ETV Bharat / state

কিতাপ আৰু পাঠকৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যৰে নগাঁৱত বিশ্ব গ্ৰন্থ দিৱস উদযাপন - World Book Day 2024

World Book Day 2024: নগাঁৱত বিশ্ব গ্ৰন্থ দিৱস উদযাপন । উৎস মাতৃভাষাৰ উদ্যোগত বিশ্ব গ্ৰন্থ দিৱস উদযাপন । অনুষ্ঠানত অংশগ্ৰহণ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কুলেন চন্দ্ৰ দাসৰ ।

World Book Day celebrated in Nagaon
নগাঁৱত উৎস মাতৃভাষাৰ উদ্যোগত বিশ্ব গ্ৰন্থ দিৱস উদযাপন
author img

By ETV Bharat Assamese Team

Published : April 23, 2024 at 10:10 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও,২৩ এপ্ৰিল: আজি বিশ্ব গ্ৰন্থ দিৱস । 'উৎস মাতৃভাষা'ৰ উদ্যোগত অসমীয়া গ্ৰন্থ আৰু পাঠকৰ সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে মঙলবাৰে নগাঁও চহৰৰ শ্বহীদ ভৱনত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব গ্ৰন্থ দিৱস পালন পালন কৰা হয় ৷ অনুষ্ঠানত মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ বাৰ্ষিক আলোচনী আৰু ক্ষুদ্ৰ আলোচনীৰ প্ৰদৰ্শনী, টেবুল গ্ৰন্থমেলাৰ উদ্বোধন কৰে নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ড৹ কুলেন চন্দ্ৰ দাসে ।

World Book Day celebrated in Nagaon
নগাঁৱত উৎস মাতৃভাষাৰ উদ্যোগত বিশ্ব গ্ৰন্থ দিৱস

নিজৰ ভাষণত কুলেন দাসে কয় যে 'উৎস মাতৃভাষা'ই অনুষ্ঠিত কৰা বিশ্ব গ্ৰন্থ দিৱসৰ মূল উদ্দেশ্য হৈছে কিতাপ আৰু পাঠকৰ সম্পৰ্ক সুদৃঢ় কৰা । ১৯৯৫ চনৰ পৰা গোটেই বিশ্বজুৰি পালন কৰি অহা এই দিৱসটো কিন্তু অসমত পালন কৰাৰ খবৰ বৰকৈ পোৱা নাযায় । সেই অৰ্থত গ্ৰন্থ লটাৰীৰ লগতে, গ্ৰন্থ সমালোচনা আৰু কলেজৰ আলোচনী প্ৰতিযোগিতা অনুষ্ঠিত কৰা 'উৎস মাতৃভাষা'ৰ এই অনুষ্ঠান হৈছে এক অনন্য অনুষ্ঠান ।

  • " class="align-text-top noRightClick twitterSection" data="">

অসমীয়া ভাষাৰ কিতাপৰ পাঠক নাই বুলি অহৰহ সমালোচনা হৈ থকাৰ সময়ত গ্ৰন্থ দিৱস উপলক্ষে অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলে উদ্যোক্তাৰ আশা বঢ়াই তুলিছে বুলি ভাষণত উল্লেখ কৰে । নৱম দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে সুন্দৰকৈ একো একোখন উপন্যাসৰ সমালোচনা আগবঢ়োৱাটো অত্যন্ত ইতিবাচক খবৰ বুলি তেওঁ উল্লেখ কৰে ।

ইপিনে পুৱা ১০-৩০ বজাৰ অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত গ্ৰন্থ কুইজৰ উদ্বোধনী ভাষণ ৰাখে অসমৰ বিশিষ্ট লেখক ৰবেন্দ্ৰ কুমাৰ দাস আৰু কুইজ পৰিচালক চন্দ্ৰজিৎ দাসে ৷ নয়নমণি হীৰাৰ তত্বাৱধানত প্ৰয়াত অণিমা শৰ্মা বৰুৱা সোঁৱৰণী গ্ৰন্থ কুইজত অসমৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়,বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ বিজয়ীসকলক নগদ ধন, গ্ৰন্থৰ টোপোলা, ট্ৰফী, মানপত্ৰ বিতৰণ কৰা হয় ৷ লগতে গ্ৰন্থ লটাৰী বিজয়ী ৪৫ জনক গ্ৰন্থৰ টোপোলা আগবঢ়োৱা হয় ৷

অসম ভিত্তিত গ্ৰন্থ সমালোচনাত ক্ৰমে তেজপুৰৰ কিশোৰ দাস, নৰ্থ লক্ষিমপুৰৰ আকাংক্ষা তামুলী আৰু ঢকুৱাখানাৰ অংশুমান কোচে প্ৰথম, দ্বিতীয় আৰু তৃতীয় বঁটা লাভ কৰে ৷ প্ৰয়াত মোহন চন্দ্ৰ বৰা সোঁৱৰণী মহাবিদ্যালয়-বিশ্ববিদ্যালয় বাৰ্ষিক আলোচনী প্ৰতিযোগিতাত নৰ্থ লখিমপুৰ কলেজে প্ৰথম,নগাঁও ছোৱালী কলেজে দ্বিতীয় আৰু দুলীয়াজান মহাবিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ে যুটীয়াভাৱে তৃতীয় স্থান আৰু নলবাৰী কলেজে শ্ৰেষ্ঠ বেটুপাতৰ সন্মান লাভ কৰে ৷

বিয়লি বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ কমল শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত ড৹ পৰমানন্দ মজুমদাৰ, ড৹ দেৱব্ৰত শৰ্মা, জ্যোতি খাটনিয়াৰে গ্ৰন্থ আৰু পাঠকৰ সম্পৰ্ক, বৌদ্ধিক উৎকৰ্ষ সাধনত ক্ষুদ্ৰ আলোচনীৰ ভূমিকা, অধ্যয়ন আৰু সঁহাৰি, দৰ্শক আৰু পঢ়ুৱৈ শীৰ্ষক বক্তৃতাৰে নগঁঞা সুধী সমাজক আপ্লুত কৰে ৷ অনুষ্ঠানত বিশ্ব গ্ৰন্থ দিৱসৰ আয়োজক সমিতিৰ কৌশিক নন্দন বৰুৱা, নয়নমণি হীৰা, মাহফুজা, স্মৃতা হীৰা, প্ৰাণোৎজ্বল বৰা, মৃন্ময় শইকীয়া, প্ৰণৱ শৰ্মা, স্নেহা বসুমতাৰী, সংগীতা শইকীয়াই কৃতজ্ঞতা জ্ঞাপন কৰে ৷

লগতে পঢ়ক: বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস - World Book And Copyright Day