ETV Bharat / state

মাকৈৰ খেতিৰে বছৰত ৯-১০ লাখ উপাৰ্জন: জোনাইৰ এজন যুৱকৰ কৃষি বিপ্লৱ - MAIZE CULTIVATION IN JONAI

জোনাইৰ ঐৰামঘাটৰ এগৰাকী যুৱ কৃষকে ২০০ বিঘা মাটিত বৈজ্ঞানিক পদ্ধতিৰে উন্নতমানৰ মাকৈৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ।

maize cultivation in jonai
জোনাইৰ এজন যুৱকৰ মাকৈৰ খেতিৰে কৃষি বিপ্লৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 6:38 PM IST

2 Min Read

জোনাই: অসম-অৰুণাচল সীমান্তৰ জোনাইৰ কেমি-ঐৰামঘাট-পুৰণা জেলেম অঞ্চলত শ শ হেক্টৰ কৃষিভূমিত চালে চকুৰোৱা হৈছে মাকৈ খেতি ৷ সীমান্তৱৰ্তী অঞ্চলটোত জোনাইৰ চিয়াং নদীৰ পাৰৰ সমভূমি অঞ্চলত এতিয়া শ শ কৃষকৰ পৰিয়ালে ভৱিষ্যতৰ সপোন দেখিছে মাকৈ খেতিৰে ৷

১০০ শতাংশ কৃষিজীৱী লোকে বসবাস কৰা জোনাইৰ সীমান্তত থকা ঐৰামঘাটৰ চিয়াং নদীৰ পাৰত বছৰ বছৰ ধৰি নীৰৱে অব্যাহত আছে কৃষি বিপ্লৱ ৷ এতিয়া ঐৰামঘাটৰ কেউপিনে মাথোঁ মাকৈৰ খেতি ৷ প্ৰখৰ ৰ'দকো নেওচি সোণোৱালী মাকৈৰ খেতিৰ মাজে মাজে মাকৈ ছিঙাত ব্যস্ত বোৱাৰী-জীয়াৰী ৷

জোনাইৰ এজন যুৱকৰ কৃষি বিপ্লৱ (ETV Bharat Assam)

এয়া ঐৰামঘাটৰ এজন শিক্ষিত তথা আদৰ্শ যুৱ খেতিয়ক বিনোদ টায়েৰ মাকৈ খেতিৰ দৃশ্য ৷ বিনোদ টায়েই জানিবলৈ দিয়া মতে, প্রতি বছৰৰ দৰে এইবাৰো নিজৰ পথাৰৰ ২০০ বিঘা মাটিত বৈজ্ঞানিক পদ্ধতিৰে কৰিছে উন্নতমানৰ মাকৈৰ খেতি ৷ প্ৰতি বছৰে মাকৈ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে তেওঁৰ খেতিত বহুকেইগৰাকী স্থানীয় লোককো দিবলৈ সক্ষম হৈছে কর্মসংস্থাপন ৷

maize cultivation in jonai
বিনোদ টায়েই মাকৈ খেতিৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতকে দিছে কৰ্মসংস্থাপন (ETV Bharat Assam)

অৱশ্যে মাজে মাজে কাষতে থকা পবা বনাঞ্চলৰ পৰা জাকে জাকে বন্যহস্তী ওলাই আহি মাকৈ খেতিত সোমাই মাকৈ খাই নষ্ট কৰে বুলি জানিবলৈ দিয়ে খেতিয়কগৰাকীয়ে ৷ যুৱ খেতিয়ক বিনোদ টায়েই মাকৈ খেতিৰ উপৰি ধান, আলু, সৰিয়হ, তিল আদি বিভিন্ন ধৰণৰ খেতি কৰি প্ৰতি বছৰে আর্থিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে ৷

maize cultivation in jonai
মাকৈ ছিঙাত ব্যস্ত এগৰাকী মহিলা (ETV Bharat Assam)

তেওঁ কয়, "উৎপাদন ভালে হৈছে । অলপমান বিধানকেইটা বেয়া হৈছে । মই ২০০০ চনৰ পৰা কৰি আছোঁ । যোৱা বছৰ ৫০০ পেকেটত ৯-১০ লাখ টকা পাইছোঁ ।"

উল্লেখ্য যে যিসময়ত কৰ্মসংস্থাপনৰ সন্ধানত ৰাজ্যৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়তে জোনাইৰ ঐৰামঘাটৰ বিনোদ টায়েৰ দৰে ঐৰামঘাট, পুৰণা জেলম, কেমি অঞ্চলৰ বহুকেইজন শিক্ষিত নিবনুৱা যুৱকে মাকৈ, আলু, সৰিয়হ, তিল, কবি আদিৰ কৃষিকৰ্মৰে দেখুৱাবলৈ সক্ষম হৈছে স্বাৱলম্বিতাৰ নিদৰ্শন ।

লগতে পঢ়ক :কেৱল আঘোণতেই নহয়, জেঠতো চপাব পাৰি সোণগুটি: উজনিত আৰম্ভ নতুন কৃষি বিপ্লৱ - BORO RICE CULTIVATION
লগতে পঢ়ক :নৈপৰীয়া কৃষিজীৱী পৰিয়ালৰ ঘৰ-ভেটি নদীত উছন যোৱাৰ উপক্ৰম - EROSION IN ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.