ETV Bharat / state

বিহু গুচি হ'ল বিহ: যোৰহাটত গণপ্ৰহাৰত কৰুণ মৃত্যুক সাৱটিলে যুৱকে

যোৰহাটত ছাত্র নেতা অনিমেশকাণ্ডৰ পুনৰাবৃত্তি । বিহু অনুষ্ঠানত যুৱকক গণপ্ৰহাৰ ১০-১৫ জনীয়া দলৰ ।

Jorhat mob lynching
যোৰহাটত গণপ্ৰহাৰত কৰুণ মৃত্যুক সাৱটিলে যুৱকে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 22, 2025 at 1:48 PM IST

4 Min Read
Choose ETV Bharat

যোৰহাট: ছাত্র নেতা অনিমেশ ভূঞাৰ গণপ্ৰহাৰৰ ঘটনা আৰু কৰুণ মৃত্যুৰ দুখজনক স্মৃতি এতিয়াও যোৰহাট তথা অসমবাসীৰ মাজত সজীৱ হৈয়ে আছে । উক্ত ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ যোৰহাটত সংঘটিত হ'ল অনুৰূপ ঘটনা । আন এক গণপ্ৰহাৰৰ হৃদয়বিদাৰক ঘটনাই পুনৰ জোকাৰি গৈছে যোৰহাট জিলা । লগতে জিলাখনত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

দেওবাৰে কি হৈছিল যোৰহাটত

যোৰহাটত গণপ্ৰহাৰত কৰুণ মৃত্যুক সাৱটিলে যুৱকে (ETV Bharat Assam)

ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, যোৰহাটৰ চন্দন নগৰত যোৱা দেওবাৰে অনুষ্ঠিত বিহু অনুষ্ঠান চাই নিশা ঘৰলৈ আহিবলৈ ওলোৱাৰ পথত অঞ্চলটোৰে দেৱাংগ ভূষণ বৰুৱা নামৰ যুৱকজনক এদল যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পথৰ দাঁতিত পেলাই থৈ যায় । মুমূৰ্ষু অৱস্থাত পথৰ দাঁতিত পৰি থকা যুৱকজনক স্থানীয় লোকে উদ্ধাৰ কৰি প্ৰথমাৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় যদিও পৰৱৰ্তী সময়ত তেওঁক যোৰহাট মিছন হাস্পতাললৈ স্থানান্তৰ কৰা হয় । কিন্তু মগজুৰ আঘাত গুৰুতৰ হোৱাৰ বাবে মঙলবাৰে পুৱা যুৱকজনে চিকিৎসালয়ৰ বিছনাতে কৰুণভাৱে মৃত্যুক আকোঁৱালি লয় ।

যোৰহাট মিছন হাস্পতালৰ চিকিৎসকে জনোৱা মতে, যুৱকজনে মগজুত বৰ বেয়াকৈ আঘাত পাইছিল । যাৰ বাবে তেওঁক তৎক্ষাণিকভাৱে অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও মঙলবাৰে পুৱাৰ ভাগত চিকিৎসাধীন অৱস্থাতে যুৱকজনে মৃত্যুক আকোঁৱালি লয় ।

ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে কি কয়

ঘটনাৰ সময়ত ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় এজন যুৱকো কয়, "ঘটনাটো দেওবাৰে ৰাতি সংঘটিত হৈছিল । গমা পথ আৰু চন্দন নগৰৰ ভিতৰৰ চাৰিআলিটোত ঘটনাটো হৈছিল । দেখিবলৈ পালোঁ অনুষ্ঠানটোৰ ওচৰতে কেইবাজনো ল'ৰাই এজন ল'ৰাৰ লগত কাজিয়া লাগি আছে । ওচৰলৈ যাওঁতে দেখিলোঁ তেওঁলোকে ল'ৰাটোক মাৰিছে । ল'ৰা কমেও ১০-১৫ টা মান আছিল । স্থানীয় যুৱক নহয় মোৰ মতে । মই সন্দেহ কৰা মতে তেওঁলোক ওচৰে-পাজৰৰে হয় । মাৰি থকা ল'ৰাজন বেদাংগ ভূষণ বৰুৱা, দাদায়ে হয়, তেওঁক মাৰিছে । চিনাকি দাদা । তেওঁক দেখিয়ে ওচৰলৈ গ'লোঁ কি হৈছে বুলি । তেনেকুৱাতে দেখিলোঁ কিছুমানে গুৰুলাগুৰুলকৈ পিটিছে । তাৰ পিছত তলত পৰাৰ পিছত ল'ৰাবোৰে তাৰ পৰা পলায়ন কৰে । এটা ল'ৰাকো আমি ভালকে চিনি নাপালোঁ ।"

পিতৃয়ে কি কয়

আনহাতে, দেৱাংগ ভূষণ বৰুৱাৰ পিতৃয়ে জানিবলৈ দিয়া মতে, একাংশ যুৱকে বিহু অনুষ্ঠানত হুলস্থুল কৰাত বাধা দিয়াৰ বাবেই উদণ্ড যুৱকৰ আক্ৰমণৰ সন্মুখীন হ'ল তেওঁৰ পুত্ৰ । শোকাকুল পিতৃয়ে কয়, "সিহঁতে হুলস্থুল কৰি আছিল ফাংচনত । সেই কাৰণে মানা কৰিছিল বুলি শুনিছোঁ । সেইটোকে আখেজ লৈ প্ৰথমবাৰ মাৰিম বুলি আহিছিল কিন্তু কোনোবা কোনোবাই বাধা দিলে সেই কাৰণে গ'লগৈ । তাৰ পিছত আকৌ আহিল । তেনেকৈ দুবাৰ আহিলে । শেষত যেতিয়া ফাংচন শেষ হ'ল, যেতিয়া সকলো ঘৰাঘৰি যাবলৈ হ'ল, লগৰকেইজনো গ'লগৈ আৰু ইও ঘৰমুখী হৈছিলে, কিন্তু ঘৰ নাপালেহি আৰু । লগৰ ল'ৰা এজনে দেখিলে । সি পৰি থকাহে দেখিছে । তাৰ পিছত হস্পিটেললৈ লৈ আহিলে । তেতিয়া মোক খবৰ দিছে ।"

মৃত্যু সন্দৰ্ভত চিকিৎসকৰ ভাষ্য

ইফালে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত আই চি ইউ খালী নথকাত পৰৱৰ্তী সময়ত ভুক্তভোগীক যোৰহাট মিছন হাস্পতালত ভৰ্তি কৰোৱা হয় । এই সন্দৰ্ভত চিকিৎসালয়খনৰ চিকিৎসকে কয়, "তেওঁ কালি যোৰহাট মেডিকেল কলেজত আই চি ইউত ছীট নাপাই ইয়ালৈ আহিল ১১.১৬ ত দিনত । অহাৰ লগে লগে আই চি ইউত ছীট দিয়া হ'ল । ছেমি ভেণ্টিলেচনত ৰখা হৈছিল । তাৰ পিছত নিউৰ'-ছাৰ্জনে চাই ইমিডিয়েট অপাৰেচনৰ কথা ক'লে । অপাৰেচন কৰা হ'ল । ৩ বজাত অ'টিত সোমাই ৬.৩০ত ওলাইছে । ব্ৰেইনত দুখ পাই বেয়াকৈ ফুলিছে । অপাৰেচন কৰি যিমানখিনি পাৰি ফুলাবোৰ উলিয়াই আকৌ আই চি অ'লৈ শ্বিফ্ট কৰি ভেণ্টিলেচনত ৰখা হৈছিল । আনফৰ্চুনেটলী পুৱা ৬ বজাত তেওঁক মৃত ঘোষণা কৰিবলগা হয় ।"

উল্লেখ্য যে মৃত যুৱকজনৰ পিতৃ ভুৱন চন্দ্ৰ বৰুৱা এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু মাতৃ হৈছে ৰুগীয়া । ইফালে একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত দগ্ধ হৈ পৰিছে বৃদ্ধ পিতৃ-মাতৃ । ইতিমধ্যে পৰিয়ালৰ তৰফৰ পৰা ২১ এপ্ৰিলতে আক্ৰমণৰ ঘটনা সম্পৰ্কে যোৰহাট লিচুবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হৈছে ।

লগতে পঢ়ক :অন্ধবিশ্বাসৰ বলি হ’ল নেকি মুণ্ডা বস্তিৰ দম্পতী ! তিনি অভিযুক্তক গ্ৰেপ্তাৰ - MURDER ACCUSED ARRESTED
লগতে পঢ়ক :ছাগলী চোৰ ! গণপ্ৰহাৰত ওলাই গ'ল প্ৰাণবায়ু - DIBRUGARH MOB LYNCHING