাশ্চাত্য সংগীত, লোকগীত বা শাস্ত্ৰীয় সংগীতৰ আধাৰত ৰচিত গীতেই হওক, জুবিন গাৰ্গে সংগীতৰ বিভিন্ন ধাৰাক নিজৰ কণ্ঠৰে জীপাল কৰি গৈছে আৰু সকলোতে তেওঁ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে । আনহাতে, পৰৱৰ্তী সময়ত বেছিভাগ গায়কেই তেওঁৰ একক শৈলী অনুকৰণ কৰিছে ।

নব্বৈৰ দশকৰ মাজভাগত তেওঁক বলীউড সংগীত জগতে আকৰ্ষিত কৰিছিল । তাৰ পিছত তেওঁ ছবি আৰু এলবামত কেইবাটাও জনপ্ৰিয় গীত উপহাৰ দিয়ে । কিন্তু অতি সোনকালেই তেওঁৰ বলীউডৰ প্ৰতি মোহভংগ হয় আৰু অসমলৈ উভতি আহি তেওঁৰ অসংখ্য গীতেৰে জনপ্ৰিয়তাৰ উচ্চ শিখৰত আৰোহণ কৰে ।

তেওঁ প্ৰায়ে কৈছিল যে তেওঁ মুম্বাইতো থাকিব পাৰিলেহেঁতেন (তাত এতিয়াও তেওঁৰ এটা ঘৰ আছে) আৰু বহুত টকা উপাৰ্জন কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নিজৰ মানুহখিনিৰ প্ৰতি থকা দায়িত্ব অনুভৱ কৰি উভতি আহে ।

জুবিনৰ অসুস্থতা, যিটো মুখ্যতঃ তেওঁৰ অনিয়মিত জীৱনশৈলীৰ কাৰণেই হৈছিল, বহুতৰে বাবে চিন্তাৰ বিষয় আছিল । বিগত কেইবছৰমানৰ ভিতৰত তেওঁ কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি হ'বলগা হৈছিল ।

তেওঁৰ অনুৰাগী আৰু শুভাকাংক্ষীয়ে তেওঁক প্ৰায়ে স্বাস্থ্যৰ যত্ন ল'বলৈ পৰামৰ্শ দিছিল যদিও তেওঁ সদায় মুখত হাঁহি লৈ চিকিৎসালয়ৰ পৰা ওলাই আহিছিল । লগতে কৈছিল, "মোৰ একো নহয়, মোৰ এতিয়াও পূৰণ কৰিবলগীয়া বহু সপোন আছে ।"

জুবিনে প্ৰায়ে এনে বহু গীতৰ কথা কৈছিল, যিবোৰ এতিয়াও সুৰ কৰিবলৈ আৰু গাবলৈ বাকী আছিল । তেওঁ নিৰ্মাণ কৰিব বিচৰা বহু ছবি আধৰুৱা হৈ থাকিল । নিজৰ আত্মজীৱনী ‘ইউকেলিপ্টাছ’ লিখাৰ কথা আছিল । সেই ঘৰটোও আধৰুৱা হৈ থাকিল যিটো মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰি আছিল, তাৰো কথা কৈছিল । ইয়াৰ উপৰি তেওঁ আন বহু লোকক সহায় কৰিব বিচাৰিছিল । কিয়নো তেওঁলোকৰ সুখে তেওঁৰ ওঁঠত হাঁহি বিৰিঙাই তুলিছিল । কিন্তু এনে আৰু বহু সপোন, পৰিকল্পনা আধৰুৱা হৈ থাকিল, যিবোৰ তেওঁৰ মৃত্যুৰ বাবে স্তব্ধ হৈ গ'ল ।

এইগৰাকী যুগনায়কৰ মহাপ্ৰস্থানত আজি সকলোৱে উচুপিছে । মঙলবাৰে সোণাপুৰৰ সেউজীয়া সাৱটি চিৰদিনলৈ গুচি গ'ল সেউজী মনৰ জুবিন । তেওঁৰ গানৰ অগণন শ্ৰোতাক কন্দুৱাই পঞ্চভূতত বিলীন হ'ল জুবিন গাৰ্গ । লগে লগে অন্ত পৰিল এটা যুগৰ । জুবিন যুগৰ যৱনিকা পৰিল ।

লগতে পঢ়ক :এয়া ভৰি নহয়, মানুহজনৰ ইতিহাস: জুবিনৰ পদচিহ্ন সংগ্ৰহ কৰা ভাস্কৰ্য শিল্পীৰ মনৰ অনুভৱ
লগতে পঢ়ক :সি আৰ্টিষ্টক শুহি শুহি খায়, পইচা নিদিয়ে... কিয় কৈছিল, কাৰ কথা কৈছিল জুবিন গাৰ্গে ?
Last Updated : September 23, 2025 at 2:16 PM IST