ETV Bharat / state

ভোকৰ ভাতসাঁজ মাত্ৰ ৫ টকাত: এই মহঙা দিনত ক'ত পাব উদৰ পূৰাই খাবলৈ ? - RICE AT RS 5 IN GUWAHATI

গুৱাহাটীৰ দৰে ব্যয়বহুল মহানগৰীত সাধাৰণ শ্ৰমজীৱী লোকৰ বাবে এসাঁজ ক্ৰয় কৰি খোৱাটো বহু ক্ষেত্ৰতে অসাধ্যৰ দৰে হয় । তেনেক্ষেত্ৰত ই এক আশাৰ বতৰা ।

rice at rs 5 in Guwahati
মাত্ৰ ৫ টকাত এসাঁজ ভাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 14, 2025 at 8:12 PM IST

4 Min Read

গুৱাহাটী : আপুনি বাৰু গুৱাহাটী মহানগৰীত কৰ্ম কৰে নেকি ? আপোনাৰ কৰ্মস্থানত দুপৰীয়াৰ সাঁজৰ ব্যৱস্থা নাই নেকি ? নতুবা আপুনি মহানগৰীৰৰ সাধাৰণ শ্ৰমিক নেকি, যিয়ে দুপৰীয়াৰ সাঁজটো ক্ৰয় কৰি খাবলগা হয় ? তেনেহ'লে নিশ্চয় জানে এসাঁজ খাদ্যৰ মূল্যৰ পৰিমাণ ।

৫ টকাত এসাঁজ ভাত ক'ত পাব ?

আজিৰ তাৰিখত গুৱাহাটী মহানগৰীত এসাঁজ নিৰামিষ ভাত কিনি খাবলৈ কমেও ৫০-৬০ টকাৰ প্ৰয়োজন হয় । কিন্তু এতিয়া আপুনি গুৱাহাটীত মাত্ৰ ৫ টকাতে পাব এসাঁজ ভাত । ৫ টকাতে প্ৰতিদিনে বেলেগ বেলেগ ব্যঞ্জনেৰে গ্ৰাহকক যোগান ধৰা হয় এসাঁজ ভাত ।

মাত্ৰ ৫ টকাত এসাঁজ ভাত (ETV Bharat Assam)

আপুনি যদি মাত্ৰ ৫ টকাতে এসাঁজ ভাত খাব বিচাৰে, তেন্তে আহিব লাগিব গুৱাহাটীৰ ফাঁচীবজাৰ নাইবা মাছখোৱাৰ কেদাৰ ৰোডলৈ । কিয়নো সোমবাৰৰ পৰা শনিবাৰলৈ প্ৰতিদিনে ১১.৩০ বজাৰ পৰা এই দুটা স্থানত পোৱা যায় এই মহঙা দিনটো উদৰ পূৰাই খাবলৈ ।

এটা এন জি অ'ৰ এক ব্যতিক্ৰমী পদক্ষেপ

চলিত বৰ্ষৰ ২৮ জানুৱাৰীৰ পৰা প্ৰতিদিনে প্ৰায় ৫০০ গৰাকী লোকে এই নিৰামিষ ভাতসাঁজ ক্ৰয় কৰি খোৱাৰ সুবিধা লাভ কৰিছে । অতি সুলভ মূল্যতে ভাতসাঁজ বিক্ৰী কৰি আহিছে 'উইশ্বেজ এণ্ড ব্লেছিংছ' (wishes and blessings) নামৰ এটা বেচৰকাৰী সংস্থাই । ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই এন জি অ'টোৱে বিগত ১১ বছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত এই সেৱা আগবঢ়াই আহিছে । এইবাৰ পদাৰ্পণ গুৱাহাটীত ।

rice at rs 5 in Guwahati
মাত্ৰ ৫ টকাত এসাঁজ ভাত (ETV Bharat Assam)

কোনে আৰম্ভ কৰিলে গুৱাহাটীত এই পদক্ষেপ

ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰি থকা বেচৰকাৰী সংস্থাটোৰ অসমৰ প্ৰ'গ্ৰাম সমন্বয়ক বীৰেন হাজৰিকাই গুৱাহাটীত হাতত লৈছে এই প্ৰচেষ্টা । এই সন্দৰ্ভত বীৰেন হাজৰিকাই কয়, "আমাৰ বেচৰকাৰী সংস্থাটোৰ পৰা ভাৰতৰ বিভিন্ন স্থানত এই কাৰ্যসূচী চলি আছিল । আমি গুৱাহাটীত চলিত বৰ্ষৰ ২৮ জানুৱাৰীৰ পৰা আৰম্ভ কৰিছিলোঁ । প্ৰথম অৱস্থাত আমি মাছখোৱাৰ কেদাৰ ৰোডত আৰম্ভ কৰিছিলোঁ । গ্ৰাহকৰ খুব ভাল সঁহাৰি পাইছিলোঁ । যোৱা ৫ দিনৰ পৰা ফাঁচীবজাৰৰ জি এম চি মাৰ্কেটৰ সন্মুখত বিক্ৰী কৰি আহিছোঁ ।"

কেনেদৰে কৰে প্ৰস্তুতি

এই সম্পৰ্কে তেওঁ কয়, "প্ৰতিদিনে পুৱা ৭.৩০ বজাৰ পৰা খাদ্যবোৰ তৈয়াৰ কৰা হয় আৰু দিনৰ ১১.৩০ বজাৰ পৰা বিক্ৰী কৰা হয় । ভাতৰ লগত তৰকাৰী এখনকৈ দিয়া হয় । প্ৰতিদিনে বেলেগ বেলেগ তৰকাৰী যেনে ৰাজমাহ, মটৰ, চয়াবিন আদি দিয়া হয় ।"

ভৱিষ্যৎ পৰিকল্পনা

তেওঁ লগতে কয় যে বৰ্তমান প্ৰতিদিনে ৫০০ গৰাকী গ্ৰাহকক এই খাদ্য যোগান ধৰি থকা হৈছে । পৰৱৰ্তী সময়ত ১৫০০ গৰাকী লোকে যাতে খাব পাৰে তাৰ পৰিকল্পনা কৰা হৈছে । আনহাতে, অহা মাহৰ ভিতৰত ভূতনাথতো এই খাদ্য বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জনায় ।

লগতে তেওঁৰ এক গুৰুত্বপূৰ্ণ মন্তব্য, "বহু বেচৰকাৰী সংস্থাই বিনামূলীয়াকৈ খাদ্য বিতৰণ কৰে । কিন্তু আমি ৫ টকা লৈ বিক্ৰী কৰোঁ । কিয়নো আমাৰ ইয়ালৈ এনেকুৱা কিছুমান মানুহ আহে, যিয়ে বিনামূলীয়াকৈ দিয়া খাদ্য খাবলৈ অসুবিধা হয় । ৫ টকা দি কিনি খাই সন্মানবোধ কৰে ।"

গ্ৰাহকে কি কয়

আনহাতে, খাদ্য ক্ৰয় কৰি খোৱা গ্ৰাহকে কয়, "৫ টকাত দুপৰীয়াৰ ভাতসাঁজ পোৱাত আমাৰ সুবিধা হৈছে । কিয়নো আমি দিন হাজিৰা কৰি খোৱা লোক । বেলেগ দোকানত দুপৰীয়াৰ ভাতসাঁজ কিনিলে ৫০-৬০ টকাৰ প্ৰয়োজন হয় । কিন্তু ইয়াত ৫ টকাত দিয়াত আমাৰ বহুত সুবিধা হৈছে ।"

লগতে পঢ়ক :হঠাৎ বজাৰৰ পৰা অন্তৰ্ধান তুৰ্কীৰ সুস্বাদু আপেল - INDIA BOYCOTT TURKISH GOODS
লগতে পঢ়ক :এখন ব্যতিক্ৰমী বিয়া: দাম্পত্য জীৱন আৰম্ভ হ'ল বট-আহতৰ - TREE MARRIAGE IN BASKA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.