ETV Bharat / state

এই বৰ্ষতেই অসমৰ ছেটেলাইটৰ বাবে ISROৰ সৈতে বুজাবুজিৰ চুক্তি সম্পূৰ্ণ হ'ব; যোৰহাটত মুখ্যমন্ত্ৰী - ASSAM CM JORHAT VISIT

যোৰহাটত কেইবাটাও প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ । গুৱাহাটীৰ কণ্ট্ৰ'ল ৰুমত বহিয়ে উন্নয়নমূলক কাৰ্যসূচীৰ পৰা অনুপ্ৰৱেশকাৰীলৈ সকলো চাব পৰা হ'ব ।

Assam CM Jorhat Visit
যোৰহাটৰ কমাৰবন্ধাত ৰে'লৱে উৰণ সেতু উদ্বোধন কৰি ফটোৰ বাবে প'জ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 3, 2025 at 8:40 AM IST

4 Min Read

যোৰহাট : এদিনীয়া কাৰ্যসূচীৰে বুধবাৰে যোৰহাট লৈ অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কমাৰবন্ধা পথৰ ওপৰত নিৰ্মাণ হোৱা দ্বিতীয়খন ৰে'লৱে উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰে । ৰাইজৰ বাবে উৰণীয়া সেতুখন মুকলি কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "78.27কোটি টকা ব্যয় সাপেক্ষে প্ৰায় 581 মিটাৰ দৈৰ্ঘৰ উৰণ সেতুখনে যান-জঁটকে আদি কৰি ৰাইজৰ বহু সমস্যা সমাধান কৰিব ।"

লগতে তেওঁ কয়, "যোৰহাটত হৈ থকা আন দুখন উৰণ সেতু ২০২৬ চনৰ প্ৰথমভাগতেই কোনো অসুবিধা নহ'লে ৰাইজ বাবে মুকলি কৰা হ'ব ।"

যোৰহাটৰ কমাৰবন্ধাত ৰে'লৱে উৰণ সেতু উদ্বোধন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

আনহাতে, অসমে নিজাববীয়াকৈ ছেটেলাইট উৎক্ষেপণ প্ৰংসগত মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে এই সম্পৰ্কত ইছৰোৰ বৈজ্ঞানিক দলৰ সৈতে আলোচনা সম্পন্ন হৈছে য ২০২৫ চনতে ইছৰোৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

অসম চৰকাৰে উৎক্ষেপণ কৰিবলগীয়া এই ছেটেলাইটৰ জৰিয়তে কৃষি সম্পৰ্কীয় তথ্য, প্ৰাকৃতিক দুৰ্যোগ আৰু অনুপ্ৰৱেশকাৰী বিভিন্ন তথ্য গুৱাহাটীৰ কণ্ট্ৰ'ল ৰুমত বহিয়ে পোনপটীয়াকৈ লাভ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে । লগতে ছেটেলাইটে ৰাজ্য চৰকাৰে পুঁজি বহু পৰিমাণে হ্ৰাস কৰিব বুলি উল্লেখ কৰে ।

আনহাতে, যোৰহাট জেলখন স্বাধীনতা সংগ্ৰামী উদ্যান হিচাপে গঢ়ি তোলা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "যোৰহাট জে'লতে আছে অসমৰ প্ৰথমখন ফাঁচিকাঠ । সেয়েহে যোৰহাট জেলক আন্দমান নিকোবৰত থকা স্বাধীনতা সংগ্ৰামী উদ্যানৰ আৰ্হিত ১৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা হৈছে । ফলত ৰাইজে স্বচক্ষে এইসমূহ চাবলৈ সুবিধা লাভ কৰিব ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ১৩০০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে যোৰহাটত বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰম্ভ হৈ আছে আৰু ইয়াৰে কিছুমান কাম প্ৰায় সম্পূৰ্ণ হৈছে । আনহাতে, মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ তিনিটা উন্নয়নমূলক প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰাৰ সময়ত মহিলাসকলে মুখ্যমন্ত্ৰীৰ সৈতে এখন ছেলফি মাৰিবলৈ হেতা-ওপৰা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেও মহিলাসকলৰ সৈতে ছেলফি তোলে । ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ওচৰতে পাই মহিলাসকল একপ্ৰকাৰ আনন্দত আত্মহাৰা হৈ পৰে ।

Assam CM Jorhat Visit
মুখ্যমন্ত্ৰীক বিপুল আদৰণি (ETV Bharat Assam)
  • খুব কম সময়ৰ ভিতৰতে নিউজীলেণ্ডে ট্ৰেভেল এডভাইজাৰী সংশোধন কৰিব

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পৰ্যটকৰ ক্ষেত্ৰত গঢ়িছে অভিলেখ । ২০২৪-২০২৫ বৰ্ষত অভিলেখ সংখ্যক হাৰত পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি, প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু ভূটানৰ ৰজাই ভ্ৰমণ কৰাৰ লগতে নৈশযাপন কৰি গৈছে । যোৱা চাৰিটা বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্বস্তৰত এক আকৰ্ষণৰ কেন্দ্ৰ কৰাৰ প্ৰয়াস কৰিছিলোঁ ।"

লগতে তেওঁ কয়, "এইবাৰ জাৰ্মান, জাপান আৰু অষ্ট্ৰেলিয়াই নিজৰ ট্ৰেভেল এডভাইজাৰী সংশোধন কৰিলে আৰু মই আশা কৰিম অতি সোনকালে নিউজীলেণ্ডেও ট্ৰেভেল এডভাইজাৰী সংশোধন কৰিব ।"

আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কাজিৰঙা বিশাল পৰ্যটন ক্ষেত্ৰৰ কেন্দ্ৰবিন্দু হৈ পৰিব আৰু স্বাভাৱিকতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত বৰ্ষসমূহৰ দৰে পৰ্যটকৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকিব । তেওঁ কয়, "শীঘ্ৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নামী-দামী হোটেল গঢ় লৈ উঠিব আৰু সেই প্ৰক্ৰিয়াৰো আৰম্ভ হৈছে । কাজিৰঙাত পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে পৰ্যটন ক্ষেত্ৰত নতুন দিনৰ সূচনা কৰিব ।"

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাগতভাৱে দেশী পৰ্যটকৰ সংখ্যাৰ লগতে বিদেশী পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে অসমৰ পৰ্যটন ক্ষেত্ৰখনলৈ আশাৰ ৰেঙনি কঢ়িয়াইছে ।

লগতে পঢ়ক :ব'হাগৰ বতৰত মাধুৰী আঁহতৰ তলত মুখ্যমন্ত্ৰী: সমজিলা কাৰ্যালয়ৰ আধাৰশিলাও স্থাপন - ASSAM CM VISIT JAMUGURIHAT
লগতে পঢ়ক :মোদীৰ সাহসী পদক্ষেপত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হ'ব: যোৰহাটত মুখ্যমন্ত্ৰী - ASSAM CM VISIT JORHAT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.