ETV Bharat / state

কিহৰ বাবে হ্ৰাস পাইছে অসমৰ চাহৰ গুণগত মান ? - QUALITY OF ASSAM TEA DECLINING

অসমে ২০১৯ বৰ্ষত সৰ্বাধিক হাৰত চাহ উৎপাদন কৰিছিল । ইয়াৰ পিচত কিয় হ্ৰাস পালে উৎপাদন ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন-

Quality Of Assam Tea
অসমৰ চাহৰ গুণগত মান হ্ৰাস পোৱাৰ কাৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 23, 2025 at 10:25 PM IST

3 Min Read

যোৰহাট: অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগৰ ইতিহাস উত্থান-পতনৰে সমৃদ্ধ । বিগত সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত ফেৰ মাৰিব পাৰিছে অসমৰ চাহে । গুণগত চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ চাহৰ আছে সুনাম ।

ৰাজ্যৰ অথনৈতিক অৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এই চাহে গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে । ইয়াৰ পিচতো সময়ে সময়ে অসমৰ চাহৰ গুণগত মানৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে ? ইয়াৰ আঁৰত আছে বিভিন্ন কাৰণ । এই সন্দৰ্ভত কাৰণ ব্য়াখ্য়া কৰিলে ভাৰতীয় চাহ ব'ৰ্ড আৰু টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্য়ক্ষ প্ৰভাত বেজবৰুৱাই ।

অসমৰ চাহৰ গুণগত মান হ্ৰাস পোৱাৰ কাৰণ (ETV Bharat Assam)

ইটিভি ভাৰতৰ আগত এই বিষয়ে ব্য়াখ্য়া কৰি প্ৰভাত বেজবৰুৱাই কয়, "কীট-পতংগ-জলবায়ুৰ পৰিৱৰ্তনে অসমৰ চাহত গুণাগুণত প্ৰভাৱ পেলাইছে । অসমত উৎপাদিত ৬৫০ নিযুত কিলোগ্ৰাম চাহৰ ভিতৰত ১২০-১৩০ নিযুত কিলোগ্ৰাম চাহ বিদেশলৈ ৰপ্তানি হয় । বিশ্বত অসমৰ চাহৰ গুণাগুণৰ মান সদায় সুকীয়া আৰু অন্যান্য, কিন্তু জলবায়ুৰ পৰিৱৰ্তন আৰু কীট-পতংগৰ আক্ৰমণৰ বাবে অসমত উৎপাদিত চাহৰ গুণাগুণত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে" ৷

Quality Of Assam Tea
অসমৰ চাহৰ গুণগত মান হ্ৰাস পোৱাৰ কাৰণ (ETV Bharat Assam)

অসমৰ কিমান পৰিমানৰ চাহ ৰপ্তানি হয় ?

ভাৰতীয় চাহ ব'ৰ্ড আৰু টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্য়ক্ষ প্ৰভাত বেজবৰুৱাই এই সন্দৰ্ভত কয়, "ভাৰতবৰ্ষৰ ভিতৰত অসমে এককভাৱে ৫০ শতাংশতকৈ অধিক চাহ উৎপাদন কৰি আহিছে । এই উৎপাদিত চাহৰ ১২০-১৩০ নিযুত কিলোগ্ৰাম বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি হয় । অসমত সৰ্বমুঠ চাহ উৎপাদন হয় ৬৫০ নিযুত কিলোগ্ৰাম" ৷ ভাৰতীয় চাহ ব'ৰ্ড আৰু টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্য়ক্ষগৰাকীয়ে লগতে কয় যে, সমগ্ৰ বিশ্বতে জলবায়ুৰ পৰিৱৰ্তন হৈছে আৰু এই পৰিৱৰ্তনে বিশেষ বিশেষ ক্ষেত্ৰত প্ৰভাৱ পেলাইছে । উপ-হিমালয়ৰ পাদদেশত জলবায়ুৰ পৰিৱৰ্তনে বিশেষ প্ৰভাৱ পেলাইছে" ৷

কীট-পতংগৰ আক্ৰমণে চাহত প্ৰভাৱ পেলাইছে

অসমৰ চাহৰ কোষত বা পাতত বিভিন্ন অনিষ্টকাৰী কীট-পতংগৰ আক্ৰমণ পূৰ্বৰ তুলনাত অধিক হাৰত বৃদ্ধি পাইছে । ফলত এটি কলি দুটি পাতত আক্ৰমণ কৰে, বিশেষকৈ চাহৰ পাতৰ ৰস শোষণ কৰে । সেয়েহে কীট-পতংগ ধ্বংস কৰিবৰ বাবে মানুহে কীটনাশক ব্যৱহাৰ কৰিবলগা হৈছে । এই কীটনাশক দ্ৰব্য স্বাস্থ্য আৰু পৰিৱেশ আদিৰ বাবে বেয়া । সেয়েহে চাহৰ উৎপাদনৰ স্বাৰ্থত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিলেও বিপদ আৰু নকৰিলেও বিপদ । কীট-পতংগৰ আক্ৰমণৰ হাৰ অধিক হোৱা বাবে অসমৰ চাহৰ গুণাগুণৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে" ৷

তেওঁ পুনৰ কয়, "অসমে ২০১৯ বৰ্ষত সৰ্বাধিক হাৰত চাহ উৎপাদন কৰিছিল । ২০১৯ বৰ্ষৰ চাহ উৎপাদন ৰেকৰ্ড আমি পুনৰ অতিক্ৰম কৰিব পাৰিম যে সেয়া সন্দেহ আছে । ইয়াৰ পৰা ক'ব পাৰি যে অসমত চাহৰ উৎপাদন হ্ৰাস পাইছে" ৷

উল্লেখ্য যে, জলবায়ুৰ পৰিৱৰ্তন আৰু কীট-পতংগ আক্ৰমণে চাহৰ ক্ষেত্ৰখনত যে যথেষ্ট ক্ষতি কৰিব, সেয়া ভাৰতীয় চাহ ব'ৰ্ডৰ অধ্য়ক্ষগৰাকীৰ মন্তব্য়ত ইংগিত পোৱা গৈছে ।

লগতে পঢ়ক:চমকৰ মাজত আবদ্ধ চাহ শ্ৰমিক: নিগমৰ শ্ৰমিকে পোৱা নাই প্ৰাপ্য ২৯৮ কোটি - ASSAM TEA CORPORATION

ক'ত কেনেদৰে আছে মণিৰাম দেৱানৰ সমাধি ? - MANIRAM DEWAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.