ETV Bharat / state

পুৱা পাকঘৰ এৰি ৰাজপথলৈ ওলাই আহিল এদল মহিলা; কিন্তু কিয় ?

আঁচনিৰ পৰা নাম কৰ্তন কৰাৰ পিচতেই ক্ষোভৰ উদগিৰণ । মহিলাৰ ৰুদ্ৰ মূৰ্তি । প্ৰাপ্ৰ্য়ৰ দাবীত ওলাই আহিল ৰাজপথলৈ ।

Protest in Khowang
অৰুণোদই আঁচনিৰ পৰা নাম কৰ্তন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 2:31 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : দিন ঘোষণা কৰা হোৱা নাই যদিও পঞ্চায়ত নির্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে হিতাধিকাৰীৰ ৰাজনীতি । আনহাতে, ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ । সেয়েহে অৰুণোদয় ৩.০ ৰ যোগেদি দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাসকললৈ আৰ্থিক সাহার্য আগবঢ়োৱাৰ কামো তীব্ৰতৰ হৈছে । পিছে এই তালিকাসমূহ প্ৰস্তুত কৰাৰ পিচত বঞ্চিত হিতাধিকাৰীসকল ক্ষুব্ধ হৈ পৰিছে । সেয়েহে হুংকাৰ দিছে ভোট বৰ্জনৰ ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ই ঘোষণা কৰা অনুসৰি চৰকাৰে প্ৰদান কৰা ৰেচন কাৰ্ড থকা সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা । কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড়ত । কোনো ধৰণৰ কাৰণ নথকাকৈ যোগ্য হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা হৈছে । ফলত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত অৰুণোদয় আঁ‌চনিত নাম কৰ্তনক লৈ ক্ষুব্ধ হৈ পৰিছে খোৱাং সমষ্টিৰ একাংশ মহিলা ।

অৰুণোদই আঁচনিৰ পৰা নাম কৰ্তন (ETV Bharat Assam)

অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা খোৱাং ভগামূৰ আৰু ভগামূৰ তিনিআলিৰ শতাধিক মহিলা একত্ৰিত হৈ বুধবাৰে সাব্যস্ত কৰিছে প্ৰতিবাদ । ইয়াৰে ভগামূৰৰ ৪০ গৰাকী আৰু ভগামূৰ তিনিআলিৰ ১১০ গৰাকী মহিলাৰ নাম কৰ্তন কৰিলে অৰুণোদয় আঁ‌চনিৰ পৰা । বিজেপি বুথ কমিটীৰ হৰ্তা-কৰ্তা হীৰা কলিতা আৰু পংকজ কলিতাৰ বিৰুদ্ধে এইসকল মহিলাৰ নাম কৰ্তনৰ অভিযোগ উঠিছে ।

বিশেষভাৱে সক্ষম মহিলাৰ নামো আঁ‌চনিখনৰ পৰা কৰ্তন কৰি দিয়া হৈছে । মাতৃ-পিতৃহাৰা, দৃষ্টিহীন যুৱতীয়ে হাতযোৰ কৰি মুখ্যমন্ত্ৰীক আহ্বান জনাইছে “হিমন্ত মামা মোক অৰুণোদই দিয়ক ।” বান বিধ্বস্ত দৰিদ্ৰ পৰিয়ালকেইটাৰ মহিলাসকলে অৰুণোদয় আঁ‌চনিত নাম অন্তভুৰ্ক্ত নহ'লে পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ দিছে ।

ভোট বৰ্জনৰ হুংকাৰ একাংশ ক্ষুব্ধ মহিলাৰ:

অৰুণোদয় আঁচনি আৰম্ভ কৰা দিনৰে পৰা এই আঁচনিৰ সুবিধা লাভ কৰাৰ পাছত কেৱল ৰাজনৈতিক দৃষ্টিকোণৰ পৰা মহিলাসকলৰ নাম কৰ্তন কৰাক লৈ বঞ্চিত মহিলাসকলে কয়, "যদি আমি অৰুণোদই লাভ নকৰো তেতিয়াহ'লে অহা নিৰ্বাচনত ভোট বৰ্জন কৰিম । অৰুণোদয় আঁচনি প্ৰদানত ব্যাপক দুৰ্নীতি হৈছে । ২০০০ টকাকৈ ধন সংগ্ৰহ কৰি নতুন মানুহক অৰুণোদয় দি আমাৰ নাম কৰ্তন কৰিছে । যি পৰিয়ালৰ ঘৰত দুখন- তিনিখন গাড়ী আছে তাৰ পাছতো অৰুণোদয় লাভ কৰিছে ,কিন্তু পূৰ্বে পাই থকা দৰিদ্ৰ পৰিয়ালৰ মানুহৰ নাম কৰ্তন কৰিছে । বিশেষভাৱে সক্ষম লোকৰ নামো অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰিছে ।"

লগতে পঢ়ক:'অৰুণোদয়'ৰ নামত কি চলিছে ! ৰাজপথত প্ৰতিবাদেৰে বুজাই দিলে শতাধিক মহিলাই - ASSAM ORUNODOI SCHEME

কোনে নাপাব অসম চৰকাৰৰ অভিলাষী অৰুণোদয় আঁচনিৰ ধন : যোগ্যতাৰ চৰ্তসমূহ কি কি - ORUNODOI SCHEME