ETV Bharat / state

বিৰোধীৰ মিত্ৰতাত অখিল গগৈ থাকিব নে ? ক'লে ভূপেন বৰাই

দলীয় কৰ্মীৰ মনৰ কথা বুজ ল'বলৈ উজনিত চোতালে চোতালে ঘূৰিছে কংগ্ৰেছ সভাপতি ।

Bhupen Borah On Akhil Gogoi
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 10:15 PM IST

3 Min Read
Choose ETV Bharat

মৰাণ : ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে । শাসক দল বিজেপিয়ে মণ্ডল,জিলা আৰু ৰাজ্যিক পৰ্যায়লৈ নেতৃত্ব সালসলনি কৰি সাজু হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ লগে লগে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা বলৱৎ হ'ব বুলি ঘোষণা কৰা পাছতেই কংগ্ৰেছৰ লগতে আন ৰাজনৈতিক দলে সাংগঠনিক কাম-কাজ আৰম্ভ কৰিছে ।

পঞ্চায়ত নিৰ্বাচন আৰু '২৬ ৰ বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে কংগ্ৰেছে আৰম্ভ কৰিছে 'চোতালে চোতালে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচী । দলীয় কৰ্মীৰ মনৰ কথা বুজ ল'বলৈ উজনিত দলীয় কৰ্মীৰ চোতালে চোতালে ঘূৰিছে কংগ্ৰেছ সভাপতি ভূপেন বৰা । বুধবাৰে দুলীয়াজানত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত অনুষ্ঠিত হ'ল চোতালে চোতালে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

আজি প্ৰতিকূল বতৰকো নেওচি ৯০ নং দুলীয়াজান বিধানসভা সমষ্টিৰ টিপলিঙত চোতালে চোতালে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীৰ জড়িয়তে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন সন্দৰ্ভত দলীয় কাৰ্যকৰ্তাক সম্বোধন কৰি দলটোৰ হৈ অধিক শক্তিশালী ৰূপত কাম কৰি যাবৰ বাবে আহ্বান জনাই ভূপেন বৰাই । তেওঁ দলীয় কৰ্মীৰ পৰা দলটো শক্তিশালী কৰা সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰে ।

ৰাইজৰ কথা শুনিবলৈ চেষ্টা কৰিছে কংগ্ৰেছে:

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভূপেন বৰাই কয়, "চোতাল আমাৰ পবিত্ৰ স্থান । চোতালতেই আমাৰ সকলো মাঙ্গলিক কাম হয়, সেয়ে এইবাৰ কংগ্ৰেছ ৰাইজৰ চোতাললৈ আহিছে ৰাইজৰ আশীৰ্বদ ল'বলৈ আৰু ৰাইজৰ মনৰ কথা বুজিবলৈ । এতিয়াও ৰাইজৰ কথা শুনিবলৈ চেষ্টা কৰিছে কংগ্ৰেছ দলে আৰু ৰাইজে নিজৰ কথা ক'বলৈ সুবিধা পাইছে । ৰাইজে অসমৰ কেইবাখনো মেডিকেল কলেজ এৰি নেপালত চকু চিকিৎসা কৰিব লগা হৈছে সেয়া বিকশিত অসমৰ প্ৰতিচ্ছবি । কংগ্ৰেছে আৰম্ভ কৰা চোতালে চোতালে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী এতিয়া বিপ্লৱলৈ ৰূপান্তৰিত হ'ব ।"

অসমত বিৰোধীৰ মিত্ৰতা হ'ব:

দিল্লীত বিজেপিৰ জয়ৰ পাছতে অসমত বিৰোধী একত্ৰিত হোৱাক লৈ কুচকাৱাজ আৰম্ভ হৈছে । কিয়নো সদ্য ঘোষিত দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে বহু বছৰৰ অপেক্ষাৰ অন্তত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল । দিল্লীত বিজেপিৰ জয়ৰ মূলতে বিৰোধী একত্ৰিত নোহোৱা বাবেই সম্ভৱ হৈছে বুলি এতিয়া চৰ্চা চলিছে । ইয়াৰ লগে লগে অসমতো বিৰোধী ৰাজনৈতিক দল সমূহ একত্ৰিত হোৱাৰ বাবে যো-জা চলিছে । অসমত বিৰোধী একত্ৰিত হোৱাক লৈ কংগ্ৰেছ সভাপতি ভূপেন বৰাই কয়, "অসমত বিৰোধীৰ মিত্ৰতা হ'ব । অখিল গগৈ থাকিব মিত্ৰতাত । অখিল গগৈয়ে আজি মোৰ সৈতে কথা পাতিছে । অখিল গগৈয়ে দলীয় কৰ্মীক উৎসাহিত কৰিবলৈ ক'ব লাগে বাবেই কৈছে ।"

লগতে পঢ়ক:কংগ্ৰেছ দলক এৰি বিজেপিক পৰাভূত কৰাটো অসম্ভৱ: ভূপেন বৰা - APCC PRESIDENT BHUPEN BORA

বিজেপি বিৰোধী যুঁজখন অধিক শক্তিশালী ৰূপত লৈ যাম: ভূপেন বৰা - APCC PRESIDENT BHUPEN BORA