মাজুলী: নদী-দ্বীপ মাজুলীত গজৰাজৰ আতংক । এইবাৰ নদীৰ বুকুতেই চোঁচা লৈছে গজৰাজে । তাকো মানুহলৈ নহয়, জাহাজ আৰু ফেৰীলৈ লক্ষ্য় কৰি লৈছে চোঁচা । সেয়েহে যিকোনো মুহূৰ্ততেই বিপদ সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ উঠিছে ।
বাৰিষা অহাৰ লগে লগে মাজুলীলৈ আগমন ঘটে বন্যহস্তীৰ বৃহৎ জাকৰ । এই বন্যহস্তীৰ জাকে বিগত সময়চোৱাত মাজুলীৰ বিভিন্ন প্ৰান্তত বিচৰণ কৰি মানুহৰ ঘৰ-দুৱাৰ ভঙাৰ লগতে বিভিন্ন ঠাইত খেতি-বাতিৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে । ৰাজ্যৰ আন আন প্ৰান্তত বানপানী হোৱাৰ লগে লগে খাদ্যৰ সন্ধানত মাজুলীলৈ প্ৰতিবছৰে আগমন ঘটে এই বৃহৎ হাতীৰ জাকটোৰ ।
বন্যহস্তীৰ এই বৃহৎ জাকটো কমলাবাৰী ফেৰীঘাটৰ সন্মুখৰ চাপৰিত অৱস্থান কৰিছে । বিগত প্ৰায় এসপ্তাহ ধৰি চাপৰিটোত বিচৰণ কৰিছে বন্য়হস্তীৰ জাকটোৱে । কমলাবাৰী-নিমাতি ফেৰী চলাচলৰ জলপথৰ নিচেই কাষতে হাতীৰ জাকটোৱে অৱস্থান কৰিছে । কমলাবাৰী-নিমাতিৰ মাজত চলাচল কৰা কেইবাখনো ফেৰীলৈ বহুকেইখন ফেৰীলৈ চোঁচা লৈছে হাতীৰ জাকটোৱে । সাংবাদিকৰ কেমেৰাত বন্দী হোৱা এই ভয়ংকৰ দৃশ্যই এতিয়া চিন্তাত পেলাইছে পাৰাপাৰ হোৱা যাত্ৰীসকলৰ লগতে মাজুলীৰ স্থানীয় ৰাইজক ।

হাতীৰ জাকটোৰ নদীৰ চাপৰিত অৱস্থান লোৱাত জলপথত ফেৰী চলাচলত বাধা হোৱাৰ লগতে যাত্ৰীৰ নিৰাপত্তাকলৈয়ো ভাবুকি আহিছে । এই জাকটোত আছে বহুকেইটা পোৱালি হাতী । মাজুলীৰ সচেতন যুৱক ভাস্কৰ বৰাই এই সন্দৰ্ভত কয়, "বাৰিষা অহাৰ লগে লগেই প্ৰতি বছৰে মাজুলীলৈ এটা বৃহৎ হাতীৰ জাকৰ আগমন ঘটে, যিটো জাকে মাজুলীৰ বিভিন্ন অঞ্চলত খেতিপথাৰৰ লগতে মানুহৰ ঘৰ-দুৱাৰৰ ক্ষতিসাধন কৰে । এয়া আজিৰ তাৰিখত মাজুলিবাসীৰ বাবে স্বাভাৱিক ঘটনালৈ পৰ্যবসিত হৈছে ।"
তেওঁ লগতে কয়, "এইবাৰ এই হাতীৰ জাকটোৱে নদীত চলাচল কৰা ফেৰীলৈ চোঁচা লৈছে যিটো আজিৰ তাৰিখত চিন্তাৰ বিষয় । এনেকৈ থাকিলে যিকোনো সময়ত এই হাতীৰ জাকটোৱে ভয়ংকৰ ঘটনা নদীৰ বুকুত সংঘটিত কৰিব পাৰে । যিহেতু নদীৰ বুকুত এই জাকটোক নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট অসুবিধাৰ সৃষ্টি হয় । গতিকে জিলা প্ৰশাসনে বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত ।"

ইফালে ফেৰীত অহা এজন লোকে জনোৱা মতে, তেওঁ অহা ফেৰীখনলৈ যদিও হাতীৰ জাকটোৱে খেদি অহা নাই তথাপি ফেৰী চলাচল কৰা স্থানৰ নিচেই সমীপত এই হাতীৰ জাকটোৱে অৱস্থান কৰিয়েই আছে । জিলা প্ৰশাসনে এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এক উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে । কিয়নো ফেৰী চলাচল নকৰিলে মাজুলীবাসীৰ দক্ষিণপাৰৰ লগত যোগাযোগ একেবাৰে বন্ধ হৈ পৰিব । ফেৰী সেৱাৰ জৰিয়তে নিতৌ মাজুলীৰ হাজাৰ হাজাৰ লোক দক্ষিণপাৰলৈ যায় । এফালে বাৰিষা আৰু আনফালে যদি এনেদৰে হাতীৰ জাকে আতংক চলাই তেন্তে মাজুলীবাসীৰ সমস্য়াই জটিল ৰূপ ধাৰণ কৰিব ।