জুবিন অনুৰাগীয়ে ছিঙিলে লগুণ; ব্ৰাহ্মণ সমাজৰ তীব্ৰ গৰিহণা
লগুণ ছিঙাটো সমাজৰ কাৰণে শুভ বাৰ্তা নহয় । জুবিন অনুৰাগী যুৱকে কেমেৰাৰ সন্মুখতে লগুণ ছিঙি দিয়া কাৰ্যক গৰিহণা ব্ৰাহ্মণ সমাজৰ ।

Published : October 12, 2025 at 6:15 PM IST
দৰং : সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত এজন যুৱকে লগুণ ছিঙি দিয়াক ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । ব্ৰাহ্মণ সমাজেও এই ঘটনাকলৈ দুখ প্ৰকাশ কৰিছে । এনে কাৰ্য কোনো প্ৰকৃত ব্ৰাহ্মণে কৰিব নোৱাৰে বুলি দাবী কৰিছে ব্ৰাহ্মণ সমাজে । ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ অসম প্ৰদেশৰ মুখ্য সম্পাদক পবিত্ৰ কুমাৰ শৰ্মাই ।
তেওঁ প্ৰথমে লগুণৰ অৰ্থ বিশ্লেষণ কৰি কয়, "লগুণ লোৱা পৰ্বটো ১৬ টা সংস্কাৰৰ । ভাৰতীয় সনাতন সংস্কৃতিৰ ঋষিমুনিসকলে ১৬ টা সংস্কাৰৰ ব্যৱস্থা কৰি থৈ গৈছে । কেৱল ব্ৰাহ্মণৰ বাবেই নহয় ক্ষুদ্ৰ, বৈশ্য আৰু ক্ষত্ৰিয়ৰ বাবেও এই ব্যৱস্থা কৰি থৈ গৈছে । এই ৪ টা জাতিৰ কাৰণে ১৬ টা সংস্কাৰৰ ব্যৱস্থা কৰিছে । পৰৱৰ্তী সময়ত ৬ টা সংস্কাৰ মানুহে পালন কৰিব নোৱাৰাৰ কাৰণে ১০ টা সংস্কাৰলৈ বহু মানুহ নামি আহিছে । বহুতে ১০ টা আৰু বহুতে ১৬ টা পালন কৰে । এই সকলো সংস্কাৰৰ মূলটোৱে হৈছে উপবীত বা লগুণ ধাৰণ কৰা । লগুণ লোৱাটো এটা শ্ৰেষ্ঠ সংস্কাৰ । লগুণ নল'লে বেদ অধ্যয়ন কৰিব নোৱাৰে । শাস্ত্ৰ অধ্যয়ন কৰিবলৈ লগুণ লোৱাটো জৰুৰী । বেদৰ মহামন্ত্ৰ বিশ্বমিত্ৰই ৰচনা কৰা, গায়ত্ৰী মন্ত্ৰ উপবীত ধাৰণ কৰা জনক গোপনীয়ভাৱে প্ৰদান কৰা হয় ।"
লগুণক লৈ পূৰ্বে জুবিন গাৰ্গে কৰা বিতৰ্ক আৰু জুবিন অনুৰাগীয়ে লগুণ ছিঙি পেলোৱা সন্দৰ্ভত তেওঁ কয়, "পূৰ্বে এই সন্দৰ্ভত মঙলদৈত আলোচনা হৈছিল । সংবাদমেলো দিয়া হৈছিল । তেওঁ ভুলো স্বীকাৰ কৰিছিল । জুবিন গাৰ্গে কি কৰিছিল সেয়া কৰাতকৈ প্ৰকৃত সংস্কাৰ আছে নে নাই সেইটো জনাতো প্ৰয়োজনীয় । কিয়নো এজন ব্ৰাহ্মণে বা উপবীত ধাৰণ কৰা মানুহে এনে কৰিব নোৱাৰে ।"
এয়া পাব্লিচিটি ষ্টাণ্ট বুলি দাবী কৰি শৰ্মাই কয়, "যুৱকজনৰ ইয়াত দুই তিনিটা কথা থাকিব পাৰে । তেওঁ লগুণ ছিঙিছে মিডিয়াৰ সন্মুখত, যাক পাব্লিচিটি লাগে । পাব্লিচিটিৰ বাবেই ইয়াৰ পূৰ্বে এজন যুৱকে জুবিন গাৰ্গৰ জোতা চেলেকিছিল ।" ইছলামিক সংগঠনৰ চক্ৰান্ত থকাৰ কথাও তেওঁ সন্দেহ কৰে ।
তেওঁ কয়, "সৃষ্টিৰ আৰম্ভণিৰ পৰাই ব্ৰাহ্মণসকলক শ্ৰেষ্ঠ বুলি শাস্ত্ৰই স্বীকাৰ কৰিছে । ব্ৰাহ্মণে মানিব লগা ধৰ্ম, কৰ্ম, সংস্কৃতি কৰিছে নে নাই সেইটো পিছৰ কথা । কিন্তু শাস্ত্ৰই ব্ৰাহ্মণক শ্ৰেষ্ঠ জাতি বুলি কৈছে । সদায় বৰগছ জোপাত বতাহে খুন্দা মাৰে । কিন্তু লগুণ ডাল টানি ছিঙিব পৰা বস্তু নহয় । লগুণ দোকানৰ সূতা নহয় । লগুণ বনাবলৈ ব্ৰাহ্মণৰ বিধৱাই লঘোণে থাকি কপাহৰ পৰা সূতা কাটি তাৰ পিছত লগুণ বনায় । এজন ব্ৰাহ্মণে মন্ত্ৰ কৰি তাক বান্ধে । ৯ টা গুণ থাকে । ইমান সহজে ছিঙিব নোৱাৰি । ল'ৰাজনে ইমান সহজে ছিঙি দিছে...।"
জুবিন গাৰ্গে লগুণ ছিঙা প্ৰসংগত তেওঁ কয়, "জুবিনৰ লগুণ ছিঙাটো আছিল চিনেমাৰ ডায়লগ । কাইলৈ যদি মই এখন চিনেমাত অভিনয় কৰি ধৰ্ষণৰ গোচৰত জড়িত হওঁ, সেয়া অভিনয়হে, সেইবুলি মই সঁচাকৈয়ে অভিযুক্ত নেকি বা মই দোষী হ'ব পাৰোঁ নেকি ? চিনেমা চিনেমাই, নাটক নাটকেই, কোনোবাই হাইলাইট হ'বলৈ এইবোৰ কৰিছে ।"
জুবিন অনুৰাগীলৈ তেওঁ আহ্বান, "তুমি জুবিনক ভাল পাইছা, জুবিনক শ্ৰদ্ধা কৰা, গানবোৰ চৰ্চা কৰা, জুবিনে দুখীয়া নিচলাক সহায় কৰাৰ দৰে তুমিও কৰা । কিন্তু তাকে নকৰি লগুণ ছিঙিলে সমাজ সংস্কাৰ হ'ব নেকি ? লগুণ লৈ ভালপোৱা, নোলোৱাকৈ ভালপোৱা আপোনাৰ কথা । কিন্তু এটা কথা ঠিক যি প্ৰকৃত সংস্কাৰী ব্যক্তি, যাক পৰম্পৰাগতভাৱে বেদ মন্ত্ৰ উচ্চাৰণেৰে লগুণ দিছে । সেই লগুণ কোনোপধ্যেই ছিঙিব নোৱাৰে । তেনেকৈ ছিঙাটো সমাজখনৰ কাৰণে শুভ বাৰ্তা নহয় ।"

