ETV Bharat / state

অসম আৰু কেৰালাৰ পঞ্চায়ত ব্যৱস্থাৰ মাজত পাৰ্থক্য ক'ত ? - PANCHAYATI RAJ

গ্ৰামোন্নয়ন বিভাগে ৰূপায়ণ কৰা বেছিভাগ পঞ্চায়তৰ আঁচনিয়েই ব্যৰ্থ হয় কিয় ?

PNRD Department
Etv Bharat (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 28, 2025 at 7:03 PM IST

5 Min Read

ধেমাজি: এতিয়া ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ । শাসক-বিৰোধী আৰু নিৰ্দলীয় সকলোৱে পৃথকে পৃথকে ৰাইজক সেৱা কৰা প্ৰতিশ্ৰুতিৰ টোপোলা লৈ ভিৰ কৰিছেহি ভোটাৰসকলৰ ওচৰত । সকলোৰে উদ্দেশ্য এটাই- ভোটাৰ ৰাইজৰ মন জয় কৰা । সমান্তৰালভাৱে নিৰ্বাচনী সভাত প্ৰাৰ্থী, নেতা আৰু পালিনেতাৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ আৰু বোকা ছটিওৱাৰ ৰাজনীতি ।

পিছে অসমৰ গাওঁসমূহত পাঁচ বছৰীয়া কাৰ্যকালত চৰকাৰী আঁচনিসমূহ প্ৰকৃতাৰ্থত ৰূপায়ণ হয়নে ? গ্ৰামোন্নয়ন বিভাগে পঞ্চায়তৰ জনপ্ৰতিনিধিসকলৰ সৈতে মিলিত হৈ সূচাৰুৰূপে দায়িত্ব পালনত কিয় ব্যৰ্থ হয় ? অসমৰ তুলনাত কেৰালাৰ পঞ্চায়তীৰাজ ব্যৱস্থা কিয় ইমান নিখুঁত ? কিয় বিশ্বই কেৰালাৰ পৰা পঞ্চায়তীৰাজৰ ওপৰত শিক্ষা ল'বলৈ ঢাপলি মেলে ?

অসম আৰু কেৰালাৰ পঞ্চায়ত ব্যৱস্থাৰ মাজত পাৰ্থক্য ক'ত (ETV Bharat Assam)

পঞ্চায়ত নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে গ্ৰামোন্নয়ন বিভাগে ৰূপায়ণ কৰা পঞ্চায়তৰ আঁচনি আৰু ইয়াৰ আঁৰৰ ব্যৰ্থতা সম্পৰ্কত ই টিভি ভাৰতৰ আগত বিৱৰি ক’লে গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া নৰেন্দ্ৰ পাৱে ৷

কেৰালাত কিয় বিশ্বমুখী পঞ্চায়তৰাজ ব্যৱস্থা ? তাত কি শিক্ষা লৈছিল আৰু কি দেখিছিল ?

সমগ্ৰ বিশ্বই পঞ্চায়তীৰাজৰ ওপৰত শিক্ষা ল’বলৈ যায় কেৰালালৈ ৷ এইক্ষেত্ৰত অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয়- "ভাৰতৰ সংবিধানতে আছে local self government, আপোনালোক সকলোৱে জানে যে ভাৰতবৰ্ষত 82.90% মানুহ গাঁৱত বাস কৰে ৷ আমি গাঁৱৰ মানুহবিলাক কৃষিজীৱী ৷ গোটেই ভাৰতবৰ্ষত যদি চাই 40% মানুহ টাউনত থাকে ৷ এতিয়া গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত, মানুহৰ জীৱন-জীৱিকা উন্নয়নৰ ক্ষেত্ৰত পঞ্চায়তীৰাজ ব্যৱস্থাটোৰ ভূমিকা আছে ৷ এইটো কথা মই অভিজ্ঞতাৰ পৰা কৈছো । কেৰালাত টেইনিং লৈছিলো আৰু SIRD ৰ Principal হিচাপেও আছিলো ৷ কেৰালাত Export ত যাওঁতে আমি গম পালো পঞ্চায়তৰাজ ব্যৱস্থাটোৰ Global Recognition আছে ৷ গোটেই পৃথিৱীৰ পৰা মানুহ তালৈ ট্ৰেইনিং ল’বলৈ যায়, কিয় ? কেৰালাত যিটো গ্ৰাম সভা পদ্ধতি আছে, তেওঁলোকৰ প্লেনিংটোৱেই সাংঘাতিক ধৰণৰ । ৰিটায়াৰ্ড ইঞ্জিনীয়াৰ, ৰিটায়াৰ্ড আৰ্মী অফিচাৰ, ৰিটায়াৰ্ড শিক্ষক, সমাজকৰ্মী, স্বেচ্ছাসেৱী সংগঠন, লোকেল এম এল এ এই মানুহবিলাক একত্ৰিত হৈ গ্ৰাম সভা পাতি ক’ত কি কি আঁচনি ল’ব লাগে সোইটো নিৰ্ধাৰণ কৰে । তাত যদি তিনিমাহ একেৰাহে ৱাৰ্ড সদস্যই গ্ৰাম সভা নাপাতে, তেন্তে সদস্য পদটো স্বয়ংক্ৰিয়ভাৱে বৰ্খাস্ত হৈ যায় ৷" অৱসৰপ্ৰাপ্ত বিষয়া নৰেন্দ্ৰ পাৱে এনেদৰে কয় ।

অসমৰ পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন বিভাগত টকা শৰাধ কৰা মানসিকতাই গা কৰি উঠিছে কিয় ?

নৰেন্দ্ৰ পাৱে আৰু কয়- "আমাৰ অসমত ওলোটা ৷ মই কওঁ যে গাঁওসভা মাহে মাহে পাতিব লাগে । তেতিয়া ৰাইজে গম পাব ক’ত কি আঁচনি লৈছে ৷ কিন্তু পঞ্চায়ত নিৰ্বাচনৰ আগত দলীয় কৰ্মী আৰু বিষয়ববীয়াসকলে নীতি-নিয়ম নামানি অবিজ্ঞানসন্মতভাৱে এম জি এনৰেগা আদি আঁচনিৰ নামত লুণ্ঠন চলাইছে । পি এম ৱাই ঘৰ জিঅ’ ট্ৰেকিঙৰ নামত পলিটিকেলাইজ কৰি পেলাইছে ৷"

"পঞ্চায়তৰ প্ৰতিনিধিসকলক প্ৰশিক্ষণ দিবৰ বাবে বিশেষ সংস্থা আছে । লখিমপুৰ আৰু ধেমাজিত মই নিজে সেয়া আনিছো ৷ তেতিয়াৰ মুখ্য সচিব জ্যোতি ৰাজখোৱাক লগ ধৰি মই নিজেই আনিছিলো । লখিমপুৰ-ধেমাজি এইবোৰ ৰিম'ট এৰিয়া ৷ ইয়াত আমাৰ মানুহবিলাকে চৰকাৰী আঁচনিৰ বিষয়ে নাজানে ৷ গতিকে ইয়াত তেনেকুৱা এটা অনুষ্ঠান লাগে ৷ এই পঞ্চায়তীৰাজ চিষ্টেমৰ দ্বাৰা ৱাৰ্ড মেম্বাৰ, এ পি মেম্বাৰ, জিলা পৰিষদৰ মেম্বাৰক শিক্ষা দিয়া হয় ৷ পঞ্চায়তৰ চিষ্টেমত এজন ৱাৰ্ড মেম্বাৰে ৰাইজৰ উন্নয়নৰ বাবে কি কি কৰিব পাৰে বা কি কি কৰা উচিত ৷ অসমত পঞ্চায়ত আঁচনি ৰূপায়ণ কৰা নামত বদনাম হয় ৷ টকাবোৰ মিছইউজ কৰে প্ৰতিনিধিয়ে ৷ মিছইউজ হোৱাৰ কাৰণ হৈছে আমাৰ মানুহবিলাকে আঁচনিৰ বিষয়ে ভালকৈ নাজানে ৷ দ্বিতীয়তে মানুহৰ মানসিকতা ৷ মানসিকতা মানে হৈছে চৰকাৰী আঁচনিৰ ধন শৰাধ কৰা মানসিকতা মানুহবিলাকৰ থাকে ৷ মই কাকো ডাইৰেক্টলী নকওঁ ৷ প্ৰতিনিধিয়ে হওঁক, অফিচাৰেই হওঁক বা ৰাইজেই হওঁক সামূহিকভাৱে ৷" তেওঁ কয় । তেওঁ লগতে কয়, "পঞ্জাৱ, হাৰিয়ানা, অন্ধ্ৰ প্ৰদেশ বা কেৰালা আদিত পাব্লিকৰ মতেহে আঁচনি হয় ৷"

পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে সকলোৰে লগত মিলি কাম কৰিব লাগে

পঞ্চায়ত নিৰ্বাচনৰ পিছত নতুনকৈ দায়িত্ব ল’বলগীয়া প্ৰতিনিধিসকলক আহ্বান জনাই তেওঁ কয়- "মোৰ মেচেজটো থাকিব যিসকলক ৰাইজে আন্তৰিকতাৰে ভোট দিব সভাপতিয়ে হওঁক, ৱাৰ্ড মেম্বাৰে হওঁক বা জিলা পৰিষদৰ মেম্বাৰ হওঁক তেওঁলোকৰ প্ৰথম পদক্ষেপ হ’ব তেওঁলোক নম্ৰ হোৱা । দ্বিতীয়তে আঁচনিখনৰ গাইডলাইনত যি যি বস্তু লিপিবদ্ধ তাক প্ৰতিনিধিসকলে ৰাইজৰ লগত মিলি কেনেকৈ ৰূপায়ণ কৰিব লাগে সেইবোৰ সূক্ষ্মভাৱে অধ্যয়ন কৰি কাম কৰিলে সফল হ’ব ৷ মধ্যভোগীক জড়িত কৰিব নালাগে । ৰাইজে অংশগ্ৰহণ কৰিব লাগে ৷"

লগতে পঢ়ক: পাকিস্তানৰ সমর্থনত ফেচবুকত বিতৰ্কিত পোষ্ট দিয়া অধিবক্তাক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.