নাহৰ ভালপোৱা জুবিনক নাহৰেৰে জীয়াই ৰখাৰ প্ৰয়াস লুইত বৰাৰ
প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ ব্যতিক্ৰমী প্ৰয়াস । মধ্য অসমৰ ঘৰে ঘৰে নাহৰৰ পুলি ৰোপণৰ লক্ষ্য লৈছে নগাঁৱৰ লুইত বৰাই ।

Published : October 9, 2025 at 10:36 AM IST
নগাঁও : "ঘৰত নাহৰ এজোপা যেতিয়া থাকিব তেতিয়া ঘৰত মই থকা নিচিনা লাগিব । য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে ।" এই কথাখিনি কাৰ আপোনালোকে নিশ্চয় জানে । নাহৰ ভালপোৱা প্ৰিয় শিল্পী জুবিন গাৰ্গে অনুৰাগীসকলক উদ্দেশ্যি এই কথা কৈছিল ।
প্ৰকৃতিৰ প্ৰতি অপৰিসীম ভালপোৱা থকা জুবিন গাৰ্গে আনকো প্ৰকৃতিক ভাল পাবলৈ শিকাইছিল । গছ-গছনি, জীৱ-জন্তুক ভালপোৱাৰ লগতে সংৰক্ষণৰ বাবে জীৱিতকালত সদায়ে কাম কৰি গৈছিল জুবিন গাৰ্গে ।
আজি মহান শিল্পীগৰাকীৰ অনুপস্থিতিত তেওঁৰ অনুৰাগীসকলে লৈছে সেই দায়িত্ব । মৰমৰ শিল্পীগৰাকীৰ কথাবোৰ, আহ্বানবোৰ যেন আখৰে আখৰে পালন কৰিছে অনুৰাগীসকলে । তাৰ অন্যতম উদাহৰণ দেখা পোৱা নগাঁও জিলাত ।
শিল্পীগৰাকীৰ স্মৃতিত এজন অনুৰাগীয়ে লৈছে বিশেষ পদক্ষেপ । তেওঁ হৈছে নগাঁৱৰ প্ৰকৃতিপ্ৰেমী লুইত বৰা । নগাঁৱৰ ননৈৰ লুইত বৰা নামৰ জুবিন অনুৰাগীজনে নীৰৱে আৰম্ভ কৰিছে এক সেউজীকৰণ বিপ্লৱ । সকলোৰে হিয়াৰ আমঠু, প্রিয় শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ পাছতে প্রিয় শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ঘৰে ঘৰে ৰোপণ কৰিছে নাহৰ গছৰ পুলি ।
নীৰৱে প্ৰকৃতিৰ কাম কৰি অহা নগাঁৱৰ ননৈ শ'লমাৰীৰ লুইত বৰাই জুবিন গাৰ্গে ভালপোৱা নাহৰৰ পুলি বিভিন্নজনক বিতৰণো কৰিছে । প্ৰথম পৰ্যায়ত বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ উপৰিও ১০১ টা পৰিয়ালক নাহৰ পুলি বিতৰণ কৰাৰ লগতে ঘৰৰ চৌহদত ৰোপণ কৰাৰ লক্ষ্য লৈছে লুইত বৰাই । প্ৰতিটো পৰিয়ালকে বিনামূলীয়াকৈ তেওঁ দিছে নাহৰৰ পুলি ।

নাহৰৰ পুলিৰ লগতে জুবিন গাৰ্গৰ এখন ফটো সম্বলিত বেনাৰো দিছে পৰিয়ালবোৰক । য'ত প্রিয় শিল্পীগৰাকীৰ জন্ম আৰু মৃত্যুৰ তাৰিখৰ লগতে 'মায়াবিনী' গীতৰ কলি উল্লেখ আছে । এই বেনাৰখন যাতে নিজৰ ঘৰৰ ভিতৰত ভালদৰে লগাই থৈ শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰাখিব পাৰে তাৰ বাবেও তেওঁ সকলোকে আহ্বান জনাইছে । ঘৰে ঘৰে নাহৰৰ পুলি ৰোপণেৰে একপ্ৰকাৰ প্রিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথাও উল্লেখ কৰে লুইত বৰাই ।
এই অভিযান সন্দৰ্ভত তেওঁ কয়, "হিয়াৰ আমঠু, প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেখেতৰ হৈ মই মধ্য অসমৰ বিভিন্ন প্ৰান্তত ১০১ টা নাহৰৰ পুলি ৰোপণ কৰাৰ কথা ভাবিছো । ইতিমধ্যে মই প্ৰায় ৭৪ টা পুলি আজিলৈকে ৰুলো । প্ৰিয় শিল্পীগৰাকী কায়িকভাৱে আমাৰ মাজত নাই যদিও যুগ যুগান্তৰলৈ আমাৰ হৃদয়ত থাকিব । মই এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছো ।"

ব্যক্তিগতভাৱে জুবিন গাৰ্গক লগ পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, "নাহৰ তেওঁ ভাল পাইছিল । মই ব্যক্তিগতভাৱে তেওঁক লগ পোৱাৰ সৌভাগ্য হৈছিল । মই তেতিয়াই গম পাইছিলো তেওঁ প্ৰকৃততে প্ৰকৃতিক ভালপোৱা এজন মানুহ । নাহৰৰ প্ৰতি তেওঁৰ বিশেষ টান আছিল । গতিকে মই নাহৰৰ পুলি ৰুই তেওঁক সোঁৱৰণ কৰিব বিচাৰিছো । তেওঁৰ কাৰণে মোৰ এইখিনি কষ্ট, শ্ৰম একো ডাঙৰ কথা নহয় । তেওঁৰ কাৰণে আৰু আমাৰ বহুত কৰিবলগীয়া আছে ।" ভৱিষ্যতে ১০১ টাতকৈও অধিক নাহৰৰ পুলি ৰোপণ কৰিব বুলিও তেওঁ উল্লেখ কৰিছে । লুইত বৰাই জনোৱা মতে এই অভিযান তেওঁ যোৰহাটত সমাপ্ত কৰিব ।
প্ৰাকৃতিক সৌন্দৰ্যৰে লুইতৰ পাৰ জিলকাই তোলাৰ পৰিকল্পনা কৰা জুবিন অনুৰাগী প্ৰকৃতিপ্ৰেমী লুইত বৰাই পূৰ্বে মধ্য অসমৰ ৫০১ খন গাঁৱত কপৌ ফুলৰ পুলি ৰোপণ কৰিও গঢ়ি তুলিছিল আন এক বিপ্লৱ । সম্পূৰ্ণ নিজৰ খৰচেৰে প্ৰতিখন গাঁৱত ৫ টাতকৈও অধিক কপৌ পুলি ৰোপণ কৰিছিল তেওঁ । বিশেষকৈ নগাঁও, মৰিগাঁও, হোজাই আদি জিলাত তেওঁ কপৌ পুলি ৰোপণ কৰিছিল ।

পেছাত এগৰাকী কৃষক তথা ব্যৱসায়ী লুইত বৰাই কবিতা প্ৰবন্ধ লিখিও ভালপায় । কেৱল এয়াই নহয়, নিজৰ বাৰীতে ৪ হাজাৰ জোপাৰো অধিক তামোল গছৰ উপৰিও বিভিন্ন গছ ৰোপণ কৰি নিজৰ বাৰীতেই এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিছে লুইত বৰাই ।

