ETV Bharat / state

হস্ততাঁত শিল্প পৰ্যটন গাঁৱৰ শিপিনীৰ দুৰৱস্থা; লাভ কৰা নাই এড়ী কাপোৰৰ উচিত বজাৰ-মূল্য

ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এখন হস্ততাঁত শিল্প পৰ্যটন গাঁৱৰ শিপিনীৰ দুৰৱস্থা ! উপযুক্ত বজাৰ-দামৰ অভাৱত বাকচতে পৰি ৰৈছে লাখ টকাৰ এড়ী কাপোৰ ।

Kaziranga handloom tourism village
কাজিৰঙা ম'হপৰা হস্ততাঁত শিল্প পৰ্যটন গাঁৱৰ শিপিনীৰ দুৰৱস্থা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 2:12 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট : ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এখন গাঁও । এই গাঁওখন হৈছে কাজিৰঙা ম'হপৰা হস্ততাঁত শিল্প পৰ্যটন গাঁও । কিন্তু এতিয়া এই হস্ততাঁত শিল্প পৰ্যটন গাঁৱৰ শিপিনীসকল সংকটত পৰিছে ।

এইগৰাকী হৈছে আদৰ্শ শিপিনী অঞ্জলি গগৈ । অঞ্জলি গগৈয়ে কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকক বিভিন্ন সময়ত যোগান ধৰি আহিছে নিজে বোৱা কাপোৰ । কিন্তু উপযুক্ত বজাৰ দাম নোপোৱাৰ বাবে বাকচতে পৰি ৰৈছে লাখ লাখ টকাৰ নিজহাতে সূতা কাটি বোৱা এড়ী কাপোৰ ।

এড়ী কাপোৰৰ মোল নুবুজা লোকে দিব নিবিচাৰে প্ৰকৃত মূল্য । ফলত গাঁঠিৰ ধন ভাঙি নিজহাতে সূতা কাটি বোৱা এড়ী কাপোৰৰ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈছে বুলি জনাইছে শিপিনী অঞ্জলি গগৈয়ে ।

কাজিৰঙা ম'হপৰা হস্ততাঁত শিল্প পৰ্যটন গাঁৱৰ শিপিনীৰ দুৰৱস্থা (ETV Bharat Assam)

কাজিৰঙাৰ আদৰ্শ শিপিনী অঞ্জলি গগৈয়ে ২০ বছৰে এড়ীপলু পালন কৰি, নিজহাতে সূতা কাটি বৈ আহিছে এড়ী কাপোৰৰ উপৰিও গামোচা, চাদৰ-মেখেলা, টঙালি আদি অসমীয়া সাজপাৰ ।

আনহাতে, কাজিৰঙা ম'হপৰা হস্ততাঁত শিল্প পৰ্যটন গাঁৱৰ শিপিনী অঞ্জলি গগৈয়ে বহু কাকুতি-মিনতি কৰিও আজিলৈকে নাপালে সহজে পলু সূতা কাটিব পৰা এটা যন্ত্ৰ ! নাপালে নিজহাতেৰে সূতা কাটি বোৱা কাপোৰ বিক্ৰীৰ বাবে উপযুক্ত বজাৰ ! পোৱা নাই নিজে বোৱা অসমীয়াৰ স্বাভিমান এড়ী কাপোৰৰ উচিত মূল্য । ফলত এড়ী সূতা কটা এটা আধুনিক যন্ত্ৰৰ বাবে তেওঁ চৰকাৰলৈ অনুৰোধ জনাইছে ।

এই সম্পৰ্কে শিপিনী অঞ্জলি গগৈয়ে কয়, "বৰ্তমান বজাৰ নাই, য'ত মই এই কাপোৰ বিক্ৰী কৰিব পাৰো । মই বেছিভাগ এড়ী শ্বল, কাপোৰ, গামোচা, চাদৰ, মেখেলা আদি ঘৰতে এড়ী পালন কৰি নিজে সূতা কাটি নিজে তৈয়াৰ কৰাৰ লগতে লগতে এড়ী পলু বিক্ৰী কৰো । ইয়াৰ পৰা মই যথেষ্ট উপকৃত হৈছো । চৰকাৰক আধুনিক যন্ত্ৰৰ বাবে আবেদন কৰিছিলো । কিন্তু আজিলৈকে লাভ কৰা নাই । প্ৰতিবাৰেই কেৱল মাত্ৰ আশ্বাস দিয়ে, কিন্তু এতিয়ালৈকে দিয়া নাই ।"

লগতে পঢ়ক :কোটি টকাৰে মেৰামতি কৰাৰ এমাহ নহওঁতেই ভাঙিল দলং, নদীত পৰিল ডাম্পাৰ - BRIDGE COLLAPSES IN SILCHAR
লগতে পঢ়ক :শামুকৰ খোলাত মুকুতা; চৰৰ ল'ৰা আজি ন্যায়াধীশৰ আসনত - NAGAON YOUTH SUCCESS STORY