জুবিন গাৰ্গৰ সমাধিক্ষেত্রত লগুণ ছিঙা কাৰ্যৰ ব্যাপক প্ৰতিক্ৰিয়া : কি ক'লে মন্ত্রী পীযুষ হাজৰীকাই
জুবিন গাৰ্গৰ সোণাপুৰস্থিত সমাধিক্ষেত্রত লগুণ ছিঙি পেলাই দিয়া যুৱকজন প্ৰকৃততে কোন ? কিয় তেওঁ এই কাৰ্য কৰিলে ?

Published : October 12, 2025 at 6:04 PM IST
গুৱাহাটী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰস্থিত সমাধিক্ষেত্রত যোৱা নিশা এজন যুৱকে নিজৰ লগুণ ছিঙি পেলাই দিয়াক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চান ভাগৱতী নামৰ যুৱকজনে লগুণ ছিঙি পেলাই দিয়াৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে সামাজিক মাধ্যমকে ধৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া হৈছে ।
সামাজিক মাধ্যমত বহুতে ইয়াৰ সমৰ্থন কৰাৰ লগতে বহুজনে ইয়াৰ বিৰোধীতা কৰিছে । অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ শিল্পীগৰাকীক অনুকৰণ কৰিবলৈ গৈ চান ভাগৱতী নামত যুৱকজনে কৰা এই কাৰ্যকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্রী পীযুষ হাজৰীকাই ।
সামাজিক মাধ্যমত মন্ত্রীগৰাকীয়ে কয়, "পুনৰবাৰ কওঁ মই এজন জুবিন অনুৰাগী । জুবিনদাৰ অনামিকা, মায়া আদি কেছেট মই নিজ হাতেৰে দোকানৰ পৰা ক্ৰয় কৰিছো । জুবিন দাৰ গান শুনিয়েই আমি যৌৱন পাৰ কৰিছো । আজিও আমি জুবিন প্ৰেমী । তদুপৰি ব্যক্তিগতভাৱেও জুবিন দাৰ পৰিয়ালৰ সৈতে আমাৰ এটা আন্তৰিক সম্পৰ্ক আছে ।"
মন্ত্রীগৰাকীয়ে লগতে কয়, "আমাৰ প্ৰাণৰ শিল্পী জুবিন দাই ন্যায় পোৱাটো আমিও বিচাৰো আৰু অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী হিচাপে মই দাবী কৰিব পাৰো যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নেতৃত্বত জুবিন দাৰ অকাল মৃত্যুৰ তদন্ত ক্ষিপ্ৰতাৰে চলি আছে । কিন্তু ইয়াৰ বাবে কোনোবাই ৰাজহুৱাকৈ কেমেৰাৰ সন্মুখত নিজৰ লগুণ ছিঙি প্ৰতিবাদ কৰা কাৰ্যৰ মই তীব্ৰ বিৰোধিতা কৰিছো, এই ঘটনাৰ মই তীব্ৰ ভাষাৰে গৰিহণা দিছো । এয়া আমাৰ সনাতন পৰম্পৰাৰ বিৰোধী । জুবিন দাই এনে এখন সমাজ বিচাৰিছিল, য'ত সকলোৱে একগোট হৈ মিলি-জুলি যাতে বাস কৰে । গতিকে কোনেও যাতে লগুণ ছিগাৰ দৰে কাম কৰি সমাজলৈ নেতিবাচক বাৰ্তা প্ৰেৰণ নকৰে, তাৰ বাবে মই অনুৰোধ জনাইছো ।"

ইফালে এই কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰিছে সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদে । এক বিবৃত্তিযোগে পৰিষদৰ তৰফৰ পৰা কোৱা হয়, "চান ভাগৱতী নামৰ এজন ব্যক্তিৰ দ্বাৰা মহান শিল্পী জুবিন গাৰ্গৰ সমাধিস্থলত সংঘটিত হোৱা অশোভন কাণ্ডই সমগ্ৰ অসমবাসীক স্তম্ভিত আৰু ব্যথিত কৰিছে । তেওঁ নিজৰ যজ্ঞোপবিত চিঙি যি অসংযত, অশালীন আৰু ধৰ্মবিৰোধী নাটক প্ৰদৰ্শন কৰিছে । সেই কাণ্ডই ব্ৰাহ্মণ সমাজৰ পবিত্ৰ ধৰ্মীয় বিশ্বাস, আস্থা আৰু সংযমৰ ওপৰত এক গভীৰ আঘাত । এই কার্য কেবল মাত্র ব্যক্তিগত অসংযম নহয়, বৰঞ্চ ব্ৰাহ্মণ সমাজৰ শতাব্দীযুগৰ আধ্যাত্মিক গৌৰৱৰ ওপৰত এক নির্লজ্জ অপমান । আমাৰ দৃঢ় সন্দেহ যে উক্ত ব্যক্তি ব্ৰাহ্মণ নামৰ আৱৰণত এটা পূর্ব-পৰিকল্পিত ৰাজনৈতিক নাটক মঞ্চস্থ কৰিছে । এই নাটকৰ পিছফালে কোনো নিৰ্দিষ্ট গোষ্ঠীৰ স্বাৰ্থ, সমাজত বিভেদ সৃষ্টিৰ ষড়যন্ত্ৰ আৰু ব্ৰাহ্মণ সমাজক হেয় প্ৰতিপন্ন কৰাৰ গোপন লক্ষ্য লুকাই আছে বুলি পৰিষদৰ দৃঢ় বিশ্বাস ।"

বিবৃত্তিটোত লগতে কোৱা হয়, "অত্যন্ত দুঃখজনক যে যি ৰাজনৈতিক ব্যক্তি অর্থাৎ জনপ্রতিনিধি— ব্রাহ্মণ সমাজক তুচ্ছ, হেয় আৰু অপমানজনক মন্তব্যৰ দ্বাৰা আঘাত কৰি আহিছে – তেওঁ আজিৰ এই অপমানজনক কাণ্ডৰ ওপৰত অভিনন্দন প্ৰকাশ কৰিছে । এই মন্তব্য কেৱল সমাজবিৰোধী নহয়, ই ব্ৰাহ্মণ সমাজৰ মান-মর্যাদা আৰু ধৰ্মীয় গৌৰৱৰ ওপৰত এক প্ৰত্যক্ষ আঘাত । সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদে অখিল গগৈৰ এই মন্তব্যৰ তীব্রতম নিন্দা প্ৰকাশ কৰি তেওঁৰ পৰা অহা ২৪ ঘণ্টাৰ ভিতৰত এই মন্তব্য উঠাই লোৱাৰ আৰু ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা কৰাৰ দাবী জনাইছে । আমাৰ পৰিষদ সকলো শুভ বুদ্ধিসম্পন্ন নাগৰিক, ধৰ্মীয় সংগঠন আৰু সমাজচিন্তক সকলক আহ্বান জনাই যে এইধৰণৰ নাটকীয় অপচেষ্টা আৰু ধৰ্মঅপমানকাৰী চেষ্টাৰ বিপৰীতে একতাবদ্ধ হৈ সমাজৰ শান্তি, ধৰ্মীয় মূল্যবোধ আৰু মানবিক ঐক্য ৰক্ষা কৰিবলৈ আগবাঢ়ি আহক ।"

আনহাতে লগুণ ছিগা কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰিছে অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টে । এই সন্দৰ্ভত ব্ৰাক্ষ্মণ সংগঠনটোৰ অসম প্ৰদেশৰ মুখ্য সম্পাদক পবিত্র কুমাৰ শৰ্মাই কয়, "লগুণ এনেদৰে ইচ্ছা কৰিলেই হাতেৰে ছিঙিব নোৱাৰে । পাব্লিচিটিৰ বাবে যুৱকজনে এনে কাম কৰিছে । ইয়াৰ আঁৰত কোনোবা ইছলামিক শক্তিও থাকিব পাৰে । আমি এই কাৰ্যক গৰিহণা দিছো আৰু কঠোৰ ভাষাৰে নিন্দা কৰিছো । যুৱকজন প্ৰকৃততে ব্ৰাক্ষ্মণ হয়নে নহয় তাতো সন্দেহ আছে । পৰৱৰ্তী সময়ত ঘটনাৰ বিচাৰ কৰা হ'ব ।"

