ETV Bharat / state

মাকৰ পৰা বিচ্ছিন্ন এটা বন্যহস্তী পোৱালিৰ আৰ্তনাদ

গোলাঘাট জিলাৰ মৰঙি ধলাকছাৰি গাঁৱত মাকৰ পৰা বিচ্ছিন্ন এটা বন্যহস্তীৰ পোৱালী অৰ্তনাদ ৷ আঘাতপ্ৰাপ্ত অৱস্থাত আছে পোৱালি হাতীটো ।

WILD ELEPHANT MENACE CONTINUES
বন্যহস্তী পোৱালি উদ্ধাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 9, 2025 at 4:36 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: শিশু অৱস্থাতে মাতৃৰ পৰা বিচ্ছিন্ন হোৱাৰ দুখ কেৱল মাত্ৰ সন্তানেহে বুজি পায় । এফালে যদি মাতৃৰ পৰা বিচ্ছিন্ন হোৱাৰ দুখ, আনফালে অসুস্থ দেহা ৷ এনে সময়তে প্ৰয়োজন হয় পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ চিকিৎসক আৰু সেয়া হৈছে কেৱল মাত্ৰ মাতৃ ।

কিন্তু বিধাতাৰ কি পৰিহাস ! খাদ্যৰ সন্ধানৰ নিশা বনাঞ্চলৰ পৰা জনাঞ্চলত ওলাই আহি মাতৃৰ পৰা বিচ্ছিন্ন হ'বলগীয়া হৈছে এটা পোৱালি হাতী । স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত হাতী পোৱালিটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক । ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ হাতী পোৱালিটো উদ্ধাৰ কৰি পাণবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।

গোলাঘাটত হাতী মানুহৰ সংঘাত (ETV Bharat Assam)

এই সম্পৰ্কে গোলাঘাট আঞ্চলিক বন বিভাগৰ এজন বিষয়াই কয়, ‘‘এই হাতীৰ পোৱালিটোৱে আগৰ পৰা দুখ পাই আছিল ৷ আমি চিকিৎসাৰ ব্যৱস্থা কৰিছিলো । আজি মাতৃৰ সৈতে আছিল, কিন্তু ডাঙৰ গাঁত থকাৰ বাবে মাতৃ পাৰ হৈ গ'ল আৰু পোৱালি থাকি গ'ল । বৰ্তমান হাতীটো সুৰক্ষিত স্থানত খেদি আনি চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ৷ পাছত বিভাগীয়ভাৱে কি ব্যৱস্থা গ্ৰহণ কৰা সেয়া আমি কৰিম । কেইদিনমান পূৰ্বে এই হাতী পোৱালিটো এটা গাঁতত পৰিছিল । ফলত ভৰিত দুখ পাই থকাৰ বাবে মাকৰ লগত পাৰ হ'ব নোৱাৰিলে ।’’

elephant menace assam
পথাৰৰ মাজত উদ্ধাৰ বন্যহস্তী পোৱালি (ETV Bharat Assam)

আনহাতে এই সম্পৰ্কে স্থানীয় এজন যুৱকে কয়, ‘‘পোৱালি হাতীটো পানী থকা নলা এটাত পৰি আঘাতপ্ৰাপ্ত হৈছে ৷ মাকে উঠাবলৈ বহুতো চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে । আমি মুকলি ঠাইত আনি কলগছ খাবলৈ দিছো ৷ কিন্তু খাবহে পৰা নাই । আজি কেইবাদিনৰ পৰা এখন বাহঁনিত আশ্ৰয় লৈ আছে ৷ আজি ওলাই আহোঁতেই নলাত পৰে ।’’

স্থানীয় লোক আৰু বন বিভাগৰ ফালৰ পৰা জনোৱা অনুসৰি, ইতিমধ্যে বহুবাৰ এই হাতীৰ পোৱালিটো নলাত পৰিছে ৷ বহুবাৰ নলাৰ পৰা উঠাই আনি পোৱালিটোক যাৱতীয় চিকিৎসা প্ৰদানো কৰা হৈছে ৷ কিন্তু এইবাৰ এই পোৱালিটোৰ অৱস্থা কিছু সংকটজনক ৷

elephant menace assam
বন্যহস্তী পোৱালি উদ্ধাৰ (ETV Bharat Assam)

বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ

আনহাতে আন এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গোলাঘাট । বুধবাৰে পুৱাই এইবাৰ গা ধুবলৈ যাওঁতে বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় এজন লোকৰ । গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৰ কালিয়নী নদীৰ কাষত বন্যহস্তীৰ আক্ৰমণত নিহত মৃণাল দাস নামৰ লোকজন । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

elephant menace assam
বন্যহস্তী পোৱালি উদ্ধাৰ (ETV Bharat Assam)

এই সম্পৰ্কে এজন স্থানীয় লোকে কয়, "নিশা ইয়ালৈ হাতীৰ এটা জাক আহিছিল আৰু গুচি গ'ল ৷ কিন্তু এটা হাতী থাকি গ'ল ৷ সেই হাতীটোৱে আমাৰ গাঁৱৰ মৃণাল দাস নামৰ এজন ব্যক্তি গা ধুবলৈ নদীৰ পাৰলৈ আহোতেই আক্ৰমণ কৰে ৷ ফলত মৃত্যু হয় লোকজনৰ ৷"

লগতে পঢ়ক : গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ জাকে নিদ্ৰা হৰিছে গঞাৰ: বিদ্যুৎস্পৃষ্ট হৈ গজৰাজৰ মৃত্য়ু