ETV Bharat / state

কিয় ক'ব মৰমৰ শিল্পীগৰাকীক বেয়াকৈ ! জুবিন অনুৰাগীৰ ৰোষত যুৱক

জুবিন গাৰ্গৰ বিষয়ে বেয়াকৈ কৈ জনতাৰ ৰোষত এজন যুৱক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মোস্তাক আহমেদ নামৰ যুৱকজনক ।

Golaghat youth remarks on Zubeen
অভিযুক্ত যুৱক মোস্তাক আহমেদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 3:08 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট : শুকুৰবাৰে নিশা গোলাঘাট নগৰৰ নপুৰত মোস্তাক আহমেদ নামৰ এজন যুৱকে জুবিন গাৰ্গক লৈ বিৰূপ মন্তব্য কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । গোলাঘাটৰ নপুৰৰ মোস্তাক আহমেদ নামৰ এজন যুৱকে জুবিন গাৰ্গক লৈ কৰা এনে মন্তব্যৰ বাবে জাতীয় দল-সংগঠনৰ লগতে জুবিনৰ অনুৰাগীসকলে যুৱকজনক শাস্তি দিবলৈ দাবী জনায় ৷

উল্লেখ্য যে জুবিন অনুৰাগীৰ আহ্বানত শুকুৰবাৰে স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈছিল গোলাঘাটৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ উক্ত সময়তে জুবিনক চিনি নাপাওঁ বুলি কৈ ৰাইজৰ ৰোষত পৰা যুৱকজনক গোলাঘাট আৰক্ষীয়ে আটক কৰি গোলাঘাট থানালৈ লৈ আহে ৷ তাৰ পিছত গোলাঘাট আৰক্ষী থানাত এক অভাৱনীয় পৰিবেশৰ সৃষ্টি হয় ৷

জুবিন অনুৰাগীৰ ৰোষত যুৱক (ETV Bharat Assam)

আৰক্ষীৰ বাহনৰ ভিতৰতে যুৱকজনক লপাথপা দিয়ে জুবিন গাৰ্গৰ অনুৰাগীসকলে । তাৰ পিছত যুৱকগৰাকীয়ে কেমেৰাৰ সন্মুখত তেওঁৰ ভুলৰ বাবে ক্ষমা বিচাৰে ।

মোস্তাক আহমেদ নামৰ যুৱকজনে ক্ষমা বিচাৰি কয়, "মই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা-ভিক্ষা বিচাৰিছোঁ । এটা ভুল বুজাবুজি হৈছে । মোৰ দোকান বন্ধ কৰিবলৈ কোৱা মানুহজনক মই সুধিছিলোঁ আপুনি কোন দোকান বন্ধ কৰিবলৈ ক'বলৈ । মই জুবিন গাৰ্গক শ্ৰদ্ধা কৰোঁ । তেখেতৰ গীত শুনি ডাঙৰ হৈছোঁ । যদি কিবা ভুল হৈছে মই ক্ষমা বিচাৰিছোঁ ।"

Golaghat youth remarks on Zubeen
আৰক্ষী থানাৰ বাহিৰত জুবিন অনুৰাগীৰ প্ৰতিবাদ (ETV Bharat Assam)

আনহাতে, এই সম্পৰ্কে বীৰ লাচিত সেনাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক অভিলাষ বৰাই কয়, "জুবিন গাৰ্গৰ ওপৰত এজন দোকানীয়ে বেয়া মন্তব্য কৰিছিল । এই কথাত আমি গৰিহণা দিয়াৰ লগতে আমি আইনৰ কাষ চাপিছিলোঁ আৰু ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে । এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছত সেই ব্যক্তিজনক গোলাঘাট আৰক্ষীয়ে আটক কৰিছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ।"

Golaghat youth remarks on Zubeen
আৰক্ষীৰ সন্মুখত ক্ষোভ প্ৰকাশ জুবিন অনুৰাগীৰ (ETV Bharat Assam)

ঘটনা সন্দৰ্ভত তেওঁ কয়, "জুবিন কোন হয় বুলি প্ৰশ্ন কৰিছিল আৰু তেখেতৰ দোকান বন্ধ কৰিবলৈ কোনোবাই ক'ব নোৱাৰিব বুলি কৈছিল । সকলোৰে সন্মতিক্ৰমে আজি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ সকলো দোকান-পোহাৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল ।"

লগতে পঢ়ক :ছিংগাপুৰত সম্পন্ন হ’ল জুবিনৰ মৰণোত্তৰ পৰীক্ষা; ৬ বজাত ৰাওনা হ’ব জুবিনৰ মৃতদেহ কঢ়িওৱা বিমান
লগতে পঢ়ক :জুবিনে নিজৰ প্ৰাণতকৈও বেছি ভাল পাইছিল এজোপা পাইন গছ