ডাইনী বুলি সন্দেহ কৰি নদীত উটুৱাই দিলে মহিলাক
অন্ধবিশ্বাসৰ পৰা আজিও পৰিত্ৰাণ পোৱা নাই একাংশ লোক । নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতেই ঘটিল এই ঘটনাটো....

Published : March 10, 2025 at 10:02 PM IST
মৰাণ: ৰাজ্যত নাৰী নিৰ্যাতনৰ ঘটনা ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা । কিন্তু ইয়াৰ পাছতো ৰাজ্যত এটাৰ পাছত আন এটা জঘন্য ঘটনা সংঘটিত হৈ আছে । এইবাৰ ডিব্ৰুগড়ৰ ঘোঁৰামৰাৰ ১ নং ৰাজগড় শিঙিমাৰিত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা । পুনৰ ডাইনীৰ সন্দেহত এগৰাকী মহিলাৰ ওপৰত একাংশ লোকে চলালে বৰ্বৰ নিৰ্যাতন ।
একাংশ লোকে জৰাফুকা কৰাৰ অভিযোগ কৰি শাৰীৰিক নিৰ্যাতন চলাই অচেতনপ্ৰায় অৱস্থাত জীৱন্তে বুঢ়ীদিহিং নদীত পেলাই দিয়ে এগৰাকী মহিলাক । ইয়াৰ পাছতে ৰমাইঘাটত স্থানীয় লোকে মহিলাগৰাকীক নদীত ককবকাই থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । বুঢ়ীদিহিং নদীত উটি যোৱা ৬১ বছৰীয়া মহিলাগৰাকীক স্থানীয় গাঁওপ্ৰধান আৰু এগৰাকী নাৱৰীয়াই উদ্ধাৰ কৰে ।
এই মহিলাগৰাকীক ইতিমধ্যে সংকটজনক অৱস্থাত আৰক্ষীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰিছে । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে । ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে । লাহোৱালৰ ঘোঁৰামৰা আৰক্ষী চকীৰ আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰা মতে, এই ঘটনাৰ লগত জড়িত ৫ গৰাকী মহিলাক প্ৰাৰম্ভিক তদন্তৰ সময়ত আটক কৰা হৈছে । সমগ্ৰ ঘটনা ডাইনীৰ সন্দেহত সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ।
ঘটনাক লৈ স্থানীয় গাঁওপ্ৰধানে কি কয়:
স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত স্থানীয় গাঁওপ্ৰধানে এগৰাকী নাৱৰীয়াৰ সহযোগত মহিলাগৰাকীক উদ্ধাৰ কৰি কয়, "অঞ্চলটোৰ ৰাইজে কিছু নীতি-নিয়ম কৰিব বুলি কৈ মহিলাগৰাকীক নদীৰ কাষলৈ নি পেলাই দিছিল । তাত থকা এজন ভাইটিয়ে মোক ফোন কৰিছিল ঘটনা সংঘটিত হোৱাত মই লগে লগে আৰক্ষীক অৱগত কৰিছিলো । মই গৈ পোৱা সময়ত তাত উপস্থিত থকা সকলোৱে পলায়ন কৰে । মহিলাগৰাকীক বচাব লাগে বুলি মই চিঞৰিছিলো, কিন্তু কোনো আগবাঢ়ি নহাত এজন নাৱৰীয়াক মাতি মহিলাগৰাকীক জীৱন্ত উদ্ধাৰ কৰো । মহিলাগৰাকীৰ লগত এটা কাপোৰৰ মোনা আছিল ।"
কি কয় ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়ে :
সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন মহিলাগৰাকীৰ স্বামীয়ে জানিবলৈ দিয়া মতে আজি অঞ্চলটোৰ ৰাইজে একত্ৰিত হৈ তেওঁক আৰু তেওঁৰ পত্নীয়ে বেজ-বেজালি কৰাৰ অভিযোগ কৰি মাৰপিট কৰিছিল । তেওঁ কয়, "মোৰ পত্নীক ঘৰৰ পৰা চোঁচৰাই উলিয়াই লৈ গৈছিল । ইয়াৰ পূৰ্বেও একাংশ মহিলাই মিলি নিৰ্যাতন চলাই আছিল ।"

