ETV Bharat / state

বিভিন্ন আঁচনিয়েও কিয় ৰোধ কৰিব পৰা নাই ড্ৰ'প আউট: উদ্বিগ্ন অসম চৰকাৰে অধ্যয়নৰ বাবে গঠন কৰিলে টীম

ড্ৰপ আউটে চিন্তাত পেলাইছে অসম চৰকাৰক । বহুমুখী আঁচনিয়েও ৰোধ কৰিব পৰা নাই ড্ৰপ-আউট ।

Why various schemes have not been able to prevent drop outs Assam government formed team to study
বিভিন্ন আঁচনিয়েও কিয় ৰোধ কৰিব পৰা নাই ড্ৰ'প আউট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 6:51 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম চৰকাৰে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণ কৰাৰ পাছতো ৰাজ্যখনত আধাতে বিদ্যালয় ত্যাগ কৰা তথা ড্ৰপ-আউটৰ সংখ্যা হ্ৰাস পোৱা নাই । এই প্ৰক্ৰিয়া পূৰ্বৰ দৰেই অব্যাহত আছে । ৰাজ্য চৰকাৰে স্ত্রী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে অৰ্থনৈতিক বাধা দূৰ কৰাৰ বাবে 'নিযুত মইনা' আঁচনিকে ধৰি শিক্ষাৰ্থীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে । যাতে কোনেও বিদ্যালয়লৈ যোৱাৰ ক্ষেত্রত কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয় ।

কিন্তু চৰকাৰে বহুকেইখন গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণ কৰাৰ পাছতো এই ড্ৰপ-আউটৰ হাৰ হ্ৰাস কৰিবলৈ সক্ষম হোৱা নাই । যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে । বিশেষকৈ অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ড্ৰপ-আউটৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে 'নিযুত মইনা' আঁচনি আৰম্ভ কৰিছিল । যাতে শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশত কোনো ধৰণৰ অৰ্থনৈতিক আৰু সামাজিক বাধা নাথাকে ।

Why various schemes have not been able to prevent drop outs Assam government formed team to study
অসম চৰকাৰৰ জাননী (ETV Bharat Assam)

শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে ড্ৰপ-আউটৰ কাৰণ সন্দৰ্ভত বিশদ অধ্যয়ন কৰাৰ বাবে এটা টীম গঠন কৰি দিছে । ড্ৰপ-আউটৰ সকলো দিশৰ ওপৰত দলটোৱে এটা বিশদ অধ্যয়ন কৰিব । দলটোৱে ড্ৰপ-আউট হোৱাৰ সম্ভাৱনা থকা পৰ্যায়সমূহ চিনাক্ত কৰাৰ লগতৰ শ্ৰেণীৰ দ্বাৰা বিভাজিত তথ্য, লিংগ, ভূগোল আৰু আৰ্থ-সামাজিক অৱস্থা আদি দিশসমূহ অধ্যয়ন কৰি ইয়াৰ আঁৰৰ মূল কাৰণসমূহৰ মূল্যায়ন কৰিব ।

বিস্তৃত অধ্যয়নৰ ভিত্তিত দলটোৱে এখন মূল্যায়ন প্ৰতিবেদন দাখিল কৰিব । লক্ষণীয় বিষয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত অধ্যয়ন কৰাৰ বাবে এই দলটো গঠন কৰা হৈছে । এই দলটোৰ প্ৰতিবেদনৰ ভিত্তিত অসম চৰকাৰে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব । দলটোৱে অধ্যয়ন চলাই ১৫ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব । বিদ্যালয় শিক্ষা বিভাগে গঠন কৰা দলটোত অধ্যক্ষ হিচাপে আছে বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱা । আন সদস্যসকল হৈছে ক্ৰমে খনীন্দ্ৰ দাস, টিটু গগৈ, দীপিকা চৌধুৰী, পিয়ানু বৰুৱা, অপৰাজিতা চৌধুৰী আৰু ইন্দ্ৰনাথ চেটাৰ্জী ।

চৰকাৰী বিদ্যালয়ত হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা :

অসমত বিদ্যালয়ৰ পৰা হঠাৎ অন্তৰ্ধান হৈছে ৬ লাখ ২৯৭ গৰাকী শিক্ষার্থী । ২০২৩ বৰ্ষত ‘ইউনিফাইড ডিষ্ট্রিক্ট ইনফর্মেশ্যন ছিষ্টেম ফর্ম এডুকেশ্যন প্লাছ'(ইউডাইছ) পৰ্টেলত অসমৰ প্ৰায় ৩২ লাখ শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন হৈছিল । কিন্তু ২০২৪ বৰ্ষত নাম পঞ্জীয়ন কৰাৰ সময়ত ৬,০০,২৯৭ গৰাকী শিক্ষাৰ্থীৰ নাম নোহোৱা হয় । উক্ত শিক্ষার্থীসকলে আধাতে বিদ্যালয় শিক্ষা এৰিছে নে তেওঁলোকৰ নাম ভুৱাকৈ পঞ্জীয়ন কৰা হৈছিল সেয়া এক ডাঙৰ প্ৰশ্ন ।

কিয়নো সমগ্র শিক্ষা বিভাগে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ নামত মধ্যাহ্ন ভোজনৰ পৰা আৰম্ভ কৰি ইউনিফৰ্মলৈকে সকলোতে ধন প্ৰদান কৰি আহিছে । আনহাতে আধাতে শিক্ষার্থীসকলে বিদ্যালয় এৰি গ'লেও সেয়া ৰাজ্যখনৰ বাবে অত্যন্ত উদ্বেগজনক কথা হ'ব । ইফালে এই সন্দৰ্ভত সমগ্ৰ শিক্ষা, অসমৰ মিছন সঞ্চালকে এডিচি, বিদ্যালয় পৰিদৰ্শক, এছ এছ এৰ জিলা মিছন সমন্বয়ক আৰু ডি ই ই অ'ৰ পৰা হিচাপহীন এই ছাত্র-ছাত্ৰীৰ তালিকা বিচাৰিছে ।

আনকি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ নাম কিয় পঞ্জীয়ন নহ'ল তাৰো কাৰণ জানিব বিচাৰিছে । লক্ষণীয় বিষয় যে ইউডাইছৰ তথ্য অনুসৰি ২০২২-২৩ চনৰ ভিতৰত ৰাজ্যখনৰ নিম্ন প্রাথমিক বিদ্যালয়ত গড় বাৰ্ষিক ড্রপ-আউটৰ অৰ্থাৎ আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ আছিল ৮.৪৯ শতাংশ ।

Why various schemes have not been able to prevent drop outs Assam government formed team to study
উচ্চ প্রাথমিক পৰ্যায়ত গড় বাৰ্ষিক ড্রপ-আউট (ETV Bharat Assam)

আনহাতে ২০২১-২২ চনত আছিল ৬.০২ শতাংশ, ২০১৯-২০ চনত আছিল ৪.৩ শতাংশ আৰু ২০১৮-১৯ চনত আছিল ৩.১ শতাংশ । ক্ৰমাৎ আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ বৃদ্ধি পাব ধৰিছে । একেদৰে উচ্চ প্রাথমিক পৰ্যায়ত ২০২২-২৩ চনত ড্রপ-আউটৰ হাৰ আছিল ১০.৩৩ শতাংশ আৰু ২০২১-২২ চনত ৮.৮১ শতাংশ ।

Why various schemes have not been able to prevent drop outs Assam government formed team to study
নিম্ন প্রাথমিক বিদ্যালয়ত গড় বাৰ্ষিক ড্রপ-আউট (ETV Bharat Assam)

ড্ৰ'প আউটৰ বিপৰীতে জ্যোতিকেন্দ্ৰৰ গুৰুত্ব :

অসমত আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টোৱে সচেতন মহলক চিন্তিত কৰি তুলিছে । এইখিনিতে উল্লেখ কৰিব পাৰি যে আধাতে বিদ্যালয় ত্যাগ কৰা নাইবা বিদ্যালয়লৈ নোযোৱা তথা বিভিন্ন কামত জড়িত হৈ থকা শিশুসকলক শিক্ষা প্ৰদান কৰাৰ বাবে অসমত ২০০৩ চনত জ্যোতিকেন্দ্ৰ স্থাপন কৰা হৈছিল । ২০০০ চনত ইউনিচেফে ১০০ টা কেন্দ্ৰৰ যোগেদি এই শিক্ষাদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ।

২০০৩ চনত সৰ্বশিক্ষা অভিযানৰ যোগেদি জ্যোতিকেন্দ্ৰসমূহ পৰিচালিত হয় । জ্যোতিকেন্দ্ৰসমূহত ঠিকাভিত্তিত শিক্ষামিত্র নিযুক্তি দিয়া হয় । প্ৰথম অৱস্থাত এই কেন্দ্ৰসমূহ সুন্দৰভাৱে পৰিচালিত হৈছিল যদিও পৰবৰ্তী সময়ত চৰকাৰী সদিচ্ছাৰ অভাৱত এই প্ৰক্ৰিয়াটোত নানান সমস্যাই দেখা দিয়ে ।

এই সন্দৰ্ভত সদৌ অসম জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মী সন্থাৰ সভানেত্রী মুনমুন চেতিয়াই কয় যে বৰ্তমান সময়ত অসমত ৬২৫ টা জ্যোতিকেন্দ্ৰ আছে আৰু ইয়াত নিয়োজিত হৈ আছে প্ৰায় ৬২৫ গৰাকী শিক্ষাকৰ্মী । এই শিক্ষাকৰ্মীসকলে মাহেকত দৰমহা হিচাপে লাভ কৰে মাত্র ৬,৫০০ টকা । তাকো নিয়মীয়া নহয় । তেওঁ জনোৱা মতে এতিয়ালৈকে ডেৰ লাখৰো অধিক শিশুক তেওঁলোকে শিক্ষা প্ৰদান কৰি শিক্ষাৰ মূলসূঁতিলৈ আনিবলৈ সক্ষম হৈছে ।

বিভিন্ন কাৰণত আধাতে বিদ্যালয় ত্যাগ কৰা নাইবা বিদ্যালয়লৈ নোযোৱা শিশুসকলক শিক্ষাদানৰ যোগেদি শিক্ষাৰ মূলধাৰালৈ অনাটো এটা নিয়মীয়া প্ৰক্ৰিয়া । কিন্তু এই প্ৰক্ৰিয়াটোক আগুৱাই নিয়াৰ বাবে চৰকাৰে সদিচ্ছা প্ৰকাশ নকৰাৰ বাবেই ড্ৰপ-আউটৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ: ৬ কংগ্ৰেছীক আটক আৰক্ষীৰ - GOLAGHAT CONGRESS WORKERS DETAINED

এয়া আকাশবাণী তেজপুৰ... এক ৰূপোৱালী যাত্ৰা - AIR TEZPUR