ETV Bharat / state

কালিকা লাগিছে যোৰহাটত ! বেদাংগৰ পিছত এইবাৰ ৰাস্তাত আগচি আৰু এজনক হত্যা - JORHAT GANG ATTACK

আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ যোৰহাট আৰক্ষী । সংঘটিত হৈছে এটাৰ পিছত আন এটা হত্যাকাণ্ড ।

Jorhat gang attack
বেদাংগৰ পিছত এইবাৰ ৰাস্তাত আগচি আৰু এজনক হত্যা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 9:39 AM IST

2 Min Read

যোৰহাট : যেন কালিকা লাগিছে যোৰহাটত ! এটাৰ পিছত আন এটা অপৰাধমূলক ঘটনা যোৰহাটত সংঘটিত হৈছে । বেদাংগ ভূষণ বৰুৱাৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আন এক হত্যাকাণ্ড সংঘটিত হৈছে । এইবাৰৰ ঘটনা দেৰকুৰিয়াৰ । পিতা-পুত্ৰসহ কেইবাজনো লোকৰ বৰ্বৰ আক্ৰমণত মৃত্যু হ'ল এজন যুৱকৰ । আনহাতে যুৱকজনৰ জ্যেষ্ঠ ভাতৃও হাস্পতালৰ বিছনাত মৃত্যুৰে যুঁজিছে ।

দলবদ্ধ আক্ৰমণত যুৱকৰ মৃত্যু

বেদাংগৰ পিছত এইবাৰ ৰাস্তাত আগচি আৰু এজনক হত্যা (ETV Bharat)

দেৰকুৰিয়া ঘটনাৰ বিৱৰণী অনুসৰি যোৰহাট পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰহুজৰ পঞ্চজ্যোতি শইকীয়া আৰু তেওঁৰ ভাতৃ কৃষ্ণজ্যোতি শইকীয়াই বৃহস্পতিবাৰে নিশা নিজা বাহনেৰে ঘৰৰ পৰা আহি থকা সময়তে বাটতে কেইজনমান লোকে আগচি ধৰে । অভিযোগ অনুসৰি যোৰহাট পুলিবৰ দেৰকুৰিয়া নিৱাসী পুষ্পনেন্দ হাজৰিকা আৰু তেওঁৰ পুত্ৰ ভৃগু হাজৰিকাই পানীচুকুৱাৰ দৈনিক বজাৰত পঞ্চজ্যোতি আৰু তেওঁৰ ভাতৃক আগচি ধৰে । তাৰ পিছতে দুয়ো ভাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । ফলত ঘটনাস্থলীতে কৃষ্ণজ্যোতি শইকীয়াৰ মৃত্যু হয় । ইফালে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুৰে যুঁজিছে জ্যেষ্ঠ ভাতৃ পঞ্চজ্যোতি শইকীয়াই ।

এই নাৰকীয় হত্যাকাণ্ডই যোৰহাট জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাটোৰ পিছতে উচিত ন্যায়ৰ দাবীত স্থানীয় ৰাইজে নিশাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰে । ঘটনাটোৰ পিছত আৰক্ষী অধীক্ষকসহ উচ্চ পদস্থ বিষয়াসকল উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । জানিব পৰা মতে এই ঘটনাত জড়িত থকাৰ অভিযোগত পুষ্পনেন্দ হাজৰিকা আৰু তেওঁ পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

পুৰণি শত্ৰুতা আছিল নেকি ?

ঘটনাত নিহত যুৱকজনৰ পিতৃয়ে সমগ্ৰ ঘটনাৰ বৰ্ণনা কৰি কয়, "ফেব্ৰুৱাৰী মাহত সংঘটিত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়ে পুষ্পনেন্দ হাজৰিকা আৰু তেওঁৰ পুত্ৰই মোৰ পুত্ৰক নৃশংসভাৱে হত্যা কৰে । ফেব্ৰুৱাৰী মাহত সংঘটিত পথ দুৰ্ঘটনাটোৰ আলম লৈয়ে সেই সময়তো মোৰ পুত্ৰক তেওঁলোকে আক্ৰমণ কৰিছিল । সেই সময়ত পুলিবৰ আৰক্ষী আৰু যোৰহাট আৰক্ষী অধীক্ষকক পুষ্পনেন্দ হাজৰিকা আৰু তেওঁৰ পুত্ৰৰ কু-কৰ্মৰ বিষয়ে জনোৱা হৈছিল যদিও আৰক্ষীয়ে সেই সময়ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।" সমগ্ৰ ঘটনাটো সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে অৱহেলা কৰাৰো অভিযোগ ভুক্তভোগী যুৱকৰ পিতৃৰ । অৱশ্যে পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবঢ়ায় ।

লগতে পঢ়ক :উপায়হীন ! শাসক দলৰ বিধায়কেই দিলে প্ৰশাসনৰ ব্যৰ্থতাৰ ইংগিত - JORHAT YOUTH MURDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.