ETV Bharat / state

ডায়েৰিয়া সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ; মহিলাৰ মৃত্যুৰ লগে লগে তৎপৰ স্থানীয় বিধায়ক - DIARRHOEA OUTBREAK IN SARUPATHAR

সৰুপথাৰৰ ছেৱাগুৰিত ইজনৰ পিছত সিজন ডায়েৰিয়াত আক্ৰান্ত হৈছে ।

Diarrhoea outbreak in Sarupathar
ডায়েৰিয়া সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ (FB@biswajitphukan)
author img

By ETV Bharat Assamese Team

Published : April 28, 2025 at 9:54 AM IST

3 Min Read

সৰুপথাৰ : গোলাঘাট জিলাৰ সৰুপথাৰত হাহাকাৰ পৰিস্থিতি । ডায়েৰিয়া সদৃশ ৰোগত আক্ৰান্ত সৰুপথাৰৰ ছেৱাগুৰি গাঁৱৰ একাধিক লোক । ডায়েৰিয়া সদৃশ ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে অঞ্চলটোৰ দুগৰাকী মহিলাৰ মৃত্যু হৈছে । ৰোগৰ কাৰণ বিচাৰি হাবাথুৰি খাইছে স্বাস্থ্য বিভাগ । এনে পৰিস্থিতিত তৎপৰ হৈছে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ।

সৰুপথাৰত ডায়েৰিয়াৰ প্ৰাদুৰ্ভাৱ

উল্লেখ্য যে সৰুপথাৰ সমজিলাৰ ছেৱাগুৰিত ডায়েৰিয়া সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে । আক্ৰান্ত প্ৰায় ১০ গৰাকী লোকক সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । উন্নত চিকিৎসাৰ বাবে কেইবাগৰাকী ৰোগীক গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছে । তাৰ মাজতে সৰুপথাৰ চিকিৎসালয়ত পূৰ্ণিমা কেৰকেটা নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় । একেধৰণৰ ৰোগত আক্ৰান্ত হৈ তিনিদিন পূৰ্বে ৰুফিনা কৰ্মকাৰ নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছিল ।

ডায়েৰিয়া সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ (ETV Bharat)

ৰোগীসকলৰ শৌচ আৰু বমি হোৱা বুলি চিকিৎসকে জানিবলৈ দিছে । কিন্তু কোনো খাদ্য বিষক্ৰিয়া নে আন কাৰণত হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই । অৱশ্যে চিকিৎসকে সন্দেহ কৰিছে বিষাক্ত পানীৰ ফলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে । ঘটনাস্থলীত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ লোকে অনুসন্ধান আৰম্ভ কৰিছে ।

Diarrhoea outbreak in Sarupathar
ডায়েৰিয়া সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ (ETV Bharat)

ছেৱাগুৰি গাঁৱৰ এজন স্থানীয় লোকে কয়, "যোৱা নিশা ১ মান বজাত মহিলা এগৰাকীৰ শৌচ, বমি হোৱা বুলি জানিব পৰা গৈছিল । নিশা বৰষুণৰ বাবে হাস্পতাললৈ আনিব পৰা নগ'ল । পুৱা চিকিৎসালয়লৈ অনা হৈছিল যদিও মহিলাগৰাকীৰ মৃত্যু ঘটিছে । বৰ্তমান গাঁওখনৰ ৭ গৰাকী চিকিৎসাধীন হৈ আছে । ২ গৰাকীক চিকিৎসালয়লৈ আনি থকা হৈছে । চিকিৎসকে জনোৱা মতে পানীৰ পৰাই এই ডায়েৰিয়া সদৃশ ৰোগ হৈছে ।"

পানীৰ বাবে হৈছে নেকি ?

সৰুপথাৰ চিকিৎসালয়ৰ চিকিৎসকে কয়, "পুৱা ৪:৩০ বজাত ৫ জনকৈ ৰোগী চিকিৎসালয়লৈ আহে । সকলো ছেৱাগুৰিৰ লোক । মেডিচিনৰ চিকিৎসকে চালে, তেওঁলোকৰ জ্বৰ, পেটৰ বিষ একো নাই । চিকিৎসকে চাই ঔষধ দিছে । বৰ্তমান পূৰ্ণিমা কেৰকেটা নামৰ এগৰাকী মহিলাৰ মৃত্যু ঘটিছে । বিশেষ সকামৰ পৰা হোৱা বুলি আমি পোৱা নাই । খাদ্যৰ যোগেদি নহয় আমি এতিয়া সন্দেহ কৰিছো পানীৰ পৰাই হৈছে নেকি । অনুসন্ধান কৰা হ'ব ।"

Diarrhoea outbreak in Sarupathar
বিধায়ক বিশ্বজিৎ ফুকনে পৰিস্থিতিৰ বুজ লৈছে (FB@biswajitphukan)

স্থানীয় বিধায়কৰ তৎপৰতা

ইফালে সমগ্ৰ অঞ্চলটোতে এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে । খবৰ পোৱাৰ লগে লগে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ লৈছে । নিশা সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় বিধায়কজনে ।

বিধায়কজনে সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে এইদৰে লিখিছে, "সৰুপথাৰ সমষ্টিৰ ছেৱাগুৰি ঔটেঙাতল গাঁৱত খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হোৱা ব্যক্তিকেইজনৰ ঘটনাৰ খবৰ পাই তাৎক্ষণিকভাবে সৰুপথাৰ চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লওঁ আৰু প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সকলো প্ৰকাৰৰ সহযোগিতাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰো । বিষক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা আমাৰ দলীয় সক্ৰিয় কাৰ্যকৰ্তা পূৰ্ণিমা কেৰকেটাৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে আত্মাৰ সদগতি কামনা কৰিলোঁ ।"

লগতে পঢ়ক : ক্ৰমাৎ সংকুচিত হৈ আহিছে অসমৰ বনভূমি : দেশৰ দ্বিতীয় স্থানত অসম - FOREST LAND OF ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.