ETV Bharat / state

বৃদ্ধাশ্ৰমত ব্য়তিক্ৰমী ৰূপত পালন বিশ্ব মটৰ চাইকেল দিৱস - WORLD MOTORCYCLE DAY

১৭ টাকৈ ক্লাবৰ ৰাইডাৰে খাদ্য যোগানৰ লগতে দিলে ভাৰাৰ ধন ।

World Motorcycle Day celebrated in Dibrugarh
বিশ্ব মটৰ চাইকেল দিৱস পালন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 21, 2025 at 9:11 PM IST

3 Min Read

মৰাণ : আজি বিশ্ব মটৰ চাইকেল দিৱস । বহুতৰে হেঁপাহ থাকে নিজৰ এখন পচন্দৰ মটৰ চাইকেল চলোৱাটো । কোনোৱে নিজৰ দৈনন্দিন কৰ্মসূচীৰ সুবিধা হোৱাকৈ মটৰ চাইকেল ব্যৱহাৰ কৰি আহিছে যদিও একাংশই নিজৰ প্ৰিয় মটৰ চাইকেলেৰে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ পৰিভ্ৰমণ কৰে । বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ সৈতে শান্তি-সমন্বয়ৰ বাৰ্তা কঢ়িয়াই ফুৰাৰ লগতে বিভিন্ন সময়ত বিভিন্ন সামাজিক কাম-কাজ কৰি আহিছে ।

বিশ্বৰ চুকে কোণে মটৰ চাইকেল চলাই স্থান পৰিভ্ৰমণ কৰি ভালপোৱা একাংশ বাইক ৰাইডাৰে ডিব্ৰুগড়ত অনুষ্ঠিত কৰিলে বিশ্ব মটৰ চাইকেল দিৱস ।‌ এই দিনটোতে ডিব্ৰুগড়ত উপস্থিত উত্তৰ- পূৰ্বাঞ্চলৰ ভিন্নস্থানৰ শতাধিক বাইক ৰাইডাৰ । বিশ্ব মটৰ চাইকেল দিবসৰ বাবে একত্ৰিত হৈ আশা বৃদ্ধাশ্ৰমত পালন কৰিলে এই দিৱস ।

বিশ্ব মটৰ চাইকেল দিৱস পালন (ETV Bharat Assam)

বিশ্বৰ বিভিন্ন পাহাৰ-ভৈয়াম,মৰুভূমি আদি পৰিভ্ৰমণ কৰা ১৭ টাকৈ ক্লাবৰ ৰাইডাৰে ডিব্ৰুগড়ত উপস্থিত হৈ হাতীমৰাস্থিত আশা বৃদ্ধাশ্ৰমত অনুষ্ঠিত কৰিলে বিশ্ব মটৰ চাইকেল দিৱস । এই আশ্ৰমখনত বৰ্তমান জীৱনৰ বিয়লি বেলা অতিবাহিত কৰা ককা-আইতা সকলৰ লগত কিছু সময় অতিবাহিত কৰি আশ্ৰমখনৰ দুমাহৰ ভাৰাৰ লগতে এটা মাহৰ বাবে খাদ্য সামগ্ৰীৰ লগতে কিছু বস্ত্ৰও যোগান ধৰে । আইতা সকলক অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাই মটৰ চাইকেল ৰাইডাৰ সকলে ।‌

উল্লেখ্য় যে ২০২০ বৰ্ষৰ পৰা এগৰাকী সমাজহিতৈষী মহিলাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ডিব্ৰুগড়ৰ আশা নামৰ বৃদ্ধাশ্ৰমত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিহাৰৰ এগৰাকী বৃদ্ধা আৰু দিল্লীৰ এগৰাকী বৃদ্ধাসহ দহ গৰাকী বৃদ্ধা আছে । ইপিনে, চৰকাৰৰ পৰা আজি পৰ্যন্ত কোনো সহযোগ তথা আঁচনি লাভ নকৰা বৃদ্ধাশ্ৰমখনত আজি বিশ্ব মটৰচাইকেল দিৱস উপলক্ষে মটৰ চাইকেল চলাই ভালপোৱা যুৱক সকলে সামূহিক প্ৰচেষ্টাৰে ভাৰা, খাদ্য যোগানৰ উপৰি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি সমাজলৈ এক বাৰ্তা দিব বিচৰা কাৰ্যৰ শলাগ লৈছে সকলোৱে ।

ব্যতিক্ৰমী ৰূপত বিশ্ব মটৰচাইকেল দিৱস :

আজি বিশ্ব মটৰচাইকেল দিৱস বৃদ্ধাশ্ৰমত ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত কৰাৰ পাছতে মটৰচাইকেল ৰাইডাৰ সকলৰ হৈ এজন ৰাইডাৰে কয়, "আজি বিশ্ব মটৰচাইকেল দিৱস উপলক্ষে আমি সকলো লগ হৈছো । আমি মটৰচাইকেল চলাই বিভিন্ন ঠাইলৈ গৈ থাকো । দেশৰ চুকে কোণে গৈ বিভিন্ন সমাজ দেখিছো । বিভিন্ন লোক-সংস্কৃতি দেখিছো; কিন্তু আমি খবৰ লাভ কৰিলো এই বৃদ্ধাশ্ৰমখন চৰকাৰী সাহাৰ্য অবিহনেই চলি আছে । সেয়ে বিশ্ব মটৰ চাইকেল দিৱসৰ দিনটোত যাতে আমি কিবা এটা সমাজলৈ দিব পাৰো তাৰ উদ্দেশ্যে এই কাৰ্যসূচী লোৱা হয় । ইয়াত থকা বাইক ৰাইডাৰ সকলে সকলোৱে নিজে কিবা নহয় কিবা কৰি আছে । তাৰ পাছতো বাইক ৰাইড কৰাৰ লগতে এই ধৰণেৰে সমাজৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিছো ।"

লগতে পঢ়ক:৪ জুনত পৰিব বাইকত কিক: এইবাৰ ইউৰোপৰ অকোৱা-পকোৱা মাউণ্টেইন পাছত চলিব মীনাক্ষীৰ বাইক - BIKE RIDER MEENAKSHI DAS

বিহুৰ দিনাই বাইকখন লৈ ওলাই যাব সমগ্ৰ উত্তৰ-পূব ভ্ৰমণলৈ, বাইক লৈ ৰাছিয়ালৈ যাব পূজাত - BIKE RIDER MEENAKSHI DAS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.