জীৱন্তে অগ্নিদগ্ধ হোৱা মহিলাৰ মৃত্য়ু, গ্ৰেপ্তাৰ স্বামী
পাৰিবাৰিক কন্দলৰ চৰম পৰিণতিত মহিলাৰ মৃত্যু ! কোনে উচতনি দিছিল মহিলাগৰাকীৰ স্বামীক ? পঢ়ক বিতং খবৰ...

Published : August 6, 2025 at 4:34 PM IST
তেজপুৰ: পাৰিবাৰিক সংঘাতেই কাল হ'ল এগৰাকী মহিলাৰ । তেজপুৰ বাম পৰ্বতীয়াৰ পহুমৰা চুবুৰীত জীৱন্তে অগ্নিদগ্ধ হোৱা এগৰাকী মহিলাৰ বুধবাৰে মৃত্য়ু ঘটে । এই ঘটনাৰ পিচতেই স্বামীয়ে পত্নীক জ্বলাই হত্য়া কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ।
মঙলবাৰে অগ্নিদগ্ধ হোৱা মহিলাগৰাকীৰ বুধবাৰে পুৱা চিকিৎসালয়ত মৃত্যু ঘটে । স্বামীৰ পৰিয়ালে দাবী কৰা মতে, নিজে গাত কেৰাচিন তেল ঢালি জুই লগাই দিয়াত মহিলাগৰাকী অগ্নিদগ্ধ হয় ।
ইয়াৰ বিপৰীতে স্থানীয় লোকে উত্থাপন কৰা অভিযোগ মতে, পাৰিবাৰিক কন্দলৰ পৰিণতিত এই ঘটনা সংঘটিত হয় ৷ মঙলবাৰে এই ঘটনাটো সংঘটিত হোৱাৰ পিছত নিশা সংকটজনক অৱস্থাত মহিলাগৰাকীক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত স্বামী জয়ন্ত শইকীয়াক আৰক্ষীয়ে নিশাৰ ভাগতে গ্ৰেপ্তাৰ কৰে ৷
শোণিতপুৰৰ জ্য়েষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই কয়, "এই ঘটনাৰ পিচতেই মহিলাগৰাকীৰ স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আনহাতে জুই নুমুৱাবলৈ চেষ্টা কৰোতে এই ঘটনাত মহিলাগৰাকীৰ জোঁৱায়েকো অগ্নিদগ্ধ হয় ৷"
স্থানীয় লোকে কৰা অভিযোগ মতে, নিশা পাৰিবাৰিক কন্দলৰ সূত্ৰপাত ঘটে আৰু মহিলাগৰাকীয়ে নিজেই গাত কেৰাচিন ঢালি অগ্নিসংযোগ কৰে ।
মহিলাগৰাকীৰ মাতৃ আৰু ভাতৃৰ অভিযোগ অনুসৰি মাটি-সম্পত্তিৰ বাবেই জয়ন্তই পত্নীক জীৱন্তে জ্বলাই হত্যা কৰিলে । আনকি জয়ন্তই পত্নীক একেখন গাঁৱত থকা মাতৃৰ ঘৰলৈ কেইবামাহ ধৰি যাবলৈ দিয়া নাছিল । পত্নীৰ পৰিয়ালৰ ভূমি বিচাৰি জয়ন্তই পত্নীক প্ৰায়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালে ।
ইফালে, মহিলাগৰাকীৰ কন্যাই অভিযোগ কৰে যে মাতৃৰ বায়েক আৰু স্বামী অংকুৰ মেহেৰাৰ বাবেই মাতৃয়ে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে । মহিলাগৰাকীক চৰম সিদ্ধান্ত ল'বলৈ বাধ্য কৰোৱা জ্যেষ্ঠ ভগ্নীয়ে কেৰাচিন তেলো যোগান ধৰিছিল । আনহাতে, অংকুৰ মেহেৰাই জয়ন্তক সুৰাপান কৰোৱাই বিভিন্ন কথাৰে উত্তেজিত কৰিছিল আৰু তাৰপিছতেই জয়ন্ত আৰু পত্নীৰ মাজত বাকবিতণ্ডা হৈছিল । জীয়ৰী আৰু জোঁৱাইৰ উপস্থিতিত মহিলাগৰাকীয়ে গাত কেৰাচিন ঢালি জীৱন শেষ কৰা বুলি কন্য়াই অভিযোগ কৰিছে ।
(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

