খেলনাৰ মাধ্যমেৰে বড়ো জনগোষ্ঠীক পৰিচয় কৰি দিয়াৰ ব্যতিক্ৰমী প্ৰয়াস
বড়ো জনগোষ্ঠীক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য এগৰাকী যুৱ উদ্যোগীৰ ৷ ই টিভি ভাৰতৰ অনুপ শৰ্মাৰ বিশেষ প্ৰতিবেদন ৷


Published : February 28, 2025 at 4:07 PM IST
গুৱাহাটী: বড়ো জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্যত এক নতুন প্ৰাণ দিয়াৰ প্ৰয়াস অসমৰ এগৰাকী যুৱ উদ্যোগীৰ ।
নেচনেল ইনষ্টিটিউট অৱ ডিজাইন (এন আই ডি) আহমেদাবাদৰ স্নাতক কিৰাট ব্ৰহ্মই কেৱল জনসাধাৰণক সমাজখনৰ বিষয়ে সজাগ কৰাই নহয়, পৰিৱৰ্তিত সময়ৰ বাবে ক্ৰমান্বয়ে স্মৃতিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হোৱা সমাজখনৰ ইতিহাস আৰু উত্তৰাধিকাৰক সজীৱ কৰি তোলাৰ এক অনন্য উপায় বাছি লৈছে ।
ব্ৰহ্মই তেওঁৰ পদক্ষেপ জাংকলা ষ্টুডিঅ’ প্ৰাইভেট লিমিটেডৰ জৰিয়তে ইতিহাসৰ সৈতে জড়িত থকা পুতলা, লোককথাৰ খেলনা, শিক্ষণ খেলনা আৰু আন বহুতো বহনক্ষম সামগ্ৰী নিৰ্মাণ কৰি আহিছে ৷ তেওঁৰ প্ৰতিটো সামগ্ৰী নিৰ্মাণৰ অন্তৰালত আছে একোটাকৈ কাহিনী ৷

"জাংকলা ষ্টুডিঅ'' হৈছে এক সৃষ্টিশীল মঞ্চ, য'ত ডিজাইনাৰ, শিল্পী, বয়ন শিল্পী, গল্পকাৰ, সংৰক্ষণবাদী আৰু পৰিৱৰ্তনকাৰীসকলে একত্ৰিত হৈ উদ্দেশ্য প্ৰণোদিত, ঐতিহ্য সমৃদ্ধ সামগ্ৰীসমূহ তৈয়াৰ কৰে ।
‘‘উত্তৰ-পূব ভাৰতৰ পৰম্পৰাত শিপাই থকা সমসাময়িক ডিজাইনক আমি সাংস্কৃতিক কাহিনীৰ সৈতে সংলগ্ন কৰো, যাতে হাতেৰে নিৰ্মিত কাৰুকাৰ্যখচিত প্ৰতিটো টুকুৰাই বহনক্ষমতা আৰু সবলীকৰণৰ উত্তৰাধিকাৰ বহন কৰে ৷" এইদৰে মন্তব্য কৰে ব্ৰহ্মই ।

উল্লেখ কৰিব পাৰি যে অসমৰ অন্যতম বৃহৎ খিলঞ্জীয়া গোট বড়ো জনগোষ্ঠীৰ এক চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি আছে । কিন্তু সময়ৰ লগে লগে ইয়াৰ বহু পৰম্পৰা আৰু ৰীতি-নীতি স্মৃতিৰ গৰ্ভলৈ গৈ আছে । জাংকলা ষ্টুডিঅ’ই নিজৰ প্ৰচেষ্টাৰে অনন্য সৃষ্টিৰ জৰিয়তে এই পৰম্পৰাসমূহক পুনৰুজ্জীৱিত কৰাৰ দায়িত্ব লৈছে ।
ব্ৰহ্মই লগতে কয়, "আমাৰ হাতত এটা খেলনা(পুতলা) আছে যাৰ নাম শিখনা জ্বালাও । খেলনাটোৰ জৰিয়তে এই অঞ্চলটো শাসন কৰা আৰু ১৮৬৪-৬৬ চনৰ আশে-পাশে ভূটান আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা যুদ্ধৰ সময়ত ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে যুঁজ দিয়া কিংবদন্তী বড়ো নায়ক শিখনা জ্ৱালাওৰ কাহিনীক প্ৰতিফলিত কৰা হৈছে ৷ আনটো হৈছে বড়োলেণ্ডৰ মাতৃ ৰাণী, যি মমতা, ঐক্য আৰু পৰম্পৰা ৰক্ষাৰ প্ৰতীক ।"

"আমাৰ সামগ্ৰীসমূহ কেৱল ধেমালিৰ বাবে নহয় । আমাৰ শ্লোগান হৈছে এটা উদ্দেশ্য থকা খেলনা । খেলনাবোৰৰ জৰিয়তে ইতিহাস আৰু পৌৰাণিক কাহিনীৰ চৰিত্ৰসমূহক মূৰ্ত কৰি তোলাৰ উদ্দেশ্য হৈছে তেওঁলোকৰ কাহিনীসমূহ প্ৰচাৰ কৰা" বুলিও তেওঁ প্ৰকাশ কৰে ৷
লগতে কয়, "আমাৰ হাতত সোণালী বান্দৰ বা হলক গিবনৰ দৰে খেলনাও আছে, ই কেৱল অঞ্চলটোৰ বিষয়ে সজাগতা সৃষ্টি কৰাই নহয়, বৰং এইবিলাকে অঞ্চলটো আৰু জনসাধাৰণৰ কাহিনীও কয় । সোণালী বান্দৰ বি টি এ ডি অঞ্চলত পোৱা যায়, পিগমি হাঁহ বি টি এ ডি অঞ্চলত পোৱা যায় আৰু স্থানীয় লোকে তেওঁলোকৰ সৈতে এটা বান্ধোনৰ ভাগ-বাটোৱাৰা কৰে ৷ খেলনাবোৰে জনসাধাৰণৰ কাহিনী, সংস্কৃতি, সমাজৰ সকলো কথা কয় ৷"

ব্ৰহ্মই কয় যে জাংকলা ষ্টুডিঅ’ই স্থানীয় যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন দিয়াৰ চেষ্টাও কৰি আহিছে । পূৰ্বতে ভয়াৱহ বিদ্ৰোহৰ সাক্ষী হোৱা অঞ্চলটোত কৰ্মসংস্থাপনৰ সুযোগ নাই ৷ সুযোগৰ অভাৱৰ বাবেও বড়োলেণ্ড অঞ্চলত বাহ্যিক প্ৰব্ৰজন হৈছে ৷ কাৰণ বড়োলেণ্ডৰ যুৱক-যুৱতীসকলে প্ৰায়ে কামৰ বাবে ভাৰতৰ অন্যান্য চহৰলৈ প্ৰব্ৰজন কৰে ।
এই যুৱক-যুৱতীসকলক কিছু নিয়োগ প্ৰদান কৰাত সহায় কৰিবলৈ চেষ্টা কৰিছো বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকে যদি যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব পাৰে তেন্তে তেওঁলোকৰ প্ৰচেষ্টা সফল হ’ব ।
বড়োসকল অসমৰ আদিম জনগোষ্ঠী আৰু অসমৰ সৰ্ববৃহৎ ভৈয়ামৰ জনজাতি বুলি জনা যায় । আশীৰ দশকৰ আৰম্ভণিতে বিদ্ৰোহৰ ধাৰাবাহিকতাৰ বাবে এই জনগোষ্ঠীটো অৱশ্যে বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল । শেহতীয়াকৈ ভাৰত চৰকাৰে বিদ্ৰোহী সংগঠনৰ সৈতে কেইবাখনো শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছতে অঞ্চলটোৰ পৰিস্থিতি শান্তিপূৰ্ণ হৈ পৰিছে ।

