ধেমাজি: আজি বিশ্ব মাতৃভাষা দিৱস । মাতৃভাষাৰ ওপৰত সজাগতা অনাৰ উদ্দেশ্যে UNESCO ই ১৯৯৯ চনৰ ১৭ নৱেম্বৰত আজিৰ দিনটোক মাতৃভাষা দিৱস হিচাপে ঘোষণা কৰিছিল । কাৰণ আইৰ মুখৰ ভাষাৰ অবিহনেই এজন ব্যক্তি আৰু এটা জাতিৰ অস্তিত্বহীন । পিছে পৰিতাপৰ বিষয় যে সাম্প্ৰতিক সময়ত মাতৃভাষা প্ৰয়োগ আৰু সুৰক্ষাৰ বাবে বিভিন্ন সময়ত বিভিন্ন দল-সংগঠনে আন্দোলনৰ পথ ল’বলগীয়া পৰিস্থিতিৰ হৈছে ।
নিজৰ মাতৃভূমিতে আইৰ মুখৰ ভাষাক এলাগী আৰু অৱহেলিত কৰাৰ দেখা গৈছে । এনেক্ষেত্ৰত অসমৰ মাতৃভাষা অসমীয়া ভাষাটো বহুল প্ৰচাৰ আৰু প্ৰয়োগৰ ক্ষেত্ৰত ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদে বিভিন্ন সময়ত কেতবোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ।
সেয়ে আজি বিশ্ব মাতৃভাষা দিৱসৰ দিনটোত আজি ইটিভি ভাৰতৰ আগত সংগঠনটোৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াই কয়,“আজি বিশ্ব মাতৃভাষা দিৱস হিচাপে পালন কৰা হয় । এই দিনটোত আমি ক'ব বিচাৰো যে ভাষাক জননী বুলি কয় ,ভাষাটো আমাৰ গৌৰৱ । আমি এতিয়ালৈকে আন্দোলন কৰা নাই । কিন্তু আমি দোকান-পোহাৰ বিলাকৰ তথ্য ফলকত অসমীয়া ভাষা লিখিবলৈ বাধ্য কৰাইছোঁ । আগতে প্ৰায় ইংৰাজী আৰু হিন্দীত লিখা আছিলে । কিন্তু আমাৰ চেষ্টাৰ বাবে এতিয়া ধেমাজি নগৰৰ মাজমজিয়াত ৭০ শতাংশই বৰ্তমান অসমীয়া মাধ্যমত লিখিছে । গতিকে সকলোকে ধ্যবাদ জনাইছোঁ ।"
ইয়াৰোপৰি সংগঠনৰ নেতাগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাই কয়,“অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত লোৱা সিদ্ধান্ত মতে অহা ১৩ এপ্ৰিলৰ আগত সকলোতে মাতৃভাষাটো বাধ্যতামূলক কৰাৰ বাবে ধন্যবাদ জনাইছোঁ । যিহেতু তথ্য ফলকসমূহ অসমীয়াত লিখক । কিয়নো ভাষাটো জীয়াই থাকিলেহে জাতিটো জীয়াই থাকিব ।"
সেয়ে তেওঁ এতিয়াও যিসকলে অসমীয়া ভাষা প্ৰয়োগ কৰা নাই বিভিন্ন নামফলকত বিশেষকৈ ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান সকলোতে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাই । আনহাতে লক্ষণীয়ভাৱে চৰকাৰী ভাষা প্ৰয়োগ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰী ভাষা আইন ১৯৬০ ৰ মানি চলা সম্পৰ্কত ৰজাঘৰীয়াই কেৱল কাৰ্যালয়ৰ সন্মুখত একোখন ফলকত দুই তিনি লাইন নীতি বাক্য লিখিয়ে কেৱল দায়িত্ব পালন কৰি আহিছে ।