চৰ্ত সাপেক্ষে শিক্ষকৰ বদলি: প’ৰ্টেল মুকলি, আবেদন প্ৰক্ৰিয়া আৰম্ভ
দিব্যাংগ, ভিতৰুৱা অঞ্চলত শিক্ষকতা কৰা যুৱতী-মহিলা, স্বামী-পত্নী বা সন্তান ৰোগত আক্ৰান্ত, ১০ বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰা শিক্ষকে পাব অগ্ৰাধিকাৰ । আবেদনৰ সময়সীমা ৩০ এপ্রিল ।

Published : March 30, 2025 at 7:20 PM IST
গুৱাহাটী: শিক্ষক বদলিকৰণ প্ৰক্ৰিয়াটোৰ বাবে পুনৰ প’ৰ্টেল মুকলি কৰা হৈছে । ইয়াৰ লগে লগে দূৰ-দূৰণিত কাম কৰি থকা শিক্ষকসকলৰ মনত কিছু পৰিমাণে আশাৰ সঞ্চাৰ হৈছে যদিও কিমান সংখ্যক শিক্ষকৰ বদলি বাস্তৱত সম্ভৱ হ'ব তাক লৈ প্রশ্ন উত্থাপন হৈছে । কাৰণ ইয়াৰ পূৰ্বেও বহু শিক্ষকে আবেদন কৰিও বদলিকৰণৰ সুবিধা লাভ নকৰিলে ।
এইবাৰ পুনৰ ১৮ মাৰ্চৰ পৰা আৰম্ভ হৈছে শিক্ষকৰ বদলিকৰণৰ আবেদন প্ৰক্ৰিয়া । ৩০ এপ্ৰিললৈ আন্তঃজিলা শিক্ষক বদলিৰ প’ৰ্টেল আবেদনৰ বাবে মুকলি থাকিব । বদলিকৰণৰ প্ৰক্ৰিয়া গৰমৰ বন্ধৰ সময়ছোৱাত সম্পন্ন কৰা হ'ব । শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ইতিমধ্যে এই কথা সদৰী কৰিছে ।

শিক্ষক বদলিৰ বাবে ১৯১৭ চনত যি আইন হৈছিল, সেই আইনত বদলিৰ সময়ৰ কথা উল্লেখ আছে । লক্ষণীয় বিষয় যে, এতিয়ালৈ ৩৩,২৯৭ গৰাকী শিক্ষকৰ বদলি হৈছে । পাৰস্পৰিক বুজাবুজিৰে কিছুসংখ্যক শিক্ষকৰ বদলি হ'ল যদিও যোৱা সময়ছোৱাত দহ বছৰৰো অধিককাল এখন জিলাতে কাম কৰি থকা হাজাৰ হাজাৰ শিক্ষকৰ একক বদলিৰ আবেদন নিষ্পত্তি নোহোৱাকৈ পৰি ৰৈছিল ।
শিক্ষা বিভাগে প্রকাশ কৰা অগ্ৰগতিৰ খতিয়ানত (লিপিং এহেড) উল্লেখ কৰা হৈছে যে, বদলিৰ বাবে মুঠ ৬৮,৮৪৫ গৰাকী শিক্ষকে আবেদন জনাইছিল । কিন্তু ইয়াৰ ভিতৰত ২০২২ চনৰ পৰা একক বদলিৰ সংখ্যা আছিল অতি সীমিত ।
সমগ্র শিক্ষাৰ অধীনত একক আৰু পাৰস্পৰিক বুজাবুজিৰ বদলিৰ সংখ্যা প্রায় সমান যদিও প্রাথমিক শিক্ষাত ২০২২ চনৰ পৰা মাত্র ২৮০ গৰাকী শিক্ষকৰহে আন্তঃজিলা পৰ্যায়ত একক বদলি হৈছে । ইয়াৰ বিপৰীতে ৯,৩১৮ গৰাকীৰ পাৰস্পৰিক বুজাবুজিৰে বদলি হয় । অর্থাৎ মুঠ ৯,৫৯৮ গৰাকীৰহে একক বা পাৰস্পৰিক বুজাবুজিৰে বদলি হৈছিল । তেনেদৰে সমগ্ৰ শিক্ষাৰ অধীনৰ আন্তঃজিলাত একক বদলি হৈছিল ৩,৮৬১ গৰাকী আৰু পাৰস্পৰিক বুজাবুজি হৈছিল ৩,২৩৬ গৰাকীসহ মুঠ ৭০৯৭ গৰাকী শিক্ষকৰ প’ৰ্টেলত জনোৱা আবেদনৰ ভিত্তিত বদলি সম্পন্ন হৈছিল ।
শিক্ষা বিভাগে প্রকাশ কৰা প্ৰতিবেদনত উল্লেখ হোৱা বদলিৰ এই পৰিসংখ্যাৰ পাছত বৰ্তমান বদলিৰ বাবে আৱেদন প্ৰক্ৰিয়া চলি আছে যদিও বাস্তৱত কিমানে বদলি পাব সেই ডাঙৰ প্ৰশ্ন ।
বদলিৰ ক্ষেত্রত কোনে পাব বিশেষ অগ্ৰাধিকাৰ:
শিক্ষামন্ত্রীয়ে সদৰী কৰা মতে, বদলি এছ অ' পিৰ ভিত্তিত হ'ব । নিযুক্তিৰ সময়ৰ চৰ্ত অনুসৰি, এখন জিলাৰ পৰা আন জিলালৈ কোনো শিক্ষকে বদলি হ'ব নোৱাৰে । কিন্তু বদলি আইন গ্ৰহণ কৰাৰ পাছত আন জিলালৈ বদলি সুবিধা দিয়া হয় । অৱশ্যে পাৰস্পৰিক বুজাবুজিত প্রাধান্য দিয়া হয় ।
একক বদলিৰ ক্ষেত্ৰত চৰ্ত আৰোপ কৰা হৈছে । এছ অ’ পিৰ এই চৰ্ত অনুসৰি, যিসকলে দহ বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকেহে আবেদন জনাব পাৰিব । অৱশ্যে নতুনকৈ নিযুক্তি পোৱাসকলে পাৰস্পৰিক বুজাবুজিৰে বদলিৰ বাবে আবেদন জনাব পাৰিব । তেওঁলোকে নিজৰ প্ৰফাইলসমূহ প’ৰ্টেলত আপলোড কৰিব লাগিব । দিব্যাংগসকলে দুই বছৰ কাম কৰিলেও বদলিৰ সুবিধা পাব ।
শিক্ষকৰ নিজৰ, পত্নী বা স্বামী আৰু সন্তান জটিল ৰোগত আক্রান্ত হ’লে একক বদলিৰ বাবে আবেদন জনাব পাৰিব । ভিতৰুৱা অঞ্চলত শিক্ষকতা কৰা মহিলা শিক্ষকৰ ক্ষেত্ৰত বদলিৰ ব্যৱস্থাত অগ্ৰাধিকাৰ দিয়া হৈছে ।
৩০ এপ্ৰিললৈ প’ৰ্টেলত আবেদন জনোৱাৰ সময় দিয়া হৈছে আৰু গৰমৰ বন্ধৰ সময়ছোৱাত বদলি সম্পন্ন হ'ব । এইবাৰ কিমান শিক্ষকে এই বদলিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব, সেয়া সময়েহে ক'ব ।
লগতে পঢ়ক: প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ কন্যাই কিয় ল'লে জীৱনৰ চৰম সিদ্ধান্ত ?

