ডিব্ৰুগড় : থাৰ্মক’ল- সততে দেখি থকা এবিধ সামগ্ৰী ৷ অদৰকাৰী সমাগ্ৰী হিচাবে বিবেচিত এই থাৰ্মক’ল আপোনাৰো ঘৰৰ এচুকত বিচাৰিলে নিশ্চয় ওলাব ৷ পিছে আপুনি-মই অদৰকাৰী বুলি ভবা এই থাৰ্মক’লৰ পৰাও যে কিছু মূল্যবান সামগ্ৰী তৈয়াৰ কৰিব পাৰি, সেই কথা কেতিয়াবা বাৰু আপোনাৰ মনলৈ আহিছেনে ?
আপুনি জানি আচৰিত হ’ব, আমি সততে অদৰকাৰী বুলি ভবা এই থাৰ্মক’লৰ পৰাও যে কিছু মূল্যবান সামগ্ৰী প্ৰস্তুত কৰিব পাৰি ৷ হয়, এই অদৰাকীৰ বুলি ঘৰৰ চুকত পৰি ৰোৱা থাৰ্মক’লৰ পৰা ডিব্ৰুগড়ৰ এজন যুৱকে নিৰ্মাণ কৰিছে হাজাৰ হাজাৰ জাপি আৰু শৰাই ৷ এই যুৱকজনৰ নাম মৌচুম সোণোৱাল ৷ পেচাগতভাৱে মৌচুম এগৰাকী চিত্ৰশিল্পী ৷
কেৱল হাজাৰ হাজাৰ জাপি আৰু শৰাই নিৰ্মাণ কৰাই নহয়, পেলনীয়া থাৰ্মক’লৰ পৰা অসমীয়া জাতিৰ স্বাভিমানৰ এই সামগ্ৰীসমূহ প্ৰস্তুত কৰি কৰি বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ এগৰাকী চিত্ৰশিল্পী নাম মৌচুম সোণোৱালে ৷
নিজৰ কৰ্ম আৰু প্ৰচেষ্টাৰ বলত মৌচুমে ইতিমধ্যে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু অসম বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈও সক্ষম হৈছে ৷ মনৰ উদ্যম, একাগ্ৰতা আৰু সমাজৰ বাবে কিবা এটা কৰাৰ হাবিয়াস লৈ ফুৰা ডিব্ৰুগড় জকাই অঞ্চলৰ এই চিত্ৰশিল্পীগৰাকীয়ে নতুন প্ৰজন্মক আগবঢ়াই নিয়াৰ বাবে চলাই নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

চিত্ৰশিল্পী তথা জোনাক আৰ্ট একাডেমীৰ অধ্যক্ষ ড৹ মৌচুম সোণোৱালৰ উদ্যোগত প্ৰায় ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টাত পেলনীয়া মাছৰ কাৰ্টন তথা থাৰ্মকলেৰে বৰ্তমানলৈকে ৩০ হাজাৰ শৰাই আৰু জাপি নিৰ্মাণ কৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে । বুধবাৰে টিংখাঙৰ নখাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হাজাৰ হাজাৰ জাপি আৰু শৰাই প্ৰদৰ্শন কৰাৰ লগতে বিশ্ব ৰেকৰ্ডৰ স্বীকৃতি পত্ৰও বিতৰণ কৰা হয় ।
জাপি আৰু শৰাই নিৰ্মাণ কৰি ইতিমধ্যে ২০২২ চনত অসম বুক অৱ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰা ড৹ মৌচুম সোণোৱালৰ উদ্যোগত এইবাৰ ‘‘Official world records’’ত স্থান লাভ কৰিছে জোনাক আৰ্ট একাডেমীয়ে ।
লগতে পঢ়ক : কছাৰী কছাৰী সোণোৱাল কছাৰী... অ' মোৰ সোণ সোণাই ঐ... শদিয়াত পাতি লং থান লগতে পঢ়ক : বাঁহীৰ সুৰত সাৰ পোৱা গাঁওখনলৈ যাওঁ আহক... |
- ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সহযোগত নিৰ্মাণ হৈছে ৩০ হাজাৰ শৰাই আৰু জাপি :
জকাইৰ লোহিত সোণোৱাল আৰু সুমিত্ৰা সোণোৱালৰ কনিষ্ঠ পুত্ৰ মৌচুম সোণোৱালে সৰুৰে পৰাই চিত্ৰকৰ্মৰ সৈতে জড়িত হৈ আহিছে । জোনাক আৰ্ট একাডেমী নামৰ চিত্ৰকলাৰ এক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰত শাখা গঠনেৰে বৰ্তমানলৈকে বহু ছাত্ৰ-ছাত্ৰীক চিত্ৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ।
চিত্ৰশিল্পী ড৹ মৌচুম সোণোৱালৰ নেতৃত্বত প্ৰায় ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সহযোগত বহু বছৰৰ নিৰলস প্ৰচেষ্টাৰ অন্তত পেলনীয়া থাৰ্মকলেৰে ৩০ হাজাৰ শৰাই আৰু জাপি নিৰ্মাণ কৰি এই বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ।

- Official world records ত স্থান লাভৰ মেইলযোগে বাৰ্তা প্ৰেৰণ :
পেলনীয়া থাৰ্মকলেৰে ৩০ হাজাৰ শৰাই আৰু জাপি নিৰ্মাণ কৰি জোনাক আৰ্ট একাডেমীয়ে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱাত চিত্ৰশিল্পী তথা জোনাক আৰ্ট একাডেমীৰ অধ্যক্ষ ড৹ মৌচুম সোণোৱালে কয়, "২০০৯ চনৰ পৰা এই চিত্ৰশিল্প কৰ্মত জড়িত হৈ আহিছো । বিগত ৭ বছৰে ছাত্ৰ-ছাত্ৰীসকলক লৈ এই প্ৰচেষ্টা কৰা হৈছিল । ক'ভিড পৰিস্থিতিৰ সময়ত বিদ্যালয় বন্ধ থকা সময়ত আমি এই কাম আগবঢ়াই নিবলৈ সোণালী সুযোগ লাভ কৰিছিলো ।’’
‘‘আজি পেলনীয়া থাৰ্মকলেৰে ৩০ হাজাৰ শৰাই আৰু জাপি নিৰ্মাণ কৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ চেষ্টা কৰা হৈছিল । বিশ্ব ৰেকৰ্ড কৰ্তৃপক্ষই official world recordsত স্থান লাভৰ ই-মেইলযোগে বাৰ্তা প্ৰেৰণ কৰিছে । শৰাই আৰু জাপি নিৰ্মাণ কৰা, কেনেকৈ নিৰ্মাণ কৰা হৈছে, ক'ৰ পৰা থাৰ্মকলৰ অনা হৈছে সকলো ভিডিঅ'যোগে বিশ্ব ৰেকৰ্ড কৰ্তৃপক্ষক দিব লগা হৈছে ৷’’ ড৹ মৌচুম সোণোৱালে কয় ৷