ETV Bharat / state

বৰাচাউলৰ ৱাইন 'লুক লাও' : পৰম্পৰাগত পানীয়ক বিশ্বমুখী কৰাৰ সপোন

অসমীয়া যুৱকৰ অনন্য প্ৰচেষ্টা । পৰম্পৰাগত পানীয়ক নতুনত্ব প্ৰদান কৰি বিশ্বৰ বজাৰ দখলৰ লক্ষ্যৰে ৰাইচ ৱাইন 'লুক লাও' ।

Assam rice wine
পৰম্পৰাগত পানীয়ক বিশ্বমুখী কৰাৰ সপোন 'লুক লাও' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 28, 2025 at 4:52 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : 'লুক লাও' - বৰাচাউলৰ পৰা প্ৰস্তুত কৰা ৱাইনৰ এটা ব্ৰেণ্ড । যিটো ব্ৰেণ্ড সম্পূৰ্ণৰূপে নিভাঁজ অসমীয়া । আহোমৰ পৰম্পৰাগত পানীয় 'ৰহি'ৰ ৱাইন সংস্কৰণ 'লুক লাও' । শিৱসাগৰৰ এজন যুৱকে একক প্ৰচেষ্টাৰে গঢ় দিছে এই ব্ৰেণ্ডটো ।

যুৱকজনৰ নাম দীপজ্যোতি দুৱৰী । সীমাৰ পৰিধি অতিক্ৰমি পৰম্পৰাক বিশ্বজনীন কৰাৰ লক্ষ্যৰে আধুনিকতাৰ পৰশ দি তেওঁ উলিয়াই আনিছে । পৰম্পৰাগত পানীয় 'ৰহি'ক ঘৰৰ পৰা বিশ্বৰ বজাৰলৈ লৈ যোৱাৰ লক্ষ্যৰে তেওঁ এই ব্ৰেণ্ডটো প্ৰস্তুত কৰিছে ।

পৰম্পৰাগত পানীয়ক বিশ্বমুখী কৰাৰ সপোন 'লুক লাও' (ETV Bharat Assam)

ইতিমধ্যে 'লুক লাও'-এ জনপ্ৰিয়তা লাভ কৰিছে যদিও সঠিক দিশত মাৰ্কেটিং কৰিব পৰা নাই । অৱশ্যে এডভাণ্টেজ আছাম ২.০ সন্মিলনত অংশ লোৱাৰ পাছত যথেষ্ট আশাবাদী হৈছে দীপজ্যোতি দুৱৰী । কাৰণ এই সন্মিলনৰ যোগেদি তেওঁ দেশ-বিদেশৰ এক্সপ'ৰ্টাৰসকলৰ সৈতে মুখামুখি হৈছে । বহুতে তেওঁৰ সৈতে ব্যৱসায় কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ।

ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত দীপজ্যোতি দুৱৰীয়ে কয়, "মোৰ ৱাইনৰ ব্ৰেণ্ডটো হৈছে লুক লাও । বৰাচাউলৰ পৰা এই ৱাইন বনোৱা হয় । দেশৰ ভিতৰতে ব্যৱসায়িক ভিত্তিত হোৱা বৰাচাউলৰ প্ৰথম ৰাইচ ৱাইন হৈছে লুক লাও ।"

তেওঁ লগতে কয়, "দেশৰ লগতে উত্তৰ-পূবত চাউলৰ পৰা ৱাইন বনোৱা কালচাৰটো নাই । আগতে ভাৰতত যিবোৰ ৰাইচ ৱাইন পোৱা গৈছিল সেইবোৰ জাপান, চাইনা, কোৰিয়া আদিৰ পৰা আহি আছিল । সেইবোৰ চাই মই এই বিষয়ে ভাবিলোঁ ।"

এই দিশত আগবঢ়া সন্দৰ্ভত তেওঁ কয়, "অসম চৰকাৰে অনুমতি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত এই কামটো কৰাৰ বাবে আগবাঢ়ি আহিলোঁ । পৰম্পৰাগতভাৱে বৰাচাউলৰ পৰা ৰহি বনোৱা হয় । আমি পৰম্পৰাগত প্ৰক্ৰিয়াতে ৰাইচ ৱাইন প্ৰস্তুত কৰোঁ । মই বস্তুটো ডাঙৰকে কৰিছোঁ । প্ৰতিদিনে দুই হাজাৰ বটল ৱাইন কৰাৰ কেপাচিটি আছে যদিও বৰ্তমান ৫০০ বটল প্ৰস্তুত কৰোঁ ।"

ইয়াৰ মাৰ্কেটিং সন্দৰ্ভত কয়, "অসমৰ বিভিন্ন জিলাত যোগান ধৰা হয় । সকলো সুৰাৰ দোকানত উপলব্ধ হোৱা নাই । চৰকাৰে মোক লাইচেন্স দিছে । অসম চৰকাৰে হেৰিটেজ লিকাৰৰ ওপৰত কিবা কৰিব । প্ৰম'ট কৰাৰ কথা চৰকাৰে কৈছে । পৰম্পৰাগত লিকাৰৰ বিশ্বৰ বজাৰত বহুত চাহিদা আছে । সঠিক দিশত লৈ যাব পাৰিলে এই উদ্যোগটোৰ পৰা অসম চৰকাৰে যথেষ্ট ৰাজহ লাভ কৰিব পাৰিব ।"

ইয়াৰ নামকৰণৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, "লুক লাও টাই ভাষাৰ শব্দ । অসমীয়াত ক'লে আহোমৰ ৰহি । বৰ্তমাত ছিংগল প্ৰডাক্ট আছে । আমি তিনি-চাৰিটা ভেৰাইটি কৰাৰ কথা চিন্তা কৰিছোঁ । এটা বটলৰ দাম ৭০০ টকা । এডভাণ্টেজ আছাম ২.০ত বিভিন্নজনে আহি কথা পাতিছে ।"

বিপণনৰ বাবে বাহিৰত উলিয়াই দিয়া সন্দৰ্ভত তেওঁ কয়, "ডুবাই, কানাডা আদি ৰাষ্ট্ৰৰ এক্সপ'ৰ্টাৰসকলৰ সৈতে কথা হৈছে । তেওঁলোকে কাৰ্ড দিছে, যোগাযোগ কৰিম । লুক লাওৰ চাহিদা আছে যদিও আমি প্ৰয়োজন অনুসৰি মাৰ্কেটিং কৰিব পৰা নাই । এইক্ষেত্রত চৰকাৰে অলপ সহায় কৰিলে আমি আগুৱাই যাব পাৰিম । লুক লাওত এলকহলৰ পৰিমাণ ১২ শতাংশ ।"

লগতে পঢ়ক :খেলনাৰ মাধ্যমৰে বড়ো জনগোষ্ঠীক পৰিচয় কৰি দিয়াৰ ব্যতিক্ৰমী প্ৰয়াস - BODO COMMUNITY
লগতে পঢ়ক :পাচি-খৰাহি নহয়, এইবাৰ বাঁহৰ পৰা হ'ব মোজা-অন্তৰ্বাস ! অসমলৈ আহিল এক অনন্য উদ্যোগ - BAMBOO SOCKS INDUSTRY IN ASSAM