নিৰ্মাণৰ 5 বছৰতে ভাগিল কাঠৰ দলং : চৰকাৰৰ মৰমৰ মাজুলীত ৰাইজে ভুগিছে দুৰ্ভোগ - Bridge collapses in Majuli
Majuli bridge collapse: মাজুলীক লৈ চৰকাৰে বিভিন্ন সময়ত উন্নয়ন সাধনৰ দাবী কৰি আহিছে যদিও চৰকাৰৰ উন্নয়নৰ বতাহে চুব পৰা নাই বহু ভিতৰুৱা অঞ্চলক ৷ এখন কাঠৰ দলং ভাগি পৰাৰ পিচত এতিয়া যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে উজনি মাজুলীৰ কেবাখনো গাঁৱৰ ৰাইজে ৷

Published : June 19, 2024 at 9:31 PM IST
মাজুলী, 19 জুন: মাজুলীত ভাগি পৰিল লাখটকীয়া কাঠৰ দলং । এই দলং ভাগি পৰাৰ ফলত যাতায়তৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে উজনি মাজুলীৰ কেইবাখনো গাঁৱৰ ৰাইজে । নিৰ্মাণৰ 5 বছৰতে ভাগিল চিৰাম দেউৰী আৰু জোঠা চাপৰিৰ মাজত থকা এই কাঠৰ দলংখন । বৰ্তমান দলংখনৰ কাষেৰে অহা-যোৱা কৰিব লগা হৈছে পথচাৰীয়ে । কিন্তু নদীত পানী বঢ়াৰ লগে লগে বন্ধ হৈ পৰিব পথটো ।
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি হিচাপে যোৱা পাঁচ বছৰত মাজুলীৰ বাট-পথৰ বাবে চৰকাৰখনে বিভিন্ন আঁচনি গ্ৰহণ কৰিছিল । বৰ্তমানেও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে বিভিন্ন আঁচনিৰ কাম চলাই আছে । নতুন নতুন পকীপথ, দলং নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে যদিও বহু ভিতৰুৱা গ্ৰাম্যাঞ্চলত জৰাজীৰ্ণ দলঙেৰে জনসাধাৰণে মৰণত শৰণ দি যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ।
লগতে পঢ়ক: ভাঙি পৰিল কাঠৰ দলং; দুৰ্ভোগ ভুগিছে ঢকুৱাখনা-মাজুলীৰ সীমান্তৰ ৰাইজে
এই ভিতৰুৱা অঞ্চলসমূহত পথ অথবা পকী দলং নিৰ্মাণৰ বাবে বিভাগে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এতিয়া এই ভিতৰুৱা অঞ্চলৰ লোকসকলে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে ।
উল্লেখ যে চিৰাম দেউৰী আৰু জোঠা চাপৰিৰ মাজত থকা এই দলংখনে উজনি মাজুলীৰ বিভিন্ন অঞ্চললৈ যোৱা পথচাৰীক যমৰ-যাতনা ভোগাইছে । নিতৌ এই দলংখনেৰে জেংৰাইমুখ মহাবিদ্যলয়, উজনি মাজুলী খেৰকতীয়া মহাবিদ্যালয়, চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰঙাচাহী মহাবিদ্যালয়ৰ লগতে জিলা সদৰ গড়মূৰ কমলাবাৰীকে আদি কৰি ব্যৱসায়িক স্থান সমূহলৈ যাতায়ত কৰে গ্ৰাম্যাঞ্চলৰ লোকসকলে ।
লগতে পঢ়ক: গোৱালপাৰাত বলিয়া বান : চকুৰ সন্মুখতে উটি গ’ল চাৰিচকীয়া বাহন-দলং - ASSAM FLOOD 2024
ইয়াৰ উপৰিও বিভিন্ন সময়ত চিকিৎসাৰ বাবে চিৰাম চাপৰি উপ-স্বাস্থ্য কেন্দ্ৰ, জেংৰাইমুখ মডেল হাস্পতাল, মাজুলীত নতুনকৈ স্থাপন কৰা আয়ুৰ্বেদিক চিকিৎসালয়লৈ এই দলঙেৰে ৰোগী অহা যোৱা কৰিছিল । কিন্তু এতিয়া দলংখন ভাগি পৰাত যাতায়াতৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ ৷ এই দলংখন সোনকালে পকীকৰণৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে ।
লগতে পঢ়ক: ফেনে-ফোটোকাৰে আহিছে বান, ৰাজ্যত দ্বিতীয়টো বানত প্লাৱিত 15 খন জিলাৰ 1.61 লাখ লোক - Assam Flood 2024

