নিশাৰ মাতাল মহানগৰী আৰু নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায়...
পুনৰ আৰক্ষীৰ জালত নাৰীদেহ ব্যৱসায় চক্ৰ । জয়ানগৰৰ পিচত এইবাৰ গণেশগুৰিৰ ইউনিছেক্স চেলুনত অভিসাৰৰ কাহিনী ।

Published : August 10, 2025 at 6:18 PM IST
গুৱাহাটী: আভিজাত্যৰ মহানগৰীত নাৰীদেহৰ ৰমৰমীয়া বেহা । মহানগৰীৰ জয়ানগৰৰ গেষ্ট হাউছত বাপ্তি হাজৰিকাৰ নেতৃত্বত ১০ গৰাকী যুৱতীৰ সৈতে চলোৱা দেহ ব্যৱসায় এটা কল ৰেকৰ্ডিং সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিচতেই নাৰীদেহৰ বেহাৰ ভয়ংকৰ ছবিখন পোহৰলৈ আহিছে । এই ঘটনাক লৈ চলি থকা চৰ্চাৰ মাজতেই মহানগৰীৰ মাজমজিয়াত আৰক্ষীয়ে উৎখাত কৰিলে আন এটা নাৰীদেহ ব্যৱসায়ৰ ঘাটি ।
গুৱাহাটী মহানগৰীৰ গেষ্ট হাউছ, হোটেলত নাৰীদেহৰ বেহাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নাযাওতেই এইবাৰ গণেশগুৰিৰ এখন ইউনিছেক্স চেলুনত নাৰীদেহ ব্যৱসায় চলাই মহিলাসহ আৰক্ষীৰ জালত পৰিল তিনি ব্য়ৱয়ায়ী । গণেশগুৰিৰ লুকছ’ নামৰ চেলুনখনত শনিবাৰে নিশা দিছপুৰ থানাৰ অৰক্ষীয়ে অভিযান চলাই দুজন পুৰুষ আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হৈছে চেলুনখনৰ কেয়াৰটেকাৰ বামুণীমৈদামৰ এগৰাকী মহিলাৰ লগতে পল্টন বজাৰৰ বিক্ৰম ঠাকুৰ (৪৩) আৰু ৰঙিয়াৰ চামছুল হক (২৮)।
এই ঘটনাৰ সন্দৰ্ভত উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই সংবাদ মাধ্যমৰ আগত কয়, "কালি আমালৈ খবৰ আহিছিল যে মহানগৰীৰ লুকছ’ নামৰ চেলুনখনত দেহ ব্যৱসায় চলি আছে । সেই খবৰৰ ভিত্তিতেই শনিবাৰে নিশা চেলুনখনত অভিযান চলাওতে চেলুনখনৰ কেয়াৰটেকাৰসহ এজন গ্ৰাহক আৰু এজন সহায়কক গ্ৰেপ্তাৰ হৈছে । তদুপৰি তিনিগৰাকী ভুক্তভোগীক উদ্ধাৰ কৰা হৈছে । এই চেলুনখন কেয়াৰটেকাৰ হিচাপে এগৰাকী মহিলাই চলাই আছিল । চেলুনখনত বিভিন্ন আপত্তিজনক সামগ্ৰীও উদ্ধাৰ হৈছে ।"
তেওঁ লগতে কয়, "দেহ ব্যৱসায় চলি থকাৰ খবৰ পালেই আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম । যিবিলাক স্থানৰ বিৰুদ্ধে ইয়াৰ তথ্য পাইছো সেইবিলাকৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।"
উল্লেখ্য যে মহানগৰীত শেহতীয়াকৈ কেইবাটাও স্থানত নাৰীদেহ ব্যৱসায় চক্ৰ উৎখাত কৰিছে আৰক্ষীয়ে । শেহতীয়াকৈ ভাইৰেল হোৱা এটা ফোন ৰেকৰ্ডিঙে পোহৰলৈ আনিছিল গুৱাহাটী মহানগৰীৰ বাপ্টিষ্ট ইন গেষ্ট হাউছত অন্ধকাৰ জগতৰ নিষিদ্ধ নাৰীদেহৰ বেহা । ইতিমধ্যে এই ঘটনাৰ লগত জড়িত যুৱতীসহ কেইবাটাও ব্য়ৱসয়িক বশিষ্ঠ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
আনহাতে দেহ ব্যৱসায় চলাই থকা বৰা ছাৰ্ভিচৰ হোটেল বিলাসত বৃহস্পতিবাৰে নিশা পল্টনবজাৰ আৰক্ষীয়ে অভিযান চলাই হোটেলৰ মেনেজাৰৰ সীমান্ত বৰাসহ মালিক কিৰণ গগৈক গ্ৰেপ্তাৰ কৰে ।

