ETV Bharat / state

নোহোৱা হ’ল ঘোঁৰাগাড়ী; গৰাকীবিহীন ঘোঁৰাই অনাই-বনাই চৰিছে জোনাইৰ চিমেন চাপৰিত

গৰাকীবিহীন ঘোঁৰাৰ ত্ৰাস জোনাইৰ চিমেন চাপৰিত । চেৰেন সোণোৱাল গাঁৱত ৰাইজে বন বিভাগক গতালে পাঁচটা ঘোঁৰা ।

Horse terror in Jonai
জোনাইৰ চিমেন চাপৰিত ঘোঁৰা জব্দ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 12:55 PM IST

3 Min Read
Choose ETV Bharat

জোনাই : আধুনিকতাৰ প্ৰভাৱত সমাজৰ পৰা অতীত হৈ পৰিল এসময়ৰ বহুল ব্যৱহৃত ঘোঁৰাগাড়ী ৷ কেইবছৰ মান আগলৈকে যাতায়তৰ লগতে স্থানীয় লোকসকলৰ ব্যৱসায়-বাণিজ্যৰ বাবে ঘোঁৰাগাড়ী আছিল যোগাযোগৰ মাধ্যম ৷ যান-বাহনৰ ব্য়াপক প্ৰচলনৰ লগে লগে এসময়ত ঘৰ শুৱনি কৰা আপোন ঘোঁৰা এতিয়া এলাগী হৈ পৰিল ৷

এসময়ত এঠাইৰ পৰা আন ঠাইলৈ বিভিন্ন সামগ্ৰী কঢ়িয়াবলৈ আনকি পথাৰৰ পৰা ধানৰ ডাঙৰী কঢ়িয়াবলৈয়ো গৰু গাড়ীৰ সমান্তৰালকৈ ঘোঁৰাই টনা গাড়ী ব্যৱহাৰ কৰা হৈছিল; কিন্তু ইন্ধন চালিত বাহনৰ বহুল ব্যৱহাৰৰ লগে লগে ক্ৰমাৎ অতীত হৈ পৰিল ঘোঁৰাগাড়ী ৷ এই গাড়ীৰ ব্যৱহাৰ নোহোৱা হৈ পৰাত একাংশ ঘোঁৰাৰ গৰাকীয়ে পোহপাল তথা যত্ন ল’ব নোৱৰাৰ বাবে পোহনীয়া ঘোঁৰা বাটে-পথে এৰি দিবলৈ ধৰিলে ৷ ফলত গৰাকীবিহীন ঘোঁৰাসমূহে য’তে যেনেকৈ পাৰে তাতেই আশ্ৰয় ল’বলৈ ধৰিলে ৷

জোনাইৰ চিমেন চাপৰিত ঘোঁৰা জব্দ (ETV Bharat Assam)

এই গৰাকীবিহীন ঘোঁৰাসমূহে বিভিন্ন বনাঞ্চলত আশ্ৰয় লোৱাৰ সমান্তৰালভাৱে কিছু সংখ্যকে জনাঞ্চলতো আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে ৷ কিন্তু জনাঞ্চলত আশ্ৰয় লোৱা এই ঘোঁৰাসমূহে শেহতীয়াকৈ অঞ্চলসমূহত ৰাইজৰ খেতি-বাতি নষ্ট কৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে । ইয়াৰ মাজতেই জোনাই সমজিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত চিমেন চাপৰি চেৰেন সোণোৱাল গাঁৱত গৰাকীবিহীন পোৱালিসহ পাঁচটা ঘোঁৰা উদ্ধাৰ কৰে স্থানীয় ৰাইজে ।

এই সন্দৰ্ভত স্থানীয় ৰাইজে কয়, "গৰাকীবিহীন এই ঘোঁৰাকেইটাই বিগত ৪-৫ বছৰ ধৰি চিমেন চাপৰি চেৰেন সোণোৱাল, মাণিকপুৰ, মাছখোৱা, হাংমা চাপৰি, হছঙকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ খেতি-বাতি, কঠিয়া, ধান নষ্ট কৰি এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ দিনক দিনে ঘোঁৰাকেইটাই খেতি-বাতি বেছিকৈ নষ্ট কৰাত সোমবাৰে ৪-৫ খন গাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত পোৱালিসহ পাঁচটা ঘোঁৰা জব্দ কৰে ।"

Horse terror in Jonai
জোনাইৰ চিমেন চাপৰিত ঘোঁৰা জব্দ (ETV Bharat Assam)

ইয়াৰ পিছতে স্থানীয় ৰাইজে চিমেন চাপৰি থানাৰ আৰক্ষীক খবৰ দিয়ে । আৰক্ষীৰ খবৰৰ ভিত্তিত জোনাই আঞ্চলিক বন বিভাগৰ বিষয়া দেৱব্ৰত গগৈয়ে উপস্থিত হৈ চমজি লৈ ঘোঁৰাকেইটা জোনাই কবু চাপৰিত মেলি দিয়া ব্যৱস্থা কৰা হ'ব বুলি কয় ।

Horse terror in Jonai
জোনাইৰ চিমেন চাপৰিত ঘোঁৰা জব্দ (ETV Bharat Assam)

আঞ্চলিক বন বিভাগৰ বিষয়াগৰাকীয়ে কয়, "এই গাঁওখনৰ এজন লোকে মোক খবৰ দিয়ে যে ৰাইজে পাঁচটা ঘোঁৰা জব্দ কৰিছে । এতিয়া ঘোঁৰাকেইটাৰ সুৰক্ষাৰ বাবে চিন্তা কৰা হৈছে । কবু চাপৰিত ঘোঁৰাৰ আবাসস্থল আছে । এই ঘোঁৰাকেইটাক তালৈ নিয়াৰ কথা ভাবিছো ।"

লগতে পঢ়ক:১৬০ বছৰীয়া পৰম্পৰাৰে আজিও জিমখানা ক্লাবত চেকুৰিছে ঘোঁৰাই - HORSE RACE AT JORHAT GYMKHANA

ডিব্ৰু-ছৈখোৱাৰ আকৰ্ষণ বন-ঘৰচীয়া ঘোঁৰা নাইকিয়া হৈ যাব নেকি ! - FERAL HORSE IN DIBRUGARH