বাইহাটা: সেউজীয়া সোণৰে জগত জিনাৰ হেঁপাহ জুনাইদ আহমেদৰ । বাঁহৰ বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰি এতিয়া চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈছে বাইহাটা চাৰিআলিৰ সমীপৰ জাঁজীকোনা গাঁৱৰ যুৱক জুনাইদ আহমেদ । যুৱকজনৰ হাতত প্ৰাণ পাই উঠিছে বাঁহৰে তৈয়াৰী বিভিন্ন ধৰণৰ সা সামগ্ৰী । বাঁহৰ পৰাই এই প্ৰতিভাসম্পন্ন যুৱকগৰাকীয়ে নিৰ্মাণ কৰিছে ভাৰতৰ জাতীয় পতাকা ।
ইয়াৰ উপৰিও যুৱকগৰাকীয়ে নিৰ্মাণ কৰিছে বাঁহৰ সৰু সৰু জাকৈ, খালৈ, চোফা আদি । কিতাপৰ বেটুপাত নিৰ্মাণ কৰিছে বাঁহৰে । অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ ছবি অংকন কৰিছে বাঁহৰ পাতেৰে । লগতে জুনাইদ আহমেদে বাঁহৰ পৰাই নিৰ্মাণ কৰে ম'বাইল কভাৰ ।
মুঠতে এইগৰাকী যুৱকৰ হাতত প্ৰাণ পাই উঠিছে বিভিন্ন সা-সামগ্ৰী । সংবাদ মাধ্যমৰ আগত জুনাইদ আহমেদে কয়,"বিগত ২০১৯ চনৰ পৰাই এই কাৰ্যৰ লগত জড়িত হৈ আছোঁ । কাপ, জুৱেলাৰী, ফাৰ্নিচাৰ, ব্যৱহাৰযোগ্য বিভিন্ন সামগ্ৰী বাঁহৰ পৰা নিৰ্মাণ কৰিছোঁ । প্লাইউড বাঁহৰ পাত প্ৰেছ কৰি কেইবাগৰাকী ৰাজনৈতিক নেতাৰ ছবি অংকন কৰিছোঁ ।"
উঠি অহা প্ৰজন্মৰ সংস্থাপনৰ বাবে এক নেচনেল প্ৰজেক্ট হাতত লোৱা হৈছে বুলি জনাই আহমেদে । এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগত আলোচনাত বহিব বুলিও উল্লেখ কৰে যুৱকগৰাকীয়ে । লগতে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই এই ক্ষেত্ৰত বহু উৎসাহ যোগাই আহিছে যুৱকগৰাকীক ।
বজাৰ সন্দৰ্ভত কয়,"এই বাঁহৰ সামগ্ৰীসমূহৰ এখন সুন্দৰ বজাৰৰ ব্যৱস্থা আছে । আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনতো এখন বৃহৎ বজাৰ আছে । নীৰা শৰ্মা নামৰ এগৰাকী মহিলাই এডাল বাঁহৰ পৰা বিভিন্ন জুৱেলাৰী নিৰ্মাণ কৰি ১ লাখ টকা উপাৰ্জন কৰিছে । বাঁহ সেউজীয়া সোণ । বাঁহৰ মূল্য আজি আমাৰ নৱ প্ৰজন্মই নাজানে ।"