ETV Bharat / state

ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী; আমৰলি পৰুৱাৰ টোপ বিচাৰি ঘূৰিছে ডেকা-বুঢ়া - ASSAMESE TRADITIONAL FOOD

গৰু বিহুৰ দিনা খোৱা হয় ১০১ বা ১০৮বিধ শাক-বন ৷ লগতে খোৱা হয় আমৰলি পৰুৱা টোপ ৷ পিছে কিয় এইবোৰ খোৱা হয়, জানেনে বাৰু...

Villagers Celebrate Goru Bihu In Assam With Traditional Cattle Rituals
গৰু বিহুৰ বিশেষ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 14, 2025 at 2:08 PM IST

4 Min Read

ধেমাজি : আজি চহা অসমীয়াই পালন কৰিছে গৰু বিহু ৷ চ’ত আৰু ব’হাগৰ সংক্ৰান্তি দিনা পালন কৰা এই গৰু বিহু উপলক্ষে ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে পাৰভঙা উচাহ ৷ গৰু বিহু দিনা পৰম্পৰা খাদ্য হিচাপে বিশেষকৈ উজনী অসমত আমৰলি পৰুৱা টোপ খোৱা হয় । সেয়ে উৰুকাৰ বজাৰত ব্যৱসায়ীয়ে চৰা দামত বিক্ৰী কৰে এই আমৰলি পৰুৱা টোপ ৷

আনহাতে, গৰু বিহুৰ দিনা গ্ৰামাঞ্চলৰ বহুতে আমৰলি পৰুৱাৰ বাহৰ সন্ধানত পুৱাই ওলাই যায় ৷ যিহতু আমৰলি পৰুৱাই বাহ বান্ধে ওখ গছৰ ডালত ৷ সেয়ে ইয়াক সংগ্ৰহ কৰাটোও অত্যন্ত কষ্টকৰ কাম ৷ আমৰলি পৰুৱাৰ কামোৰত যথেষ্ট যন্ত্ৰণাভোগ হ’বলগীয়া পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় ৷

ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী (ETV Bharat Assam)

তৎসত্বেও প্ৰতিজন অসমীয়াই আজি আমৰলি পৰুৱাৰ টোপ সংগ্ৰহ কৰে ৷ লোকবিশ্বাস অনুসৰি, আজি দিনটোত আমৰলি পৰুৱা টোপ খালে বছৰটোলৈ নিৰোগী হৈ থাকে ৷ উচ্চ প্ৰটিনযুক্ত উৎকৃষ্ট খাদ্য হিচাপে বিবেচিত এই আমৰলি টোপে সু-স্বাস্থ্য অটুট ৰখাত সহায় কৰে ৷

Why Assamese people eat amrali parua tup in Goru bihu night
আজি চহা অসমীয়াই পালন কৰিছে গৰু বিহু (ETV Bharat Assam)

একেদৰে আজি দিনটোত লোক বিশ্বাস অনুসৰি প্ৰতিজন অসমীয়াৰ ঘৰৰ দুৱাৰ মুখত টিকনি বৰুৱা নামৰ এবিধ লতাজাতীয় কাঁইটীয়া শাকো আঁৰি দিয়া নিয়ম আছে ৷ তদুপৰি আজি দিনটোতে এশ এবিধ শাকেৰে ব্যঞ্জন ৰন্ধা উপৰিও আগদিনা ৰান্ধি থোৱা ঠাণ্ডা ভাতত পানী ঢালি খোৱা নিয়ম আছে ।

টিকনি বৰুৱা (ETV Bharat Assam)

এই পৰম্পৰা সম্পৰ্কত ধেমাজিৰ তুলসীবাৰী গাঁৱৰ লোকঔষধি চিকিৎসক দেৱকান্ত কোচে কয়, “আজি গৰু বিহু ৷ জনগোষ্ঠীৰ মাজত পৰম্পৰা চলি আহিছে যে আমৰলি পৰুৱা টোপ পাৰি খায় ৷ ইয়াৰ কথাটো হ’ল যে আমাৰ শৰীৰ বহু বিষাক্ত পদাৰ্থ (Toxin) আছে ৷ বিভিন্ন ধৰণৰ খাদ্য খাওঁতে এই দূষিত পদাৰ্থবোৰ শৰীৰত জমা হ’ব পাৰে । আমৰলি টোপত এবিধ এচিড থাকে ৷ সেয়ে আমৰলি পৰুৱা টোপ খালে শৰীৰত জমান হোৱা এচিডবোৰ নাশ হয় ৷ সেই এচিডৰ কাৰণে এবছৰলৈ শৰীৰটো ৰোগ মুক্ত হৈ থাকে ৷ এই কথাটো জনবিশ্বাস মতে চলি আহিছে আৰু ই বৈজ্ঞানিকভাৱেও সত্য ৷’’

‘‘দ্বিতীয় কথাটো হ’ল আজিৰ দিনটোতে বন শাক বা বন দৰৱ ১০১ বা ১০৮টা খোৱা হয় ৷ আমি জানো যে দ্ৰব্য গুণ বুলিলে প্ৰতিটো বন ঔষধিতে ৰাসায়নিক ক্ৰিয়া থাকে । যিটো দেহৰ বাবে প্ৰয়োজন ৷ এই সকলোবোৰ মিলাই চবজি হিচাপে খালে দেহৰ ৰোগ প্ৰতেৰোধ ক্ষমতা বৃদ্ধি পায় ৷’’

আমৰলি পৰুৱাৰ টোপ (ETV Bharat Assam)
  • গৰু বিহু দিনা টিকনি বৰুৱা কিয় দুৱাৰমুখত লগোৱা হয় ?

গৰু বিহুৰ সৈতে জড়িত থকা বিভিন্ন লোকবিশ্বাস আৰু পৰম্পৰাসমূহৰ ভিতৰত টিকনি বৰুৱা দুৱাৰমুখত লগোৱাটো হৈছে অন্যতম ৷ হাবি বা বাৰীৰ চুকত প্ৰাকৃতিভাৱে উপলব্ধ হোৱা এই টিকনি বৰুৱা নামৰ এবিধ কাঁইটীয়া লতা জাতীয় গছ সংগ্ৰহ কৰি ঘৰৰ দুৱাৰ মুখত লগোৱা হয় ৷

গৰু বিহু দিনা টিকনি বৰুৱা কিয় দুৱাৰমুখত লগোৱা হয় ? (ETV Bharat Assam)

এই পৰম্পৰা সন্দৰ্ভত দেৱকান্ত কোচে কয়, “টিকনি বৰুৱাৰ আছে যথেষ্ট ঔষধি গুণ ৷ লোকবিশ্বাস মতে গৰু বিহু দিনা ঘৰৰ দুৱাৰ মুখত টিকনি বৰুৱা এডাল লগালে বছৰটোৰ বাবে অপায়-অমংগল দূৰ হয় আৰু বিভিন্ন অপশক্তি বা নিগেটিভ শক্তিয়ে ঘৰখনক ক্ষতি কৰিব নোৱাৰে ৷ তাৰ বাবে এই পৰম্পৰা চলি আহিছে ৷’’

মুঠৰ ওপৰত ব’হাগ বিহু তথা গৰু বিহু দিনাৰ সৈতে সম্পৰ্ক আছে কেতবোৰ পৰম্পৰা আৰু লোকবিশ্বাস । যিহতু এতিয়াৰে পৰা বতৰ সলনি হৈ গ্ৰীষ্ম আৰম্ভ হ’ব, সেয়ে স্বাস্থ্য প্ৰতি সজাগ সচেতন আৰু প্ৰকৃতিৰ প্ৰতিকূল বতৰৰ সৈতে সহাৱস্থান কৰা উদ্দেশ্যতে লুকাই আছে এই পৰম্পৰা আৰু লোকবিশ্বাস ।

লগতে পঢ়ক : আজি গৰু বিহু; উৰুকাৰ পিছদিনা পুৱাই কিয় ঘৰৰ গো-ধনকেইটাক নোওৱা হয়, জানেনে ?

লগতে পঢ়ক : গৰু বিহুৰ দিনা কিয় নাহৰৰ পাতত মন্ত্র লিখি ঘৰৰ চালত গুজি দিয়া হয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.