ETV Bharat / state

ফাগুনৰ প্ৰথমটো বুধবাৰক কিয় পৱিত্ৰ দিন বুলি গণ্য় কৰে মিচিং জনগোষ্ঠীয়ে ?

ফাগুন মানেই লৃগাঙৰ বতৰ । শিমলু, মদাৰে কঢ়িয়াই আনে আলি আয়ে লৃগাঙৰ বতৰা ।

Ali Ai Ligang celebrated in Jorhat
মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 19, 2025 at 2:49 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ফাগুনত আহিবা লৃগাং চাবলৈ / ৰঙা ৰিবি গাচেং গাতে ল'বলৈ । আজি মিচিং সকলৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং । ফাগুনৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰাৰ লগে লগে আৰম্ভ হ'ল কৃষি পৰ্ব । অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং সকলৰ বসন্ত উৎসৱ আলি আয়ে লৃগাং হৈছে শস্য বা কঠিয়া সিঁচাৰ আৰম্ভণি উৎসৱ । মিচিং ভাষাত আলি মানে শস্যৰ বীজ, আয়ে মানে ফল আৰু লৃগাং মানে উৎসৱ ।

মিচিং জনগোষ্ঠীটোৰ হেঁপাহৰ উৎসৱটিক লৈ সৰ্বত্ৰে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । গুমৰাগৰ লহৰ,ঐনিতমৰ সুৰত মুখৰিত ৰাজ্য় । ৰাজ্য়ৰ আন ঠাইৰ লগতে যোৰহাটৰ গড়মূৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে আলি আয়ে লৃগাং । লৃগাং উপলক্ষে গড়মূৰত বিৰাজ কৰিছে এক প্ৰাণচঞ্চল পৰিৱেশে । সহস্ৰাধিক যুৱক-যুৱতীয়ে নাচিছে গুমৰাগ । সমান্তৰালভাৱে ঐনিতমৰ সুৰেৰে মুখৰিত আকাশ-বতাহ ।

মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং (ETV Bharat Assam)

বুধবাৰৰ দিনটোক কিয় পবিত্ৰ দিন বুলি গণ্য় কৰে ?

এই দিনটোৰ তাৎপৰ্য বৰ্ণনা কৰি যোৰহাট মিচিং কেবাঙৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজীৱ মিচিঙে কয়," ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে আলি আয়ে লৃগাং পালন কৰে । কাৰণ আমাৰ এক জনবিশ্বাস আছে যে ফাগুনৰ প্ৰথমটো বুধবাৰে যদি কোনো মাংগলিক অনুষ্ঠান কৰো তেতিয়াহ'লে গোটেই বছৰটোৰ কাৰণে ভাল হয় ।"

Ali Ai Ligang celebrated in Jorhat
মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং (ETV Bharat Assam)

তেওঁ পুনৰ কয়," পূৰ্বপুৰুষ আৰু উপৰিপুৰুষ সকলে কৈ গৈছে আৰু দেখুৱাই গৈছে যে কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং কিয় পালন কৰিব লাগে । মিচিং জনগোষ্ঠীটো প্ৰধানঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল । যাতে গোটই বছৰটোৰ কাৰণে কৃষি কাৰ্যৰ বাবে ৰোপণ কৰা বীজসমূহ বেয়া নহয় আৰু ভগৱানে শক্তি দিয়ে তাৰ বাবে আমি প্ৰাৰ্থনা কৰো । সেয়েহে ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি মাংগলিক অনুষ্ঠানসমূহ কৰো । "

আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং । ফাগুন মাহ হ’ল বসন্তৰ আৰম্ভণি । কৃষিজীৱী মিচিংসকলৰ খেতি কৰাৰ বতৰ । আলি আয়ে লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি। সেয়েহে মিচিং জনগোষ্ঠীটোৱে আজি পৰম্পৰাগতভাৱে পালন কৰিলে আলি আয়ে লৃগাং ।

Ali Ai Ligang celebrated in Jorhat
মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং (ETV Bharat Assam)

লগতে পঢ়ক:ঐনিতম আৰু গুমৰাগৰ সুৰ-নৃত্যৰে গুঞ্জৰিত ৰাজ্য; আমগুৰিতো মিচিং জনগোষ্ঠীৰ আলি আঃয়ে লৃগাং উদযাপন - ALI AYE LIGANG AT AMGURI

ঐনিতমৰ সুৰৰে মুখৰিত গহপুৰৰ লৃগাংস্থলী - ALI AYE LIGANG 2025