অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আঘাতপ্ৰাপ্ত যুৱকৰ মৃত্যু
অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত যুৱকৰ মৃত্যু । কিছুসময় পূৰ্বে মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষঃনিশ্বাস ত্যাগ কৰে ছামিউল হকে ।

Published : July 29, 2025 at 8:12 PM IST
|Updated : July 30, 2025 at 12:24 AM IST
গুৱাহাটী : অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছামিউল হকে মঙলবাৰে বিয়লি মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষনিশ্বাস ত্যাগ কৰে । চিকিৎসালয়খনৰ কৰ্তৃপক্ষ আৰু ছামিউলৰ পিতৃ-মাতৃয়ে নিশ্চিত কৰে এই কথা । ২৫ জুলাইৰ মাজনিশা কাহিলীপাৰাত নন্দিনীৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল যুৱকজন ।
ছামিউল হকৰ ঘৰ নলবাৰী জিলাৰ মুগদি সোণাপুৰ গাঁৱত । ২১ বছৰীয়া ছামিউল নলবাৰী পলিটেকনিকৰ ইলেক্ট্ৰিকেল বিভাগৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ । ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবে পৰিয়ালক সহায় কৰাৰ বাবে সেইদিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ঠিকাভিত্তিক কামত যোগদান কৰিছিল । দুৰ্ঘটনাৰ পাছত অভিনেত্রী নন্দিনী কাশ্যপকে এবাৰলৈয়ো যুৱকজনৰ খবৰ নোলোৱাৰ অভিযোগ কৰিছে ছামিউলৰ পৰিয়ালৰ লোকে । ছামিউলৰ পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, নন্দিনী কাশ্যপে তেওঁ মোবাইল অফ কৰি থৈছে ।
ছামিউলৰ পৰিয়ালৰ লোকে কয়, "আজি পাঁচদিন হৈ গ'ল তাই খবৰ লোৱা নাই । আজি তাই নিউজ পাইছে, তাই খবৰ এটা ল'ব লাগেনে নাই ! তাই কি জ্ঞান নাই ! তাই এক্টৰ নেকি ! তাই আৰ্টিষ্ট, তাই আৰ্টিষ্ট নে কি ! আৰ্টিষ্ট এটাৰ মন কোমল হ'ব লাগে । এনেকুৱা এটা ল'ৰা মৰি গৈছে, তাই খবৰ ল'ব পাৰে নে নোৱাৰে । পুলিচে কি ওপৰত হেঁচা-ঠেলা কৰি আছে । তাই শাস্তি বেলেগকৈ হ'ব । তাই শাস্তি ঘৰৰ মানুহে বেলেগকৈ ল'ব ।"
অভিযোগ অনুসৰি, মহানগৰীৰ কাহিলিপাৰাৰ দক্ষিণগাঁৱত শুকুৰবাৰে পুৱতি নিশা ঘণ্টাত ১০০-১২০ কিলোমিটাৰ বেগত চলাই অহা নিজৰ বলেৰো বাহনে বিপৰীত দিশৰ পৰা এখন স্কুটীত আহি থকা ছামিউল হক নামৰ ২১ বছৰীয়া যুৱকজনক খুন্দা মাৰি পলায়ন কৰিছিল অভিনেত্ৰীগৰাকীয়ে । কিন্তু প্রত্যক্ষদর্শীয়ে খেদি খেদি অভিনেত্ৰীগৰাকীক বাহনসহ ৰখাবলৈ সক্ষম হৈছিল যদিও ওলোটাই নন্দিনী কাশ্যপে ৰুদ্রমূর্তি ধৰি লম্ফজম্ফহে কৰিছিল ।
ইফালে গুৰুতৰভাৱে আহত ছামিউলক দুৰ্ঘটনাৰ পাছত ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল । ইয়াৰ পাছত সোমবাৰে যুৱকজনক উন্নত চিকিৎসাৰ বাবে মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় । দুৰ্ঘটনাটোত বাহনৰ খুন্দাত যুৱকজনে মূৰ আৰু বুকুত আঘাত পোৱাৰ লগতে দুয়োখন ভৰি ভাঙি যোৱা বুলি ছামিউলৰ পৰিয়ালৰ লোকে জানিব দিছিল ।
ইয়াৰ পাছতেই দিছপুৰ আৰক্ষীয়ে অভিনেত্ৰী নন্দিনী কাশ্যপক সোধা-পোছাৰ বাবে চমন জাৰি কৰে । দুৰ্ঘটনা সংঘটিত কৰি খঙত টিঙিৰিতুলা হৈ পৰা নন্দিনীয়ে অৱশেষত চমন পাই সোমবাৰে পুৱা ১০ বজাত ভিজা মেকুৰীৰ দৰে দিছপুৰ তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ'বলৈ বাধ্য হয় ।
ইফালে, আজি দিছপুৰ আৰক্ষীয়ে জব্দ কৰে নন্দিনী কাশ্যপৰ দুৰ্ঘটনাগ্ৰস্ত বলেৰ' বাহনখন । দুৰ্ঘটনাটোৰ ৪ দিন পিছতহে দিছপুৰ আৰক্ষীয়ে জব্দ কৰে বাহনখন । শনিবাৰে আৰক্ষীয়ে নিয়ম মাফিক MVI কৰি যাব দিছিল বাহনখন ।
উল্লেখ্য যে, বৰ্তমান ছবিগৃহ চলি থকা অসমীয়া ছবি 'ৰুদ্ৰ'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী নন্দিনী কাশ্যপে । ২০২৩-২৪ বর্ষত ৰাজমুকুট থিয়েটাৰৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণৰ যাত্ৰাৰ পাতনি মেলা অভিনেত্ৰীগৰাকীয়ে এইবর্ষ অৰ্থাৎ ২০২৫-২৬ বৰ্ষৰ বাবে চুক্তিবদ্ধ হৈছে ৰাজধানী থিয়েটাৰৰ সৈতে । ৰূপালী পৰ্দা, ভ্ৰাম্যমাণৰ উপৰিও কেইবাখনো ধাৰাবাহিকতো অভিনয় কৰিছে নন্দিনী কাশ্যপে ।
অভিনেতা ৰবি শৰ্মাৰ শোক প্ৰকাশ
ছামিউল হকৰ মৃত্যুত অভিনেতা ৰবি শৰ্মাই শোক প্ৰকাশ কৰিছে । ফেচবুকত এটা পোষ্টত অভিনেতাগৰাকীয়ে কয়, "ছামিউল হকৰ মৃত্যুৰ বাতৰিটোৱে মোক মৰ্মাহত কৰি তুলিছে । তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু এই বৃহৎ ক্ষতিৰ সৈতে যুঁজ দিবলৈ তেওঁৰ পৰিয়ালটোক শক্তি প্ৰদান কৰে, তাৰ বাবে অন্তৰেৰে প্ৰাৰ্থনা জনাইছোঁ ।"

