ETV Bharat / state

পদপথত পাচলি লৈ বহিছিল দুুুপইচা উপাৰ্জনৰ বাবে, গ্ৰাহক হিচাবে আহিল স্বয়ং যমদূত - BELTOLA BAZAR ACCIDENT

গুৱাহাটীৰ এখন উল্লেখযোগ্য আৰু জনাকীৰ্ণ বজাৰত অঘটন । গাৰ্ডৱাল খহি নিহত এগৰাকী মহিলা । আহত কেইবাগৰাকীও ।

Beltola Bazar accident
বেলতলা বজাৰৰ গাৰ্ড ৱাল খহি নিহত মহিলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 15, 2025 at 8:08 PM IST

4 Min Read

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ বেলতলাত অঘটন । বেলতলা বজাৰৰ গাৰ্ড ৱাল খহি পৰি এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কেইবাগৰাকীও লোক । মৃত মহিলাগৰাকী সোণাপুৰৰ অঞ্জু ৰংপি বুলি জানিব পৰা গৈছে । আনহাতে, আন তিনিগৰাকী লোক আহত হয় ।

বেলতলা বজাৰৰ মাজত সংঘটিত হয় এই ঘটনা । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, বৃহস্পতিবাৰে দিনৰ প্ৰায় ২.৩০ বজাত হঠাৎ পিছফালে থকা ৩০ মিটাৰৰ এখন গাৰ্ড ৱাল বজাৰৰ ব্যসায়ীসকলৰ গাত খহি পৰে । লগে লগে বজাৰখনত হুৱাদুৱা লাগি পৰে । পিছত স্থানীয় ক্ৰেতা-বিক্ৰেতাসকলে ভাগি যোৱা গাৰ্ড ৱালখন দাঙি তাৰ তলত আবদ্ধ হৈ থকা আহত লোকসকলক উদ্ধাৰ কৰি ওচৰতে থকা এজাইল হাস্পতালত ভৰ্তি কৰায় ।

বেলতলা বজাৰৰ গাৰ্ড ৱাল খহি নিহত মহিলা (ETV Bharat Assam)

ইয়াৰে ভিতৰত দুগৰাকী মহিলাক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও অঞ্জু ৰংপি নামৰ মহিলগৰাকীৰ মৃত্যু হয় । এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে জি এম চিৰ ওপৰত ক্ষোভিত হৈ পৰে ।

আনহাতে, দুৰ্ঘটনাটোৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ঘটনাৰ বুজ লোৱাৰ লগতে নিহত আৰু আহতসকলৰ দায়িত্ব চৰকাৰক গ্ৰহণ কৰিবলৈ দাবী জনায় । লগতে তেওঁ কয় যে চৰকাৰ, জি এম চিয়ে এই বজাৰখনৰ পৰা কমিছন ঠিকেই ল'ব জানে, কিন্তু বজাৰখনত থাকিবলগীয়া সকলো সা-সুবিধাৰ কথাত গুৰুত্ব নিদিয়ে ।

Beltola Bazar accident
নিহত অঞ্জু ৰংপি (ETV Bharat Assam)

আজিৰ এই ঘটনা কিহৰ বাবে হ'ব পালে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । বিভাগীয় কৰ্তৃপক্ষই যদি এইবোৰ দিশ চোৱাচিতা কৰিলেহেঁতেন তেন্তে এনে ধৰণৰ ঘটনা নঘটিলহেঁতেন বুলিও তেওঁ মন্তব্য কৰে । ইয়াৰ উপৰি বজাৰখনত ক্ৰেতা-বিক্ৰেতাসকলৰ সুবিধাৰ বাবে এটা প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা নাই বুলিও অভিযোগ কৰে ।

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কয়, "বেলতলা বজাৰ এখন বৃহৎ বজাৰ । সপ্তাহত দুদিনকৈ বহে । আৰু ইয়াৰ পৰা বৈধ আৰু অবৈধভাৱে দুটা কালেকচন হয় । আমাৰ হাতত হিচাপ থাকে । কাৰণ মই এই গোটেই বেলতলা বজাৰত আহি মানুহৰ সুখে-দুখে, চি এম আহিব বুলি ক'লে যেতিয়া বন্ধ দিয়ে তেতিয়াও মানুহৰ সুখৰ-দুখৰ খবৰ ল'বলৈ ইয়াত আহো । বেলতলা বজাৰত আজি বহু দিনৰ পৰা বজাৰ কমিটীয়ে এই গাৰ্ড ৱাল প্ৰটেকচনৰ কথা কৈ আছে । কালেকচনটো ঠিকে কৰিছে কিন্তু প্ৰটেকচনটো এওঁলোকে দিব পৰা নাই । দুটা কালেকচন হয় । এটা ৰেজিষ্টাৰ্ড কালেকচন হয় ফৰ জি এম চি । আনহাতে, গুণ্ডা টেক্সৰ নিচিনা আন এটা আনৰেজিষ্টাৰ্ড কালেকচন হয় ।"

Beltola Bazar accident
খহি পৰা গাৰ্ড ৱালখনৰ একাংশ (ETV Bharat Assam)

তেওঁ লগতে কয়, "আজি জি এম চিৰ যিজন মেয়ৰ তাৎক্ষণিকভাৱে ইয়াত উপস্থিত হ'ব লাগিছিল । কাৰণ কালেচনৰ ভাগ তেওঁলোকলৈও যায় বুলি আমি শুনো । সঁচা-মিছা মই নাজানো । আমাৰ হাতত খবৰ আছে । গতিকে মই এটা কথা ক'ব বিচাৰিছো, সব কা সাথ, সবকা বিকাশৰ কথা সবে কয় । কিন্তু বিকাশৰ তলত যে ফোঁপোলা, এই যেনেকে গাৰ্ড ৱালৰ তলত যে কোনোধৰণৰ ব্যৱস্থা নাই, তেনেদৰে গোটেই বিজেপি চৰকাৰৰ দিনৰ বিকাশটো হৈছে তলত ফোঁপোলা, ওপৰত ৰং-চং দিয়া ।"

উল্লেখ্য যে, প্রত্যেক সপ্তাহৰ বৃহস্পতিবাৰ আৰু দেওবাৰে অনুষ্ঠিত হয় বেলতলা বজাৰ । দুয়োটা বাৰতে বিভিন্ন সামগ্ৰী লৈ বিভিন্ন স্থানৰ পৰা বেলতলা বজাৰলৈ আহে ব্যৱসায়ীসকল । ইয়াৰে ভিতৰত বহুসংখ্যক মহিলা ব্যৱসায়ীও আছে ।

লগতে পঢ়ক :গোৱালপাৰা-ধুবুৰীবাসীক মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ ! - ASSAM CM AT GOALPARA
লগতে পঢ়ক :কম সাংঘাতিক নে ! ঘটিৰাম-বাটিৰামৰ নহয়, মন্ত্ৰীৰ ঘৰতে চকু পৰিল গভাইত চোৰৰ - THEFT IN GUWAHATI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.