ETV Bharat / state

মণিপুৰৰ হিংসাত মহিলাৰ মৃত্যু; মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰলৈ প্ৰেৰণ মৃতদেহ

Woman killed in Manipur: মণিপুৰত শেহতীয়া সংঘৰ্ষত নিহত মহিলাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

Woman killed in Manipur
মণিপুৰৰ হিংসাত মহিলাৰ মৃত্যু;মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰলৈ প্ৰেৰণ মৃতদেহ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 9, 2024 at 5:18 PM IST

2 Min Read
Choose ETV Bharat

শিলচৰ : পুনৰ উত্তপ্ত উত্তৰ-পূৱৰ ৰাজ্য মণিপুৰ । ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা চলাই থকাৰ মাজতে জিৰিবাম জিলাত আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । জিলাখনৰ এখন গাঁৱত দুৰ্বৃত্তই আক্ৰমণ কৰে । বহু বাসগৃহত অগ্নি সংযোগ কৰে দুৰ্বৃত্তৰ দলটোৱে । ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয় । নিহত মহিলাগৰাকীৰ মৃতদেহ সম্প্ৰতি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰখা হৈছে । য'ত মৰণোত্তৰ পৰীক্ষা কৰা হ'ব ।

মণিপুৰত পুনৰ হিংসা

২০২৩ চনৰ মে' মাহতে আৰম্ভ হোৱা মণিপুৰৰ হিংসাৰ যেন সমাধানৰ ইংগিতে নাই । দুদিন শান্ত হৈ থাকিলেও পৰৱৰ্তী দিনা নতুন হিংসা আৰম্ভ হয় ৰাজ্যখনত । যাক লৈ উদ্বিগ্ন হৈ পৰিছে মণিপুৰবাসী । বৃহস্পতিবাৰে নিশা পুনৰ অসম-মণিপুৰ সীমান্তৱৰ্তী জিৰিবাম জিলাৰ জেইৰণ গাঁৱত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয় । সন্দেহজনক মেইটেই উগ্ৰপন্থীয়ে মাৰ সম্প্ৰদায় অধ্যুষিত গাঁওখনত প্ৰৱেশ কৰে আৰু এটা এটাকৈ প্ৰায় ১০ টাকৈ ঘৰ জ্বলাই দিয়ে । এই ঘটনাত জীৱন্ত অগ্নিদগ্ধ হয় এগৰাকী মহিলা । মৃত মহিলাগৰাকী চাংকিম বুলি জানিব পৰা গৈছে ।

মণিপুৰৰ হিংসাত মহিলাৰ মৃত্যু;মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰলৈ প্ৰেৰণ মৃতদেহ (ETV Bharat)

মণিপুৰৰ জনজাতীয় সংগঠনৰ একত্ৰিত মঞ্চ 'ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ্ছ ফ'ৰাম'(আই টি এল এফ)-এ শুকুৰবাৰে এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছে আৰু কৈছে যে বৃহস্পতিবাৰে নিশা প্ৰায় ৮.৪০ বজাত সশস্ত্ৰ মেইটেই বাহিনী আৰামবাই টেংগোল আৰু ইউ এন এল এফ গোটে জিৰিবামৰ জেইৰণ গাঁৱত আক্ৰমণ কৰে ।

চিএমচিএইছত মৰণোত্তৰ পৰীক্ষা

ইফালে আক্ৰমণত নিহত মহিলাগৰাকীৰ মৃতদেহ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় । হাস্পতাল কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰিছে । শনিবাৰৰ ভিতৰতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব বুলিও হাস্পতাল কৰ্তৃপক্ষই জনাইছে ।

লগতে পঢ়ক :মণিপুৰত পুনৰ হিংসাৰ দাবানল; নিহত মহিলা, ভস্মীভূত ১০ টা ঘৰ