ETV Bharat / state

জীৱন সংগ্ৰামৰ সমানেই সংগীত সাধনাত ব্ৰতী এজন যুৱক

দাৰিদ্ৰতাই কোঙা কৰা এজন যুৱক ৷ তথাপি তেওঁ হাৰ মনা নাই । অশেষ পৰিশ্ৰমৰ লগতে সংগীত জগতখনতো নিজকে প্ৰতিষ্ঠা কৰাৰ সপোন ৰচিছে ।

Life Struggle Story Baksa Youth
সংগীত সাধনাত ব্ৰতী গোলাপ দাস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 24, 2025 at 1:46 PM IST

3 Min Read
Choose ETV Bharat

বাক্সা : প্ৰত্য়াহ্বানৰ মাজতো শিল্পী সত্ত্বাক জীয়াই ৰখা এজন যুৱক । ২০ বছৰ পূৰ্বেই মৃত্য়ু হৈছিল যুৱকজনৰ পিতৃৰ । তেতিয়াৰে পৰাই বহুতো ঘাত-প্ৰতিঘাতৰ মাজেদি আগুৱাই নিছে জীৱন ৰথ । মাতৃৰ সৈতে পুৱাৰে পৰাই কঠোৰ পৰিশ্ৰম কৰা এই যুৱকজনে শৈশৱৰে পৰাই সমানেই চলাই আহিছে সংগীত চৰ্চা । আৰ্থিক দৈন্য়ৰ ওচৰত সহজে সেও মানিব নোখোজে এই যুৱকজনে ।

পথৰ দাঁতিত মাংস বিক্ৰী কৰি এদিন মাইক তুলি লৈ সাংস্কৃতিক জগতখনত খোজ পেলাইছিল এই যুৱকজনে । তেওঁ কোনো বিখ্য়াত শিল্পী নহয়,তথাপি সাংস্কৃতিক জগতখনত নিজক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই । এই যুৱকজন হৈছে বাক্সা জিলাৰ অঞ্চলীৰ টকুৰাকুছি গাঁৱৰ অতি দুখীয়া পৰিয়ালৰ গোলাপ দাস । বুকুত বহুতো আশা আৰু সপোন বান্ধি সংগীত জগতখনত খোজ পেলাইছে উদীয়মান শিল্পীজনে ।

সংগীত সাধনাত ব্ৰতী গোলাপ দাস (ETV Bharat Assam)

পথৰ দাঁতিত মাতৃৰ সৈতে মাংস বিক্ৰী কৰি সপোন দেখা গোলাপ দাসক সংগীতৰ জগতখনত ৰাইজে ইতিমধ্যে আঁকোৱালি লৈছে । বিগত দহ বছৰে বিভিন্ন অঞ্চলত সংগীত পৰিৱেশন কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে কণ্ঠশিল্পীজনে । তেওঁ ইতিমধ্য়ে অসমীয়া,বড়ো,বাঙালী,আদিবাসী,হিন্দী ভাষাত সংগীত পৰিৱেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু ভাইৰেল আৰু প্ৰতিযোগিতাৰ এই যুগত এতিয়া শিল্পীৰ মাননি আৰু মঞ্চ অনুষ্ঠানত হেঙাৰ হোৱাত হতাশ হৈছে তেওঁ ৷

Life Struggle Story Baksa Youth
সংগীত সাধনাত ব্ৰতী গোলাপ দাস (ETV Bharat Assam)

এতিয়া বিহু মঞ্চ বিচাৰি সৰু-সুৰা শিল্পীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে । মাননি কম হ'লেও মঞ্চত অনুষ্ঠান চলাই যাব গোলাপ দাসে । গোলাপ দাসৰ দৰে শিল্পী সকলক উদযাপন সমিতিসমূহে এখন মঞ্চ দি সংগীত পৰিৱেশন কৰিবলৈ সুযোগ দিলে হয়তো আন উদীয়মান শিল্পী সকলেও উৎসাহ পাব ৷ ভূপেন হাজৰিকা,খগেন মহন্ত,জুবিন গাৰ্গ,ৰাজীৱ শদিয়া সদায় জীয়াই থাকিব গোলাপ দাসৰ দৰে কণ্ঠশিল্পীৰ কণ্ঠত ।

কাৰ পৰা অনুপ্ৰেৰণা পালে গোলাপ দাসে ?

সংগীত জগতখনত খোজ পেলোৱাৰ ক্ষেত্ৰত তেওঁ কাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল বুলি সোধা প্ৰশ্নৰ উত্তৰত পিতৃহাৰা গোলাপ দাসে কয়," সৰুৰে পৰাই ভূপেন হাজৰিকা,খগেন মহন্ত,জুবিন গাৰ্গৰ গীত শুনি অনুপ্ৰেৰণা লাভ কৰিছো ৷ মাতৃ কল্পনা দাসৰ লগতে মোৰ সমনীয়া আৰু সংবাদ মাধ্যমৰ লোক সকলে সংগীত জগতত আগুৱাই যোৱাত সহায় কৰিছে ৷"

সমাগত ৰঙালী বিহুত সন্ধিয়া গীত পৰিৱেশনৰ বাবে অনুশীলনত ব্যস্ত থাকিলেও দিনৰ ভাগত মাংস বিক্ৰী কৰা গোলাপ দাসে কয়,“ আমাক মাননি অন্য শিল্পীৰ দৰে নিদিলেও অসমৰ ৰাইজে যাতে বিহু মঞ্চত গান গাবলৈ সুবিধা কৰি দিয়ে ৷ আমাৰ দৰে উদীয়মান শিল্পীক যাতে ৰাইজে আঁকোৱালি লয় তাৰ বাবে ৰাইজক আহ্বান জনালো ৷ শিল্পী ৰাজীৱ শদিয়াৰ গান গোৱাৰ চেষ্টা কৰো ৷ যিহেতু বিহুৰ সময়ত হিন্দী গান গোৱাত বাধা আছে সেয়েহে সাত বিহুৰ পিছত ৰাইজে বিচাৰিলে হিন্দী গান গাব পাৰিম ৷"

কি কয় স্থানীয় লোকে ?

কণ্ঠশিল্পী গোলাপ দাস সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়,“ গোলাপ দাসে বৰ্তমান এই অঞ্চলত সংগীত পৰিৱেশনত যথেষ্ট সুনাম কৰিছে ৷ তেওঁ নিজৰ প্ৰচেষ্টাত এনেদৰে সংগ্ৰাম কৰি ৰাইজৰ মাজত উঠি আহিছে ৷ অসমৰ ৰাইজে যাতে উদীয়মান শিল্পী গোলাপ দাসক বিহু মঞ্চত গান গোৱাৰ বাবে আঁকোৱালি লয় তাৰ বাবে অনুৰোধ জনাইছো ।"

লগতে পঢ়ক:জুবিন গাৰ্গৰ সৈতে এইবাৰ বিহুত গীত পৰিৱেশন নকৰে কণ্ঠশিল্পী শতাব্দী বৰাই - SATABDI BORAH WITH ZUBEEN GARG