ETV Bharat / state

৬-৭ ফুট ওখ বাংকাৰ ৩ ফুটীয়া হ'ল কেনেকৈ ? তিনিচুকীয়াত দ্বিতীয় বিশ্বযুদ্ধৰ বহু স্মৃতি এতিয়া কালৰ বুকুত - WORLD WAR II

দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱ অসমতো পৰিছিল । ইয়াৰ স্মৃতি বিজড়িত বহুতো সম্পদ আছে অসমত । পিছে এইবোৰ সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে ।

World War II pillboxes in Tinsukia
পৰিত্যক্ত অৱস্থাত দ্বিতীয় বিশ্বযুদ্ধৰ বাংকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 28, 2025 at 3:08 PM IST

2 Min Read

তিনিচুকীয়া: দ্বিতীয় বিশ্বযুদ্ধ মানৱ ইতিহাসৰ সকলোতকৈ ঘাতক যুদ্ধ আছিল । সেই সময়ৰ কথা ভাবিলেই নিশ্চয়কৈ আপোনাৰো গাৰ নোম শিয়ৰি উঠিব ।

এতিয়া আমি ইচ্ছা কৰিলেও সেই সময়লৈ ঘূৰি যাব নোৱাৰো যদিও সেই সময়ত ব্যৱহাৰ কৰা কিছু সম্পদে এতিয়া আমাক লৈ যাব পাৰে সেই সময়ৰ মাজলৈ । তেনে কিছু সম্পদ আছে উজনিৰ বাণিজ্যিক চহৰ তিনিচুকীয়াত ।

পৰিত্যক্ত অৱস্থাত দ্বিতীয় বিশ্বযুদ্ধৰ বাংকাৰ (ETV Bharat Assam)

পুৰণি বহু স্মৃতি জড়িত হৈ থকা এই মূল্যবান সম্পদসমূহ সংৰক্ষিত অৱস্থাত থকাৰ সলনি আছে পৰিত্যক্ত অৱস্থাত । দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত বাংকাৰ সদৃশ সম্পদ আজিও অৱহেলিত হৈয়ে পৰি আছে এই অঞ্চলত ।

বৰ্তমান বাণিজ্যিক চহৰ তিনিচুকীয়াৰ তিনিটাকৈ স্থান ক্ৰমে হিজুগুৰিৰ ৰে’ল লাইনৰ কাষত, বালুগাদা আৰু শুকানপুখুৰী চাহ বাগিচাত তিনিটাকৈ বাংকাৰ আছে । বহু স্মৃতি জড়িত হৈ থকা দ্বিতীয় বিশ্বযুদ্ধত সেনাই ব্যৱহাৰ কৰা এই বাংকাৰ সদৃশ সম্পদসমূহ সংৰক্ষণৰ অভাৱত এতিয়া নিঃচিহ্ন হোৱাৰ দিশে গতি কৰিছে ।

World War II pillboxes in Tinsukia
পৰিত্যক্ত অৱস্থাত দ্বিতীয় বিশ্বযুদ্ধৰ বাংকাৰ (ETV Bharat Assam)

এই সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, “এইসমূহ আমি সৰুৰে পৰা দেখি আহিছো । প্ৰথমে ৬-৭ ফুট পৰ্যন্ত ওখ আছিল যদিও বৰ্তমান মাটি ভৰাই দিয়াৰ বাবে প্ৰায় ৩ ফুট ওখ হৈ আছে । বাংকাৰৰ ভিতৰত সোমাবলৈ এফালে দৰ্জা থকাৰ লগতে চাৰিওপিনে ভিতৰৰ পৰা শত্ৰুক আক্ৰমণ কৰিব পৰাকৈ খিৰিকীসদৃশ সৰু ফুটা আছে । আজিলৈকে আমি কোনো চৰকাৰী লোক বা পুৰাতত্ত্ব বিভাগৰ লোক অহা দেখা নাই । এনেদৰে থাকিলে এসময়ত ই নিঃচিহ্ন হৈ যাব ।”

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি কণ গগৈয়ে কয়, “আমি এইসমূহ সৰুৰে পৰাই দেখি আহিছো । সম্ভৱতঃ এই বাংকাৰ ১৯৩৯-৪০ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বনাইছিল ৷ ইয়াৰ জৰিয়তে যুদ্ধৰ সময়ত ভিতৰত ৬-৭ গৰাকী সেনা প্ৰৱেশ কৰি ভিতৰৰ পৰা শত্ৰুপক্ষক আক্ৰমণ কৰাৰ লগতে নিজক সুৰক্ষিত কৰি ৰাখিছিল ।’’

‘‘দ্বিতীয় বিশ্বযুদ্ধৰ বহু স্মৃতি জড়িত হৈ থকা সম্পদৰ ভূমি এতিয়া একাংশই দখল কৰাৰ লগতে নাইকিয়া হোৱাৰ দিশে গতি কৰিছে, এয়া অতি দুৰ্ভাগ্যজনক । চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই এই সম্পদসমূহ সংৰক্ষণ কৰি পৰ্যটকৰ এক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছো । এইক্ষেত্ৰত বিশেষকৈ তিনিচুকীয়া জিলা প্ৰশাসন আৰু বিধায়ক সঞ্জয় কিষাণক গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাইছো ।” কণ গগৈয়ে কয় ৷

লগতে পঢ়ক:বিশ্বযুদ্ধৰ স্মৃতি বিজড়িত নামপঙত ১০০০ সৈন্য়ক কোনে কৰিছিল সমাধিস্থ ? - PANGSAU PASS INTERNATIONAL FESTIVAL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.