ETV Bharat / state

নাম-কীৰ্তন, মন্ত্ৰৰে মুখৰিত নিমাতীঘাটত ব্ৰহ্মপুত্ৰ বাবাক কিয় আগবঢ়োৱা হয় ভোগ ?

বিগত বছৰৰ দৰে এইবাৰো ব্ৰহ্মপুত্ৰ বাবালৈ মাজুলীৰ একাংশ লোকে আগবঢ়ালে ভোগ । ৩ বছৰে প্ৰচলিত এই ধৰ্মীয় ৰীতি-নীতিৰ আঁৰত কি আছে ?

Worship of Brahmaputra River
নিমাতীঘাটত ব্ৰহ্মপুত্ৰ বাবাক আগবঢ়োৱা হৈছে ভোগ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 11, 2025 at 4:17 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : যোৰহাট জিলাৰ নিমাতীঘাটত আধ্যাত্মিক পৰিৱেশ । পুৰোহিতৰ মন্ত্ৰৰে মুখৰিত হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ পাৰ । ভকতসকলেও নাম-কীৰ্তন কৰিছে । আপুনি হয়তো ভাবিছে এয়া কোনো পৰিয়ালৰ ব্যক্তিগত সকাম । কিন্তু এয়া আচলতে ব্ৰহ্মপুত্ৰ বাবাক সন্তুষ্ট কৰিবলৈ চলিছে পূজা অৰ্চনা আৰু নাম-কীৰ্তন । একেবাৰে শেষত ব্ৰহ্মপুত্ৰ বাবালৈ আগবঢ়োৱা হৈছে ভোগ । পুৰোহিত পানীত নামি ব্ৰহ্মপুত্ৰ বাবাৰ বাবে তৈয়াৰ কৰা ভোগ আগবঢ়াইছে । আচলতে ব্ৰহ্মপুত্ৰ নদীত ভোগ অৰ্পণৰ এই ধৰ্মীয় কাৰ্যকলাপৰ আঁৰত আছে মাজুলীৰ এগৰাকী ব্যক্তি আৰু আছে এক বেদনাদায়ক স্মৃতি ।

২০২১ চনৰ ৮ ছেপ্টেম্বৰৰ মৰ্মান্তিক ফেৰী দুৰ্ঘটনাৰ ঘটনা হয়তো আপোনাৰো মনত আছে । নিমাতীঘাটৰ পৰা মাজুলী অভিমুখী আৰু মাজুলীৰ পৰা যোৰহাট অভিমুখী দুখন ফেৰীৰ মুখামুখি সংঘৰ্ষ হৈছিল । এই ফেৰী দুৰ্ঘটনাত এগৰাকী চিকিৎসক, এগৰাকী অধ্যাপক আৰু এগৰাকী শিক্ষকৰ মৃত্যু হৈছিল । আনহাতে বহু যাত্ৰী গুৰুতৰভাৱে আহত হৈছিল । এই ঘটনাকলৈ আজিও মাজুলী আৰু যোৰহাটবাসী মৰ্মাহত ।

নিমাতীঘাটত ব্ৰহ্মপুত্ৰ বাবাক আগবঢ়োৱা হৈছে ভোগ (ETV Bharat)

অৱশ্যে এই ঘটনাক লৈ বিগত ৩ বছৰে একাংশ মাজুলীবাসীৰ মাজত এক লোকবিশ্বাস প্ৰচলিত হৈ আছে । দুৰ্ঘটনাটোৰ কিছুদিন পিছতে মাজুলীৰ ৮০ ঊৰ্ধ্বৰ পূৰ্ণ ভূঞা নামৰ এগৰাকী লোকে সপোনত ব্ৰহ্মপুত্ৰ বাবাক সন্তুষ্ট কৰিবলৈ ভোগ অৰ্পণ কৰা দেখিছিল । প্ৰথম অৱস্থাত বৃদ্ধজনে ইয়াক আওকাণ কৰিছিল । কিন্তু পিছত তেওঁ পুনৰ এদিন একেধৰণৰ সপোন দেখিছিল । তাৰ পিছতে নিমাতীঘাটৰ উক্ত স্থানত ব্ৰহ্মপুত্ৰ বাবালৈ ভোগ আগবঢ়োৱা হয় ।

বিগত ৩ বছৰ ধৰি মাজুলীৰ ভকত-বৈষ্ণৱৰ উপস্থিতিত ব্ৰহ্মপুত্ৰ বাবাক ভোগ আগবঢ়োৱা হয় । এইবাৰো ব্যতিক্ৰম হোৱা নাই । বৃহস্পতিবাৰে নিমাতীঘাটত মাজুলীৰ পৰা অহা ভকত-বৈষ্ণৱসহ একাংশ লোকে মিলি পূজা অৰ্চনা কৰাৰ লগতে নাম-কীৰ্তন কৰে । নাম-কীৰ্তনৰ অন্তত ব্ৰহ্মপুত্ৰ বাবালৈ ভোগ আগবঢ়োৱা হয় । লগতে ভৱিষ্যতে যাতে তেনে দুৰ্ঘটনা সংঘটিত নহয় আৰু যোৰহাট-মাজুলীৰ মাজত যোগাযোগ ব্যৱস্থা বাধা বিহীনভাৱে চলি থাকে তাৰ বাবে ব্ৰহ্মপুত্ৰ বাবাৰ ওচৰত প্ৰাৰ্থনাও কৰে ।

Worship of Brahmaputra River
নিমাতীঘাটত পূজা-অৰ্চনাৰ সমান্তৰালকৈ চলিছে নাম-কীৰ্তন (ETV Bharat)

এই সন্দৰ্ভত মাজুলীৰ পূৰ্ণ ভুঞা নামৰ বৃদ্ধজনে কয়, "মোক সপোনত এইবাৰ নহয় দুৱাৰকৈ নাও দুৰ্ঘটনা হোৱা স্থানত পুৰোহিতৰ জৰিয়তে পূজা কৰি ভোগ দিবলৈ সপোন দেখুৱাইছিল । তেতিয়াৰ পৰা ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰ বাবাক ভোগ দি আহিছো । ব্ৰহ্মপুত্ৰ বাবাক ভোগ দি আশীৰ্বাদ বিচাৰো যাতে ফেৰী চলাচলৰ সময়ত কোনো ধৰণৰ বাধা বিঘিনি নহয় ।"

অৱশ্যে বৰ্তমানৰ বিজ্ঞান-প্ৰযুক্তিৰ দিনত বহুতে এই ধৰণৰ কথাক বিশ্বাস কৰিবলৈ টান পায় । কিন্তু মাজুলীৰ একাংশ লোকে এই কথাকে বিশ্বাস কৰি ৩ বছৰে ব্ৰহ্মপুত্ৰক সন্তুষ্ট কৰাৰ প্ৰয়াস কৰি আহিছে ।

লগতে পঢ়ক :অসমৰ ক'ত আছে অপৰাধমুক্ত গাঁওখন, য'ত কণী এটাও হোৱা নাই চুৰি ! - NAGAON CRIME FREE VILLAGE