৫২ বছৰৰ পিছত নিজ ঘৰলৈ আহিল দীন চুতীয়া : লাহোৱাল গাঁৱৰ ঘৰখনত আনন্দৰ চকুলো - Emotional Homecoming
Rediscovering Roots : ৫২ বছৰৰ চকুলোৰ পিছত হাঁহিৰে ভৰি পৰিল এটা পৰিয়াল ৷ ৫২ বছৰ পূৰ্বে নিৰুদ্দেশ হৈ থকা মৰাণ লেঙেৰী লাহোৱালৰ নিৱাসী দীন চুতীয়াই নেপালৰ মুক্তিনাথ মন্দিৰৰ পৰা পালেহি নিজ ঘৰ ৷ এজন ইউটিউবাৰৰ ভিডিঅ’ প্ৰত্যক্ষ কৰি পৰিয়ালে লাভ কৰিছিল সন্ধান ৷

Published : August 28, 2024 at 6:01 PM IST
ডিব্ৰুগড়, ২৮ আগষ্ট : সামাজিক মাধ্যমৰ অপ-ব্যৱহাৰৰ ফলত কিছুক্ষেত্ৰত সমাজত অৰাজক পৰিৱেশ সৃষ্টি হোৱাৰ বিপৰীতে সামাজিক মাধ্যমে যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে । প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়ত অধিক শক্তিশালী হৈ উঠিছে সামাজিক মাধ্যম । সামাজিক মাধ্যমৰ শক্তিশালী যোগাত্মক বাৰ্তাৰ বাবেই ৫২ বছৰৰ চকুলোৰ পিছত আজি হাঁহিৰে ভৰি পৰিল এটা পৰিয়াল ।
সামাজিক মাধ্যমৰ জৰিয়তে ৫২ বছৰৰ অপেক্ষাৰ অন্তত এটা ভাল খবৰ পালে ডিব্ৰুগড়ৰ এটা পৰিয়ালে । ঘটনা অনুসৰি সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এটা ভিডিঅ'ৰ পৰাই বিগত ৫২ বছৰৰ পৰা নিৰুদ্দেশ হৈ থকা মৰাণ লেঙেৰী লাহোৱাল গাঁৱৰ নিৱাসী দীন চুতীয়াৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয় পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে প্ৰায় ৫২ বছৰৰ পূৰ্বে ২০ বছৰ বয়সত কলেজত পঢ়ি থকা অৱস্থাত কোনো কাৰণ নোহোৱাকৈ এদিন লেঙেৰীৰ ঘৰখনৰ পৰা ওলাই গৈছিল নলৰাম চুতীয়া আৰু পূৰ্ণীমালা চুতীয়াৰ দ্বিতীয় পুত্ৰ দীন চুতীয়া ।
সেইদিন ধৰি দীন চুতীয়াৰ কোনোধৰণৰ শুংসূত্ৰ লাভ কৰা নাছিল পৰিয়ালৰ লোকে । কিন্তু অসমৰ এগৰাকী ইউটিউবাৰে নেপালৰ মাছটাং মুক্তিনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ যোৱা সময়তে এগৰাকী অসমীয়া সন্ন্যাসীক লগ পাই বিগত ২০ বছৰৰ পৰা মন্দিৰটোত সাধনা কৰি থকা বুলি অৱগত হয় ৷ ইউটিউবাৰগৰাকীয়ে ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত আপলোড কৰাৰ লগতে মন্ত্ৰী বিমল বড়াই নিজৰ ফেচবুক ৱালত সেই ভিডিঅ'টো চেয়াৰ কৰা পিচতে পৰিয়ালৰ লোকে চিনাক্ত কৰে দীন চুতীয়াক । তাৰ পিছতে দীন চুতীয়াৰ সন্ধানত কেইটামান দিনৰ পূৰ্বে নেপাললৈ বুলি ৰাওনা হৈছে দীন চুতীয়াৰ চাৰিগৰাকী ভাগিন ।
আজি এক আৱেগভৰা সুখানুভূতি পৰিয়ালটোৰ মাজত । শুভ্ৰ বগা বস্তুৰে দীঘল চুলিৰে সুদীৰ্ঘ ৫২ বছৰৰ পিচত পৰিয়ালৰ সৈতে মহামিলন ঘটিল ২০ বছৰ বয়সত ঘৰৰ পৰা ওলাই যোৱা মৰাণ লেঙেৰী লাহোৱাল গাঁৱৰ নিৱাসী দীন চুতীয়াৰ । নিজৰ পিতৃ-মাতৃক বৃদ্ধ বয়সত সেৱা কৰিব নোৱৰাৰ বাবে বিগত ২০ বছৰে নেপালৰ মুক্তিনাথ মন্দিৰত সন্যাসী ৰূপত আছিল বুলি দীন চুতীয়াই জানিবলৈ দিছে । দীন চুতীয়াই ১৯৭৯ চনত ঘৰৰ পৰা ওলাই গৈ অৰুণাচল প্ৰদেশৰ আনিনীত কিছু বছৰ কটোৱাৰ পিচত কেদাৰনাথ আৰু অমৰনাথ মন্দিৰত সন্যাসী হিচাপে থাকে ৷ তাৰ পিছত বৃদ্ধ বয়সত নিজৰ পিতৃ-মাতৃক শুশ্ৰূষা কৰিব নোৱৰাৰ ফলত নিগাজীকৈ নেপালৰ মুক্তিনাথ মন্দিৰত সন্ন্যাসী হিচাপে বসবাস কৰি আছিল ।
সামাজিক মাধ্যমত ভিডিঅ’ দেখাৰ পিছতে নামৰূপৰ চাৰি ভাগিনৰ তত্বাৱধানত আৰু নেপালত বসবাস তেওঁলোকৰ বান্ধৱীসকলৰ সহযোগত দীন চুতীয়াক নেপালৰ পৰা নিজা বাসগৃহলৈ আনিবলৈ সক্ষম হয় । দীন চুতীয়া নামৰূপত উপস্থিত হোৱাৰ পিছতেই পৰিয়ালৰ লোকে ফুলাম গামোচাৰে আদৰি আনে । ইফালে সুদীৰ্ঘ ৫২ বছৰ কাল পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ থকা দীন চুতীয়াক কাষতে পাই উৎফুল্লিত হৈ পৰে পৰিয়ালৰ লোকৰ লগতে ওচৰ চুবুৰীয়া ।
আনহাতে সুদীৰ্ঘ সময় পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ থকা দীন চুতীয়াই কিছুদিন পৰিয়ালৰ লোকসকলৰ সৈতে চা-চিনাকি হৈ পৰিয়ালৰ সৈতে কিছু সময় কটাই পুনৰ নেপালৰ মুক্তিনাথ মন্দিৰলৈ ৰাওনা হ’ব বুলি জানিবলৈ দিছে ।
লগতে পঢ়ক : 45 বছৰৰ পূৰ্বে লোৱা 10 টকা সুদে-মূলে ওভতাই দিবলৈ আহিল মংগল শ্বেখ

