আশাহত মাজুলীবাসী, আধাতে সামৰিলে দলঙৰ কাম - Majuli Jorhat connecting bridge
Bridge to Majuli : সপোন সপোন হৈয় ৰ'ব নেকি মাজুলীবাসীৰ ? কেতিয়ালৈ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব যোৰহাট-মাজুলী সংযোগী দলঙৰ ? কিয় কাম আধাতে সামৰি টালি-টোপোলা বান্ধিলে দলং নিৰ্মাণত নিয়োজিত কৰ্মচাৰীয়ে ? পঢ়ক এই প্ৰতিবেদনত ।

Published : September 14, 2024 at 1:20 PM IST
মাজুলী, ১৪ ছেপ্টেম্বৰ: মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ সপোন আছিল যোৰহাট-মাজুলী সংযোগী এখন দলং হওক । কিয়নো মাজুলীৰ দক্ষিণ পাৰৰ লগত সংযোগৰ একমাত্ৰ সম্বল আছিল ফেৰী কেইখন । যাৰ ফলশ্ৰুতিত মাজুলীৰ দুই লক্ষ জনসাধাৰনে যোৰহাট-মাজুলী সংযোগী এখন দলংৰ দাবী কৰি আহিছিল । মাজুলীবাসীৰ এই সপোনক বাস্তৱ ৰূপ দিবলৈ ২০২১ চনৰ ২৯ নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীবাসীৰ সপোনৰ দলংখনৰ খুঁটাৰ কামৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল ।
এই দলংখনৰ ঠিকা লাভ কৰিছিল ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচনে । ৯২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই দলঙখনৰ দৈঘ্য ৮ কিলোমিটাৰ । দলঙখনৰ মুঠ খুঁটাৰ সংখ্যা ৭১ টা । ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেচনৰ পৰা এই দলংখনৰ নিৰ্মাণৰ কাম উপ ঠিকা হিচাপে লৈ ব্ৰদী ৰায় এণ্ড কোম্পানীয়ে দলঙৰ কাম কৰি আছিল । কিন্তু যুটীয়া নিৰ্মাণকাৰী সংস্থাৰ আভ্যন্তৰীণ কন্দলৰ বাবে যোৱা ৬ ছেপ্টেম্বৰ তাৰিখৰ পৰা বন্ধ হৈ আছে মাজুলী যোৰহাট সংযোগী দলঙৰ কাম ।
জানিব পৰা মতে, ইউ পি ষ্ট্ৰেট ব্ৰীজ কৰ্প'ৰেচন আৰু বি আৰ চি কোম্পানীৰ মাজত চলিছে অন্তঃকন্দল । আৰ্থিক বিষয়ক লৈ দুয়োটা কোম্পানীৰ মাজত চলিছে সংঘাত আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ এনে খাম-খেয়ালিৰ ফলতে বন্ধ হৈ পৰিছে নিৰ্মাণ কাৰ্য । দলং নিৰ্মাণস্থলীত এতিয়া বিৰাজ কৰিছে নিমাওমাও পৰিৱেশ ।
ইতিমধ্যে যন্ত্ৰাংশ, জেনেৰেটৰ আৰু নিৰ্মাণৰ সা-সামগ্ৰী লৈ উধাও হৈছে বি আৰ চি কোম্পানী । ৭১ টা খুঁটাৰ বিপৰীতে এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল ২২ খুঁটাৰ । সম্পূৰ্ণ ধন বিনিয়োগ কৰা বি আৰ চি কোম্পানীয়ে নিজৰ যন্ত্ৰাংশ, বয়-বস্তু আৰু শ্ৰমিক লৈ গৈছে নিৰ্মাণথলীৰ পৰা । দলং নিৰ্মাণৰ কাম বন্ধ হোৱাৰ লগে লগেই জাঙুৰ খাই উঠিছে মাজুলীৰ দল-সংগঠনৰ লগতে স্থানীয় লোক ।
মাজুলীৰ দাক্ষিণপাট গৃহাস্বমী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামী য়ে কয় মাজুলী যোৰহাট সংযোগী দলং এতিয়া নিৰ্বাচনী ইছ্যু হৈ পৰিছে । মাজুলীবাসীয়ে দলংখনক লৈ যি আশা কৰিছিল সেয়া আশাত আজিৰ তাৰিখত চেঁচাপানী পৰিছে বুলি মন্তব্য জনাৰ্দন দেৱ গোস্বামীৰ ।
তেওঁ লগতে কয়, "অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি কয় তাক কৰি দেখুৱাই গতিকে ২০২৬ ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীগৰাকীয়ে এই দলঙৰ ওপৰে গাড়ী লৈ মাজুলীলৈ আহি নিৰ্বাচন ৰ প্ৰচাৰ চলাম কৈছিল, সেয়া যেন প্ৰকৃততে হৈ উঠে ।"
ইফালে এগৰাকী স্থানীয় সচেতন ব্যক্তি সূৰ্য কুমাৰ ভূঞাই অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক গোটেই বিষয়টো ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান কৰে লগতে মাজুলীবাসীৰ এই সপোনৰ দলংখনৰ নিৰ্মাণত যাতে কোনো বাধা নাহে তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ।

