ETV Bharat / state

আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাব নেকি গছতলৰ বিহু ? - TRADITIONAL BIHU UNDER TREE

পূৰ্বে গছৰ তলত, নৈৰ পাৰত বিহু গাইছিল অসমীয়াই । কিন্তু সম্প্ৰতি এই বিহু এতিয়া ইতিহাস হোৱাৰ দিশে !

Rongali Bihu 2025
আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাব নেকি গছতলৰ বিহু (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 17, 2025 at 7:58 PM IST

2 Min Read

যোৰহাট : ব'হাগ মাথো এটি ঋতু নহয়, ই শতাব্দীজোৰা এক ইতিহাস । বিহু অসমৰ জাতীয় উৎসৱ, যাৰ ইতিহাস অতি গভীৰ আৰু বিশাল । বিহু হ'ল অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা । জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অতীতৰ পৰাই অসমত বিহু উদযাপিত হৈ আহিছে । যাৰ বাবে ই অসমীয়া সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ ।

পৰম্পৰা ধৰি ৰখাত ব্ৰতী একাংশ মহিলা

আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাব নেকি গছতলৰ বিহু (ETV Bharat)

কিন্তু তাহানিৰ দিনৰ বিহুনামৰ পৰা গছতলৰ বিহুলৈকে আজি যান্ত্ৰিকতা তথা আধুনিকতাৰ গ্ৰাসত পৰি ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে । আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেৱল মঞ্চ বিহু । কিন্তু তাৰ মাজতো একাংশ গ্ৰামাঞ্চলৰ মহিলাই জীয়াই ৰাখিছে গছতলৰ বিহুক । তেওঁলোকে গছতলৰ বিহুৰ সমান্তৰালভাৱে তাহানিৰ দিনৰ বিহুনামবোৰো পাহৰণিৰ গৰ্ভত হেৰাই যাবলৈ দিয়া নাই । পৰম্পৰা ধৰি ৰখাত ব্ৰতী হৈছে দেৰগাঁৱৰ একাংশ মহিলা ।

পৰম্পৰা ৰক্ষা ৬০ উৰ্ধৰ মহিলাৰ

গাঁৱৰ জীয়াৰী-বোৱাৰীকে ধৰি ৬০ উৰ্ধৰ মহিলাসকলো একগোট হৈ গাইছে পুৰণি বিহুনাম । গছতলত তেওঁলোকে একত্ৰিত হৈ মুখত হাঁহি লৈ অতি উৎসাহেৰে এটাৰ পিছত আন এটা গাইছে বিহুনাম । গছৰ তলৰ বিহুৰ জৰিয়তে আজোককা, আইতাৰ দিনৰ তথা আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰা বিহুক জীয়াই ৰখাত ব্ৰতী হোৱা দেখা গ'ল মহিলাসকলক ।

পৰৱৰ্তী প্ৰজন্মক চিনাকি কৰাই দিয়াৰ প্ৰয়াস

গছতলৰ বিহুত অংশগ্ৰহণ কৰি এগৰাকী মহিলাই কয়, "আমাৰ গাঁৱৰ মহিলাসকল গছৰ তলত বিহু মাৰিবলৈ ওলাই আহিছে, কাৰণ আগলৈকে যেন এই পৰম্পৰা থাকি যায় । আগতে এই পৰম্পৰা আমাৰ আইতাহঁতে ধৰি ৰাখিছিল, আইতাহঁতৰ বাটেৰে আমি আগবাঢ়ি আহি এই পৰম্পৰা ধৰি ৰাখিছো । আমাৰ পৰাই শিকি বুজি পিছৰ প্ৰজন্মই গছৰ তলৰ বিহুক ধৰি ৰাখিব ।" লগতে তেওঁ কয় যে ব'হাগ বিহুটি বছৰেকত এইবাৰ হে আহে, সেয়েহে সকলো ওলাই আহিলে গছৰ তলৰ বিহু মৰা পৰম্পৰা আগলৈকে জীয়াই থাকিব আৰু ধৰি ৰাখিব পাৰিম ।

উল্লেখ্য যে পূৰ্বে গছৰ তলত, নৈপাৰত বিহু মৰা পৰম্পৰা আছিল কিন্তু আধুনিকতাৰ কৰাল গ্ৰাসত পৰি এনে পৰম্পৰাসমূহ ক্ৰমান্বয়ে নাইকিয়া হ'বলৈ ধৰিছে ।

লগতে পঢ়ক :লেঙেৰীলৈ আহকচোন এবাৰ... চাই যাওক গুলপীয়া পাতৰ আঁহতজোপা - DIBRUGARH VIRAL TREE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.